শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৱাকফ আইন সংশোধন হ’লে মুছলমানৰ সম্পত্তি কাঢ়ি লোৱা হ’ব নেকি ? স্পষ্ট কৰি দিলে কেন্দ্ৰই

কেন্দ্ৰীয় সূত্ৰৰ মতে,চৰকাৰৰ লক্ষ্য হৈছে ৱাকফ ব’ৰ্ডৰ ক্ষমতা নিয়ন্ত্ৰণ কৰা। কিয়নো দেশৰ বৰ্তমানৰ ৱাকফ আইনত ৱাকফৰ সম্পত্তিক লৈ কোনো আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰি। কোনো মাটিৰ ওপৰত অধিকাৰ দাবী কৰিবলৈ ৱাকফ ব’ৰ্ডক চৰকাৰী গণনা বা জৰীপৰ প্ৰয়োজন নাই।

ৱাকফ আইন সংশোধন হ’লে মুছলমানৰ সম্পত্তি কাঢ়ি লোৱা হ’ব নেকি ? স্পষ্ট কৰি দিলে কেন্দ্ৰই
ৱাকফ বৰ্ড
manas-borah
Manas Borah | Updated On: 05 Aug 2024 14:29 PM

দেওবাৰৰ পৰা চৰ্চালৈ আহিছে ৱাকফ আইন সংশোধনী বিষয়টো । বিভিন্ন পক্ষই দাবী কৰিছে যে,ৱাকফ আইন সংশোধন কৰিলে ৱাকফ আৰু মুছলমানৰ মালিকানাধীন মাটি কাঢ়ি লোৱা হ’ব পাৰে । আশংকা কৰা ধৰণে সঁচাকৈয়ে তেনেকুৱাই হ’ব নেকি ? কিন্তু চৰকাৰী সূত্ৰই এই সন্দৰ্ভত স্পষ্ট বাখ্যা আগবঢ়াইছে ।

কেন্দ্ৰীয় সূত্ৰৰ মতে,চৰকাৰৰ লক্ষ্য হৈছে ৱাকফ ব’ৰ্ডৰ ক্ষমতা নিয়ন্ত্ৰণ কৰা। কিয়নো দেশৰ বৰ্তমানৰ ৱাকফ আইনত ৱাকফৰ সম্পত্তিক লৈ কোনো আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰি। কোনো মাটিৰ ওপৰত অধিকাৰ দাবী কৰিবলৈ ৱাকফ ব’ৰ্ডক চৰকাৰী গণনা বা জৰীপৰ প্ৰয়োজন নাই।

চৰকাৰৰ মতে, চৌদি আৰব বা ওমানৰ দৰে মুছলমান দেশত এনে নিয়ম নাই। সূত্ৰ অনুসৰি, নতুন আইনখনৰ জৰিয়তে যদি ৱাকফ ব’ৰ্ডে কোনো সম্পত্তিৰ ওপৰত অধিকাৰ দাবী কৰে, তেন্তে চৰকাৰী পুনৰীক্ষণ বাধ্যতামূলক হ’ব।

লগতে পঢ়কঃ বাকফা ব’ৰ্ড কি? এই আইনত কি সংশোধন হ’ব আৰু কিয় উত্তপ্ত হৈ পৰিছে মুছলিম সমাজ…

এটা পক্ষই এই আইন সংশোধনীৰ বিৰোধিতা কৰিছে। এই আইন সংশোধন কৰিলে মুছলমানৰ পৰা মাটিৰ মালিকীস্বত্ব কাঢ়ি লোৱা হ’ব বুলি প্ৰচাৰ চলাইছে। এআইএমআইএমৰ নেতা আছাউদ্দিন ওৱেইচিয়ে দাবী কৰে যে, বিজেপিয়ে আৰম্ভণিৰে পৰা ৱাকফ ব’ৰ্ড আৰু ৱাকফৰ সম্পত্তিৰ বিৰোধীতা কৰি আহিছিল । বিজেপিয়ে হিন্দুত্ববাদী এজেণ্ডাৰ অংশ হিচাপে ৱাকফ ব’ৰ্ডক দখলত আনিব বিচাৰিছে।

কিন্তু এই সংশোধীনক লৈ যি ভুৱা প্ৰচাৰ চলি আছে, সেই সন্দৰ্ভত স্পষ্ট কৰি দিছে চৰকাৰে। চৰকাৰীৰ সূত্ৰই কয় যে, এই সংশোধনীৰ জৰিয়তে মুছলমানৰ মাটি কাঢ়ি লোৱা হ’ব বা কেৱল মুছলমানেহে ৱাকফৰ সম্পত্তি নিৰ্ধাৰণ কৰিব পাৰিব, এনে সকলো তথ্য ভুল।

চৰকাৰী সূত্ৰই জনোৱা মতে, “এবাৰ মাটি ৱাকফৰ হাতত গ’লে, কেতিয়াও ঘূৰাই নাহে। ৱাকফ বৰ্ডত বহি আছে শক্তিশালী মুছলমান। কেৱল ৱাকফ ব’ৰ্ড নিয়ন্ত্ৰণ কৰাসকলেহে এই সংশোধনীৰ বিৰোধিতা কৰিছে।” গতিকে এই সন্দৰ্ভত আইনখনৰ সংশোধনী বিচাৰে চৰকাৰে ।

ইফালে, মুছলমান সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে থিয় দিয়া দেখা গৈছে আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ মুখপাত্ৰ এছকিউআৰ ইলিয়াছে কয় যে, কোনো ধৰণে ৱাকফ ব’ৰ্ডৰ ক্ষমতা সীমিত কৰাটো সহ্য কৰা নহ’ব।

ব’ৰ্ডৰ মুখপাত্ৰ ইলিয়াছে লগতে কয় যে, ৱাকফ আইনত এনে কোনো সংশোধনী কেতিয়াও মুছলমানে মানি নলয়। ৱাকফ ব’ৰ্ডৰ আইনী মৰ্যাদা আৰু ইয়াৰ ক্ষমতাত কোনো ধৰণৰ হস্তক্ষেপ তেওঁলোকে সহ্য নকৰে। এই পৰিপ্ৰেক্ষিত বিৰোধী দলক এনে যিকোনো পদক্ষেপৰ সম্পূৰ্ণ বিৰোধিতা কৰিবলৈও অনুৰোধ জনাইছে ইলিয়াছে ।

লগতে পঢ়কঃ প্ৰমাণ অবিহনে মাটিৰ মালিকীস্বত্ব আৰু নাথাকিব ! ৱাকফ আইন সংশোধনীৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰই