ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ ‘শাস্তি’ ! বিজেপিৰ সংখ্যালঘু নেতাৰ ঘৰত অগ্নিসংযোগ ক্ষুব্ধ লোকৰ…

ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে এগৰাকী বিজেপিৰ সংখ্যালঘু নেতাৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে । প্ৰকাশিত খবৰ অনুসৰি, বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তয় ।

ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ শাস্তি ! বিজেপিৰ সংখ্যালঘু নেতাৰ ঘৰত অগ্নিসংযোগ ক্ষুব্ধ লোকৰ...

বিজেপিৰ সংখ্যালঘু নেতাৰ ঘৰত অগ্নিসংযোগ

Updated On: 

07 Apr 2025 10:44 AM

মণিপুৰৰ পৰা আন এক  চাঞ্চল্যকৰ খবৰ লাভ কৰা গৈছে । ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে এগৰাকী বিজেপিৰ সংখ্যালঘু নেতাৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে । প্ৰকাশিত খবৰ অনুসৰি, বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তয় । দেওবাৰে একাংশ ক্ষুব্ধ লোকে মণিপুৰৰ ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতি আছকাৰ আলী মাকমায়ুমৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে পিছত অগ্নিসংযোগ কৰে বুলি জানিব পৰা গৈছে ।

বিজেপিৰ নেতাগৰাকীৰ ঘৰ মণিপুৰৰ থৌবাল জিলাত আছিল । প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে বিয়লি ক্ষুব্ধ একাংশ লোকে বিজেপি নেতাগৰাকীৰ ঘৰত আক্ৰমণ কৰে । ইয়াৰ লগতে ঘৰটোৰ সম্পত্তি ভাঙি লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে। খিৰিকীৰ কাঁচ ভাঙি ঘৰটোত অগ্নিসংযোগ কৰে দুৰ্বৃত্তয় । অভিযোগ উত্থাপন হৈছে যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকক অৱগত কৰা হয়, যদিও তেওঁলোকক ঘটনাস্থলীত উপস্থিত হোৱাত বাধা দিয়া হয়। পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।

অভিযোগ অনুসৰি, আছকাৰ আলীয়ে ৱাকফ সংশোধনী আইনক সমৰ্থন কৰিছিল আৰু আইনখনৰ বিৰোধিতা কৰাসকলকসৈ কটু আৰু পৰস্পৰ বিৰোধী মন্তব্য কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ক্ষুব্ধ লোকে বিজেপি নেতাগৰাকীৰ ঘৰত অগ্নিসংযোগ কৰে ।

আক্ৰমণৰ পিছত আছকাৰ আলীয়ে ক্ষমা বিচাৰি কেন্দ্ৰক আইন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। ফেচবুক পোষ্টত নেতাগৰাকীয়ে ৱাকফ সংশোধনী আইনক ৰাজনীতিকৰণ নকৰিবলৈ আবেদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ, সংখ্যালঘু উন্নয়ন মন্ত্ৰী কিৰেন ৰিজিজুকো টেগ কৰি ফেচবুক পোষ্ট কৰে নেতাগৰাকীয়ে । ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে লগতে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে জানক :  April 7 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে