5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জেপিচিৰ ম্যাদ বৃদ্ধিৰ দাবী ! ৱাকফ বিধেয়ক সন্দৰ্ভত অধ্যক্ষক সাক্ষাৎ বিৰোধী সাংসদৰ, কি ক’লে সাংসদসকলে…?

Waqf Board Amendment Bill 2024 : ৱাকফ বিধেয়ক সন্দৰ্ভত অধিক আলোচনাৰ বাবে বিৰোধী সাংসদসকলে ৱাকফ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী জনাইছে । যুটীয়া সংসদীয় সমিতিৰ ম্যাদ বৃদ্ধিৰ বাবে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে বিৰোধী দলৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে।

জেপিচিৰ ম্যাদ বৃদ্ধিৰ দাবী ! ৱাকফ বিধেয়ক সন্দৰ্ভত অধ্যক্ষক সাক্ষাৎ বিৰোধী সাংসদৰ, কি ক’লে সাংসদসকলে…?
বিৰোধী সাংসদসকলে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে
manas-borah
Manas Borah | Updated On: 25 Nov 2024 14:44 PM

বিৰোধী সাংসদসকলে ৱাকফ বিধেয়ক সন্দৰ্ভত অধিক আলোচনা বিচাৰে। সেইবাবে বিৰোধী সাংসদসকলে ৱাকফ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ দাবী জনাইছে । যুটীয়া সংসদীয় সমিতিৰ ম্যাদ বৃদ্ধিৰ বাবে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে বিৰোধী দলৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে।

সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ভাৰত মিত্ৰজোঁটৰ সদস্যসকলে এখন বৈঠকত মিলিত হৈছিল । সেই বৈঠকত ৱাকফ বিধেয়ক সন্দৰ্ভত জেপিচিৰ ম্যাদ বৃদ্ধিৰ দাবী জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। তাৰ পাছত বিৰোধী সাংসদসকলে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে।

বিৰোধীয়ে অভিযোগ কৰে যে, যুটীয়া সংসদীয় সমিতিৰ ৱাকফ বিধেয়কৰ পৰ্যালোচনা এতিয়াও অসম্পূৰ্ণ হৈ আছে। তেওঁলোকৰ মতে আগষ্টৰ পৰা ২৫ খন জেপিচিৰ বৈঠক অনুষ্ঠিত হৈছে। কিন্তু, সকলোৰে মন্তব্য এতিয়াও স্পষ্ট হোৱা নাই। অধ্যক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত আপৰ সাংসদ সঞ্জয় সিঙে কয় যে, অধ্যক্ষই জেপিচিৰ ম্যাদ বৃদ্ধি কৰাৰ আশ্বাস দিছে। ১৫ দিনৰ ভিতৰত পৰৱৰ্তী সভা আহ্বান কৰা হ’ব বুলি জানিবলৈ দিছে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত বিৰোধী সদস্যসকলে কয়, ৱাকফ সংশোধনী বিধেয়কখন এক ব্যাপক আইন, য’ত বৰ্তমানৰ আইনসমূহৰ বহু বৃহৎ পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰিৱৰ্তনে ভাৰতৰ জনসংখ্যাৰ এক বৃহৎ অংশক প্ৰভাৱিত কৰিব। গতিকে বিবেচনাৰ বাবে তিনিমাহৰ সময়সীমা অপৰ্যাপ্ত । উপযুক্ত আলোচনা আৰু আলোচনাৰ বাবে সমিতিৰ কাৰ্যকাল বৃদ্ধি কৰিব লাগে। পত্ৰ লাভ কৰাৰ লগে লগে বিৰোধী সাংসদসকলৰ অনুৰোধ বিবেচনা কৰিব বুলি আশ্বাস দিছে লোকসভাৰ অধ্যক্ষই।

ৱাকফ (সংশোধনী) বিধেয়ক ২০২৪ মোডী ৩.০ চৰকাৰে উত্থাপন উত্থাপন কৰা প্ৰথমখন গুৰুত্বপূৰ্ণ বিধেয়ক । বিধেয়কখনে মুছলমান সংগঠন আৰু বিৰোধীৰ মাজত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে ।

Latest News