5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

virender sehwag: ৰাজনীতিলৈ বীৰেন্দ্ৰ ছেহৱাগ! কোনটো দলত যোগদান কৰিব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে…

virender sehwag: প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহবাগ বৰ্তমান চৰ্চাত আছে। একাংশই দাবী কৰিছে যে অতি শীঘ্ৰেই তেওঁ শীঘ্ৰেই এটা দলত যোগদান কৰিব। ইতিমধ্যে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ প্ৰচাৰ অভিযান চলাইছে।

virender sehwag: ৰাজনীতিলৈ বীৰেন্দ্ৰ ছেহৱাগ! কোনটো দলত যোগদান কৰিব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে…
বীৰেন্দ্ৰ ছেহবাগ
barasha-sarma
Barasha Sarma | Updated On: 26 Sep 2024 12:26 PM

ক্ৰিকেটৰ পাছত এইবাৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ! প্ৰাক্তন খেলুৱৈগৰাকী সন্দৰ্ভত দাবী কৰা হৈছে যে খেলৰ পাছত এইবাৰ তেওঁ ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। কিয়নো প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে হাৰিয়ানাৰ টোছাম বিধানসভাৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়োৱা অনিৰুদ্ধ চৌধুৰীৰ হৈ ভোট বিচাৰিছে। এইগৰাকী প্ৰাৰ্থীৰ ক্ৰিকেটৰ লগত আছে পুৰণি সম্পৰ্ক। বিচিচিআইৰ কোষাধ্যক্ষ হিচাপে কাম কৰিছিল অনিৰুদ্ধই।এতিয়া এইগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে প্ৰশ্ন হৈছে ছেহৱাগেও যোগদান কৰিব নেকি কংগ্ৰেছত?

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। একাংশই দাবী কৰিছে যে এই ভিডিঅ’টোত ছেহৱাগে অনিৰুদ্ধ চৌধুৰীক সমৰ্থন কৰিছে। ইনষ্টাগ্ৰামত বীৰেন্দ্ৰ ছেহৱাহে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে অনিৰুদ্ধ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ। এই ভিডিঅ’ত ট্ৰেক্টৰৰ বিশাল ৰেলীও দেখিবলৈ পোৱা হৈছে। যাৰ বাবে একাংশই সন্দেহ কৰিছে যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰিব।

 

অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কংগ্ৰেছত যোগদান কৰিব নে নাই সেই সন্দৰ্ভত তেওঁ এতিয়াও স্পষ্টীকৰণ দিয়া নাই। ইয়াৰোপৰি ভাইৰেল হোৱা ভিডিঅ’টো প্ৰকৃততে বীৰেন্দ্ৰ ছেহৱাগৰ একাউন্টৰ পৰা শ্বেয়াৰ হৈছে নে নাই তাৰো কোনো স্পষ্টতা নাই। গতিকে এই দাবী সন্দৰ্ভত বীৰেন্দ্ৰ ছেহৱাগে কি কয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। ইয়াৰ পূৰ্বে বহু ক্ৰিকেটাৰে ৰাজনীতিত অংশ গ্ৰহণ কৰিছে। গতিকে বীৰেন্দ্ৰকো এতিয়া দেখিবলৈ পোৱা যাব নেকি কংগ্ৰেছৰ মজিয়াত তাক লৈ বহু চৰ্চা চলিছে।

উল্লেখ্য যে, বীৰেন্দ্ৰ ছেহৱাগে আন্তৰাষ্ট্ৰীয় কেৰিয়াৰত ১০৪ খন টেষ্ট, ২৫১ ৱান ডে, ১৯ খন টি- ২০ খেলিছে। টেষ্টৰ ১৮০ টা ইনিংছত তেওঁ ৪৯.৩৪ গড়ে ৮৫৮৬ ৰান সংগ্ৰহ কৰিছে।এই সময়ত তেওঁ ২৩ টা শতক আৰু ৩২ টা অৰ্ধশতক কৰিছে। ইয়াৰ লগতে এদিনীয়াৰ ২৪৫ টা ইনিংছত ৩৫.০৫ গড়ে ৮২৭৩ ৰান সংগ্ৰহ কৰিছে। এই সময়চোৱাত তেওঁ ১৫ টা শতক আৰু ৩৬ টা অৰ্ধশতক কৰিছে। টি-২০ ইন্টাৰনেশ্যনেলৰ  ১৮ ইনিংছত তেওঁ ৩৯৪ ৰান সংগ্ৰ কৰিছে। এই সময়ত তেওঁৰ বেটিং ষ্ট্ৰাইক ৰেট আছিল ১৪৫.৩৮।

উল্লেখ্য যে, হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে অহা ৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ঘোষণা হ’ব ৮ অক্টোবৰত। ইতিমধ্যে নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া সমাপ্ত হৈছে। গতিকে পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ লক্ষ্য কি। সঁচাকৈ তেওঁ কংগ্ৰেছক যোগদান কৰিব নেকি? অৱশ্যে এয়া সকলো জল্পনা- কল্পনাহে মাত্ৰ। বীৰেন্দ্ৰ ছেহৱাগৰ প্ৰতিক্ৰিয়াৰ পাছত ইয়াৰ সত্যাসত্য জানিব পৰা যাব।

 

Latest News