মছজিদৰ ঠাইত আছিল মন্দিৰ ! উত্তৰ প্ৰদেশৰ চম্ভলত সংঘটিত হিংসাত্মক ঘটনাৰ কাৰণ কি ?
প্ৰকৃতে কি হৈছিল উত্তৰ প্ৰদেশৰ সম্ভল জিলাত ? এটা মছজিদৰ জৰীপক লৈ উত্তৰ প্ৰদেশৰ চম্ভল জিলাত যোৱা দেওবাৰে সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । সূত্ৰ খবৰ অনুসৰি মছজিদৰ জৰীপৰ বিৰোধীতা কৰি একাংশ স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ।
উত্তৰ প্ৰদেশৰ সম্ভলত মছজিদৰ জৰীপক লৈ সংঘটিত হিংসাত্মক ঘটনাৰ ফলত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ লগতে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। দেওবাৰে দিনটোত প্ৰকৃতে কি হৈছিল উত্তৰ প্ৰদেশৰ সম্ভল জিলাত ? এটা মছজিদৰ জৰীপক লৈ উত্তৰ প্ৰদেশৰ সম্ভল জিলাত যোৱা দেওবাৰে সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । সূত্ৰ খবৰ অনুসৰি মছজিদৰ জৰীপৰ বিৰোধীতা কৰি একাংশ স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী । জানিব পৰা মতে, এই প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিত কমেও চাৰি নিহত হোৱা বুলি খবৰ লাভ কৰা যায় ।
সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰথমতে অভিযোগ উত্থাপন হৈছিল যে, মোগলে ৰাজ্যখনৰ সম্ভল জিলাৰ এটা মন্দিৰ ভাঙি এটা মছজিদ স্থাপন কৰিছিল । সেই অভিযোগৰ ভিত্তিতে আদালতৰ নিৰ্দেশ অনুসৰি মছজিদৰ জৰীপৰ কাম আৰম্ভ কৰা হৈছিল । দেওবাৰে দিনটোত যেতিয়া জৰীপকাৰী দল শ্বাহী জামা মছজিদত উপস্থিত হয় সেই সময়তে শতাধিক প্ৰতিবাদকাৰীয়ে সমবেত হৈ এই পদক্ষেপৰ বিৰোধিতা কৰে।
নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ
জানিব পৰা মতে, একাংশ প্ৰতিবাদকাৰীয়ে জৰীপৰ দলটোক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে । ইয়াৰ পাছতে পৰিস্থিতি হিংসাত্মক হৈ পৰে । সূত্ৰই জানিবলৈ দিয়া মতে, যেতিয়া পৰিস্থিতি হিংসাত্মক হৈ পৰে তেতিয়াই নিৰাপত্তাৰক্ষীৰ বৃহৎ দল সেই স্থানত নিয়োগ কৰা হৈছিল । জানিব পৰা মতে, আৰক্ষীৰ সৈতেও প্ৰতিবাদকাৰী সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষত কমেও চাৰিজন লোক নিহত হয় ।
সূত্ৰ খবৰ অনুসৰি, আৰক্ষীয়ে লোককেইজনৰ মৃত্যু নিশ্চিত কৰিছে যদিও বৰ্তমানলৈকে ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰা নাই। আৰক্ষীৰ গুলীত এই লোক কেইজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে যদিও আৰক্ষীয়ে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব। ইফালে এই ঘটনাত প্ৰায় ২০ জন আৰক্ষীৰ জোৱান আহত হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
কেনেকৈ হিংসাত্মক হৈ পৰিছিল পৰিস্থিতি ?
এটা হিন্দু মন্দিৰৰ স্থানত এটা জামা মছজিদ নিৰ্মাণ কৰাৰ অভিযোগত হিন্দু গোটে আদালতত দাখিল কৰাৰ আবেদনৰ ভিত্তিত মছজিদটোৰ জৰীপ চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল আদালতে । সেই নিৰ্দেশমৰ্মে দেওবাৰে পুৱা প্ৰায় ৭.৩০ বজাত অধিবক্তা আয়ুক্তৰ নেতৃত্বত এটা দলে মছজিদটোৰ জৰীপৰ কাম আৰম্ভ কৰে । যেতিয়া জৰীপৰ কাম আৰম্ভ কৰিছিল সেই সময়তে শতাধিক স্থানীয় লোকে মছজিদৰ ওচৰত সমবেত হৈ জৰীপৰ বিৰোধিতা কৰে ।
সূত্ৰ খবৰ অনুসৰি, প্ৰথম অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণত আছিল যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়াৱহ হ’বলৈ ধৰে । জৰীপৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষী আৰু জৰীপৰ দলটোলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । ইয়াৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে ।
এই পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰী মাজৰে একাংশ লোকে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰাৰ বুলি অভিযোগ উত্থাপন হয় । পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি জিলাখনত ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়া হয় । ইফালে এই ঘটনাত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০ জন আৰক্ষীৰ জোৱান আহত হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৩ গৰাকী মহিলা সহ ১৫ জন লোকক আটক কৰা খবৰো লাভ কৰা যায়…।