5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘পৰিয়াল’ৰ দুখত দুখী ৰাহুল! দুৰ্যোগ বিধ্বস্ত ৱায়ানাডত শতাধিক ঘৰ নিৰ্মাণৰ দিলে প্ৰতিশ্ৰুতি

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ এই দুৰ্যোগক এক ভয়ংকৰ ট্ৰেজেডী আখ্যা দিয়ে। তেওঁ লগতে আজি স্থানীয় প্ৰশাসন আৰু পঞ্চায়তৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে আৰু দুৰ্যোগত নিহত তথা আহত লোকৰ সংখ্যা, ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ সংখ্যা আদি তথ্য সংগ্ৰহ কৰে বুলি জানিবলৈ দিয়ে। কংগ্ৰেছে এনে ক্ষতিগ্ৰস্ত ১০০টাতকৈও অধিক ঘৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি লগতে সদৰী কৰে।

‘পৰিয়াল’ৰ দুখত দুখী ৰাহুল! দুৰ্যোগ বিধ্বস্ত ৱায়ানাডত শতাধিক ঘৰ নিৰ্মাণৰ দিলে প্ৰতিশ্ৰুতি
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী
monjit-dutta
Monjit Dutta | Published: 02 Aug 2024 17:47 PM

প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে কেৰালাৰ ৱায়ানাড। ধাৰাসাৰ বৰষুণৰ সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত ৱায়ানাডত এইপৰ্যন্ত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে। ধ্বংসস্তূপত পৰিণত পৰিণত হৈছে বহু ঠাই। এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু বাসগৃ্হ। ৱায়ানাডৰ এনে অসহনীয় পৰিস্থিতিয়ে শোকাহত কৰি তুলিছে সমষ্টিটোৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীক। লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীয়ে ৱায়ানাডত সংঘটিত এই ভয়াৱহ দুৰ্যোগৰ বলি হোৱা লোকসকলক সহায়ৰ বাবে কংগ্ৰেছ সাজু বুলি মন্তব্য কৰিছে। দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শতাধিক ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও দিছে কংগ্ৰেছে।

ৰাহুল গান্ধীয়ে লগতে কেৰালাই কোনো এটা অঞ্চলতে এনে ভয়ংকৰ ট্ৰেজেডী কেতিয়াও দেখা নাছিল বুলি মন্তব্য কৰি এই বিষয়ে দিল্লীত উত্থাপন কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে বৃ্হস্পতিবাৰে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ৱায়ানাড ভ্ৰমণ কৰি ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৰাহুল গান্ধীয়ে। আজিও এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে ৱায়ানাডৰ প্ৰাক্তন সাংসদগৰাকীয়ে।

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ এই দুৰ্যোগক এক ভয়ংকৰ ট্ৰেজেডী আখ্যা দিয়ে। তেওঁ লগতে আজি স্থানীয় প্ৰশাসন আৰু পঞ্চায়তৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে আৰু দুৰ্যোগত নিহত তথা আহত লোকৰ সংখ্যা, ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ সংখ্যা আদি তথ্য সংগ্ৰহ কৰে বুলি জানিবলৈ দিয়ে। কংগ্ৰেছে এনে ক্ষতিগ্ৰস্ত ১০০টাতকৈও অধিক ঘৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি লগতে সদৰী কৰে।

বৃহস্পতিবাৰে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়তো ৰাহুল গান্ধীয়ে এই ভয়াৱহ ভূমিস্খলনত পৰিয়াল আৰু ঘৰ-বাৰী হেৰুওৱা লোকসকলক দেখি তেওঁ অত্যন্ত দুখী বুলি মন্তব্য কৰিছিল। ৱায়ানাডৰ এই দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি অভিহিত কৰি তেওঁ লগতে এই ট্ৰেজেডী ৱায়ানাড আৰু কেৰালাৰ লগতে সমগ্ৰ দেশৰ বাবেও এক ভয়ানক ট্ৰেজেডী বুলি উল্লেখ কৰে।

ৰাহুল গান্ধীয়ে লগতে এই কৰুণ পৰিস্থিতিত ভুক্তভোগীৰ সৈতে কথা পতাটো সহজ নহয় বুলি উল্লেখ কৰাৰ সমান্তৰালকৈ এই শোকাৱহ দুৰ্ঘটনাটোক পিতৃক হেৰুৱাৰ দৰেই বেদনাদায়ক বুলি অভিহিত কৰে। তেওঁ কয়, “মোৰ পিতৃৰ মৃত্যুৰ দিনটোত কেনে অনুভৱ হৈছিল সেয়া মনত আছে। ইয়াত এই ট্ৰেজেডীত মানুহে কেৱল পিতৃক হেৰুৱাই নহয়, বহু লোকে গোটেই পৰিয়ালটো হেৰুৱাই পেলালে।”

তেওঁ পিতৃক হেৰুৱাই হোৱা অনুভৱতকৈ এই দুৰ্যোগত ভুক্তভোগী লোকসকলৰ পৰিস্থিতি ভয়াৱহ বুলি মন্তব্য কৰে। উল্লেখ্য যে গত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৰায়ে বৰেলী আসনৰ লগতে ৱায়ানাড আসনৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োখন আসনৰ পৰাই জয়ী হৈছিল। ইয়াৰ পিছতে তেওঁ ৱায়ানাডৰ আসন ত্যাগ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Latest News