Manipur Violence : জিৰিবামত উগ্ৰপন্থীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত পাঁচজন সন্ধানহীন, আজি পুৱা দুজনৰ মৃতদেহ উদ্ধাৰ…
সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ যিটো স্থানত সন্দেহযুক্ত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেই স্থানতে দুজন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে কেইজনো লোক নিৰুদ্দেশ হৈ থকা খবৰ লাভ কৰা গৈছিল ।
জিৰিবামৰ সন্দেহযুক্ত উগ্ৰপন্থীৰে নিৰাপত্তাৰক্ষীৰ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ স্থানত মঙলবাৰে পুৱা দুজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ যিটো স্থানত সন্দেহযুক্ত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেই স্থানতে দুজন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
এই ঘটনা সংঘটিত হোৱাৰ পাছতে কেইজনো লোক নিৰুদ্দেশ হৈ থকা খবৰ লাভ কৰা গৈছিল । আজি পুৱা ভাগত সেই স্থানত উদ্ধাৰ অভিযান চলোৱা হয় আৰু বৃদ্ধ লোক কেইজনৰ মৃতদেহ উদ্ধাৰ হয় । জাকুৰাধৰ কাৰোং অঞ্চলত লাইশ্ৰম বালেন আৰু মাইবাম কেশৰ নামৰ দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতদেহ উদ্ধাৰ হোৱা স্থানত সোমবাৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে দুখনমান দোকানত অগ্নি সংযোগ কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
জিৰিবাম আৰক্ষীয়ে সদৰী কৰা মতে, সোমবাৰৰ ঘটনাৰ পাছতে পাঁচজন লোক নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰা গৈছিল । ইতিমধ্যে সেই স্থানত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ।
ইফালে জিৰিবাম জিলা প্ৰশাসনে অঞ্চলটোত যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰা স্বাৰ্থত একাধিক নিষেধাজ্ঞা জাৰি কৰিছে । নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্দেহযুক্ত বিদ্ৰোহীক হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰে পুৱা ৫ বজাৰ পৰা পাহাৰৰ কুকি-জো জনবসতি অঞ্চল বন্ধ হৈ পৰা দেখা গৈছে।
কুকি-জো কাউন্সিলে মঙলবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈ ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত সম্পূৰ্ণ বন্ধ আহ্বান জনোৱাৰ লগতে সোমবাৰৰ সংঘৰ্ষৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । সোমবাৰে জিৰিবাম জিলাৰ এখন আৰক্ষী থানা আৰু কাষৰীয়া চি আৰ পি এফ শিবিৰত ছদ্মবেশ পোছাক পৰিহিত বিদ্ৰোহীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ সংঘটিত হৈছিল । এই ঘটনাত ১১ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয় । এই ঘটনাত চি আৰ পি এফৰ দুজন জোৱানো আহত হয় । ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা যায় ।