কোহলী প্ৰেমে খুৱালে জেলৰ ভাতঃ এতিয়াও দূৰ হোৱা নাই শংকা, চিন্তিত ঋতুপৰ্ণৰ পৰিয়াল

আই পি এলৰ প্ৰথমখন মেচত কোহলীয়ে বেটিং কৰি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰি এগৰাকী যুৱকে স্পৰ্শ কৰিছিল বিৰাট কোহলীৰ দুভৰি। পিছে ইয়াৰ ফলত আইনী সমস্যাত পৰিছিল যুৱকজন। আদালতত ইতিমধ্যে জামিন লাভ কৰিলেও পিছে চিন্তা দূৰ হোৱা নাই পৰিয়ালটোৰ।

কোহলী প্ৰেমে খুৱালে জেলৰ ভাতঃ এতিয়াও দূৰ হোৱা নাই শংকা, চিন্তিত ঋতুপৰ্ণৰ পৰিয়াল

কোহলীৰ অনুৰাগী ঋতুপৰ্ণ

Published: 

27 Mar 2025 22:20 PM

আই পি এল ২০২৫ৰ আৰম্ভণিৰ দিনটোতে খেলপথাৰত দেখিবলৈ পোৱা গৈছিল এক বিশেষ দৃশ্য। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হোৱা ছিজনৰ প্ৰথমখন মেচত বাংগালুৰুৰ হৈ কোহলীয়ে বেটিং কৰি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰিছিল এগৰাকী যুৱকে। খেলপথাৰত প্ৰৱেশ কৰি যুৱকজনে স্পৰ্শ কৰিছিল বিৰাট কোহলীৰ দুভৰি। পিছে প্ৰিয় তাৰকাগৰাকীৰ প্ৰতি এই ভালপোৱা তথা সন্মান প্ৰদৰ্শন কৰিবলৈ গৈ বিপদত পৰিছিল যুৱকজন, পৰিছিল আইনী সমস্যাত।

বিৰাট কোহলীৰ ভৰি স্পৰ্শ কৰি নিশাটোৰ ভিতৰতে শিৰোনাম দখল কৰিছিল ঋতুপৰ্ণ নামৰ এই যুৱকজনে। এনে কাৰ্যৰ বাবে ঋতুপৰ্ণক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত নিজ গৃ্হলৈ উভতিছে ঋতুপৰ্ণ। কিন্তু ঘৰলৈ উভতাৰ পিছতো চিন্তা দূৰ হোৱা নাই যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ। জামিন লাভ কৰিলেও এতিয়া এই গোচৰটোত কেনে শাস্তিৰ সন্মুখীন হ’ব পাৰে, সেই লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো।

উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ঋতুপৰ্ণ। কিন্তু এই বয়সতে আইনী জটিলতাৰ সন্মুখীন হোৱাৰ পিছত তেওঁৰ ভৱিষ্যতক লৈ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। ভগৱান জ্ঞান কৰা কোহলীক সাৱটি ধৰাৰ আনন্দত ঋতুপৰ্ণ এতিয়াও আপ্লুত হৈ আছে। কিন্তু আৰক্ষীয়ে দাখিল কৰা গোচৰক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পৰিয়ালটো। ঋতুপৰ্ণৰ ঘৰ পূৱ বুৰ্ডৱানৰ জামালপুৰৰ এখন গাঁৱত। আৰ্থিকভাৱে সুস্থিৰ নহয় তেওঁৰ পৰিয়ালটো।

ঋতুপৰ্ণৰ পিতৃ বাবা মহাদেৱে সামান্য পৰিমাণৰ মাটিত খেতি কৰাৰ লগতে অঞ্চলটোত তেওঁৰ ফলৰ দোকান এখনো আছে। ঋতুপৰ্ণৰ মাতৃ কাকলি দেৱী এগৰাকী আশা কৰ্মী। আনহাতে কলা বিভাগৰ ছাত্ৰ ঋতুপৰ্ণই শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিল। সৰুৰে পৰা ক্ৰিকেট খেলাৰ প্ৰতি আগ্ৰহী ঋতুপৰ্ণ। তেওঁ প্ৰথমে জামালপুৰৰ নেতাজী এথলেটিক ক্লাবৰ খেলপথাৰলৈ গৈ এজন প্ৰশিক্ষকৰ পৰা ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে।

বৰ্তমান তেওঁ কলকাতাৰ বেলেঘাটা স্প’ৰ্টিং ক্লাবত ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত কৰি যোৱা শনিবাৰে আই পি এলৰ উদ্বোধনী মেচ চাবলৈ ঋতুপৰ্ণ ইডেন গাৰ্ডেনলৈ গৈছিল। তেওঁৰ মাতৃৰ ভাষাত, বিৰাট কোহলী স্বচক্ষুৰে খেলপথাৰত দেখি ঋতুপৰ্ণই আৰু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু দৰ্শকৰ আসনৰ পৰা ওলাই তাঁৰৰ বেৰৰ ওপৰেৰে জপিয়াই খেলপথাৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছতে বিৰাট কোহলীৰ ওচৰলৈ দৌৰি গৈ ঋতুপৰ্ণই কোহলীৰ ভৰিত পৰি সেৱা জনায়। ঋতুপৰ্ণৰ বাবে এয়া এক বৃ্হৎ কৃতিত্ব বুলিও তেওঁৰ মাতৃয়ে লগতে কয়। ঋতুপৰ্ণৰৰ ভগ্নীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জামিন পোৱাৰ পিছতো গোচৰ চলি থকা বাবে তেওঁলোকৰ পৰিয়াল চিন্তিত হৈ আছে। পৰিয়ালৰ এই চিন্তাৰ পিছতো কিন্তু ঋতুপৰ্ণৰ মনত নাই কোনো ভয়। ভগৱান জ্ঞান কৰা কোহলীক আলিঙ্গন কৰাৰ সময়ত ঋতুপৰ্ণাই আকাশ নীলা ৰঙৰ চাৰ্ট পিন্ধি আছিল।

সেই কপাহী চাৰ্টটোৰ মূল্য এতিয়া ঋতুপৰ্ণৰ বাবে অসীম হৈ পৰিছে। গোটেই জীৱন এই চাৰ্টটো আঁকোৱালি ৰাখিব বুলি উল্লেখ কৰে ঋতুপৰ্ণই। তেওঁ লগতে শনিবাৰে কোনো অপৰাধমূলক উদ্দেশ্য লৈ খেলপথাৰত প্ৰৱেশ কৰা নাছিল আৰু কেৱল তেওঁৰ বাবে ভগৱানস্বৰূপ বিৰাট কোহলীৰ পৰা আশীৰ্বাদ বিচাৰি খেলপথাৰত প্ৰৱেশ কৰা বুলি সাধাৰণভাৱে কয়। ঋতুপৰ্ণই লগতে বিৰাট কোহলীৰ লগতে আৰক্ষী আৰু ন্যায়াধীশে তেওঁক ক্ষমা কৰি গোচৰটো নিষ্পত্তি কৰিব বুলি আশা প্ৰকাশ কৰে।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...