Manipur: মণিপুৰত হিংসাৰ দাবানল! ২৩জনক গ্ৰেপ্তাৰ, ৭খন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

Manipur Violence: আকৌ এবাৰ হিংসাৰ জুইত জ্বলি উঠিছে মণিপুৰ। পুনৰ উত্তেজনাপূৰ্ণ হৈ পৰিছে মণিপুৰ পৰিস্থিতি । ইম্ফলৰ মন্ত্ৰী-বিধায়কসকলৰ ঘৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। অগ্নিসংযোগ কৰে তেওঁলোকৰ বাহনত। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে নিৰাপত্তা বাহিনীয়ে । সমগ্ৰ অঞ্চলটোত মোতায়েন কৰা হৈছে নিৰাপত্তা বাহিনী। কিন্তু কিহৰ বাবে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ?

Manipur: মণিপুৰত হিংসাৰ দাবানল! ২৩জনক গ্ৰেপ্তাৰ, ৭খন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

পুনৰ অগ্নিগৰ্ভা হৈ পৰিছে মণিপুৰ!

Updated On: 

17 Nov 2024 11:33 AM

Manipur Violence:  আকৌ এবাৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ। ৰাজধানী ইম্ফলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত বহুতো অঞ্চলত কাৰফিউ জাৰি কৰা হৈছে। উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭খন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। তিনিগৰাকী মন্ত্ৰী, ৬গৰাকীকৈ বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। বাহনসমূহতো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী।

মণিপুৰ আৰক্ষীয়ে কোৱা অনুসৰি ক্ষুব্ধ জনতাই ৰাজ্যখনৰ মন্ত্ৰী-বিধায়কসহ জনপ্ৰতিনিধিসকলৰ ঘৰ আৰু সম্পত্তিক লক্ষ্য কৰি লৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে নিৰাপত্তা বাহিনীয়ে। নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ ইম্ফলত সেনা আৰু অসম ৰাইফলছৰ জোৱান মোতায়েন কৰা হৈছে। উলিওৱা হৈছে ফ্লেগমাৰ্ছ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৮জন লোক আহত হয়।

এতিয়ালৈকে ২৩জনক গ্ৰেপ্তাৰ, ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ

বাসগৃহ ধ্বংস আৰু অগ্নিসংযোগৰ ঘটনাত জড়িত থকা অভিযোগত ২৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাৰ পৰা এইসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে।তেওঁলোকৰ পৰা ৩২টা পিষ্টল, এছবিবিএলৰ ০৭ ৰাউণ্ড, ৮টা মোবাইল ফোন জব্দ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে চহৰখনত সম্পূৰ্ণ কাৰফিউ জাৰি কৰা হৈছে। ২ দিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল সেৱা স্থগিত ৰখা হৈছে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এছএছপি/চিওক নিয়োজিত কৰা হৈছে। ২৪ ঘণ্টাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে জ্যেষ্ঠ বিষয়াসকলে।

লগতে পঢ়ক:  কেতিয়া শান্ত হ’ব মণিপুৰ ? প্ৰতিবাদকাৰীৰ লক্ষ্যত মন্ত্ৰী-বিধায়কৰ ঘৰ…

কিহৰ বাবে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে?

জিৰি নদীৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰ পৰা উত্তপ্ত হৈ পৰিছে মণিপুৰ। ক্ষুব্ধ লোকসকল মন্ত্ৰীৰ ঘৰত উপস্থিত হৈছিল যদিও মন্ত্ৰীজন ৰাজ্যখনত নাই বুলি জানিব পাৰিছিল লোকসকলে।ইয়াৰ পিছত ক্ষুব্ধ লোকসকলে ঘৰ লুটপাত কৰি তেওঁলোকৰ সম্পত্তিত অগ্নিসংযোগ কৰে। শনিবাৰে দিনটোত ইম্ফলৰ বিভিন্ন প্ৰান্তত শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।ইম্ফলত হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অভিযুক্তজনক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ক্ষুব্ধ লোকসকলে।

উল্লেখ্য যে,জিৰিবামৰ বৰাক নদীৰ পৰা শনিবাৰে নিৰুদ্দেশ হৈ থকা দুগৰাকী মহিলা আৰু এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়। মণিপুৰৰ জিৰিবাম জিলাৰ পৰা শিশুকে ধৰি উদ্ধাৰ হোৱা লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ মাজতে মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাক ‘আমনিদায়ক’ বুলি অভিহিত কৰিছে বিৰোধী দলপতি গৰাকীয়ে । ইয়াৰ লগতে লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: শান্তি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণৰ আহ্বান ৰাহুল গান্ধীৰ…

১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?