বলৱৎ হ’ল ৱাকফ সংশোধনী আইন-২০২৫, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধিসূচনা
মঙলবাৰৰ পৰা বলৱৎ হ’ব ৱাকফ (সংশোধনী) আইন-২০২৫। এই সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিধানসমূহ ৮ এপ্ৰিল-২০২৫ৰ পৰা কাৰ্যকৰী কৰে।

আজি , মঙলবাৰৰ পৰা বলৱৎ হ’ব ৱাকফ (সংশোধনী) আইন-২০২৫। এই সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে, ৱাকফ (সংশোধনী) আইন (২০২৫ চনৰ ১৪)ৰ ধাৰা ১ৰ উপ-ধাৰা (২)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিধানসমূহ ৮ এপ্ৰিল-২০২৫ৰ পৰা কাৰ্যকৰী কৰে।
উল্লেখ্য যে, বিৰোধীৰ প্ৰতিবাদ আৰু কঠোৰ সমালোচনাৰ মাজতে সংসদৰ দুয়োটা সদনে এই বিধেয়কখন গৃহীত হৈছিল। ৰাজ্যসভাত ইয়াৰ পক্ষত ১২৮টা আৰু বিপক্ষে ৯৫টা ভোট দিয়া হয়। লোকসভাত এই বিধেয়কৰ পক্ষত ২৮৮টা আৰু বিৰুদ্ধে ২৩২টা ভোট দিয়া হয়। দুয়োটা সদনত বিৰোধী দলসমূহে ইয়াৰ বিৰোধিতা কৰিছিল। বিৰোধী দলসমূহে বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰিছিল।
ৱাকফ (সংশোধনী) আইন-২০২৫ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে, এই আইনে ৱাকফ প্ৰশাসনত স্বচ্ছতা আনিব। লগতে যিসকল দুখীয়া মুছলমান অধিকাৰৰ পৰা বঞ্চিত হৈছিল তেওঁলোকে এতিয়া তেওঁলোকৰ অধিকাৰ লাভ কৰিব। দেশৰ মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
মূল বিধানসমূহ কি কি?
ৱাকফ ব’ৰ্ডৰ গাঁথনি : ইছলামৰ সকলো চিন্তাধাৰাৰ ব’ৰ্ডত প্ৰতিনিধিত্ব কৰা হ’ব। কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডত ২২ জন সদস্য থাকিব, ইয়াৰে চাৰিজন অমুছলমান।
ৱাকফৰ সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ: ৱাকফ ব’ৰ্ডৰ তদাৰক কৰিবলৈ আৰু সম্পত্তিৰ সঠিক পৰিচালনা নিশ্চিত কৰিবলৈ এজন চেৰিটি কমিছনাৰ নিযুক্তি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।
বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু অনাথৰ অধিকাৰ সুৰক্ষা: যিকোনো ব্যক্তিয়ে নিজৰ সম্পত্তি ৱাকফ ঘোষণা কৰিব পাৰে কিন্তু বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু অনাথৰ মালিকানাধীন সম্পত্তিক ৱাকফ ঘোষণা কৰিব নোৱাৰিব।
বিবাদ নিষ্পত্তিৰ বাবে ন্যায়াধিকৰণ: যিহেতু সমগ্ৰ দেশতে ৩১,০০০ৰো অধিক ৱাকফ সম্পৰ্কীয় গোচৰ বিচাৰাধীন হৈ আছে, সেয়েহে ৱাকফ ন্যায়াধিকৰণসমূহ শক্তিশালী কৰা হৈছে। আপীলৰ ব্যৱস্থাও সংযোজন কৰা হৈছে।
ৰাষ্ট্ৰীয় সম্পত্তি আৰু কীৰ্তিচিহ্নসমূহৰ সুৰক্ষা: ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ অধীনত থকা সম্পত্তিসমূহক ৱাকফ বুলি ঘোষণা কৰিব নোৱাৰিব।