লণ্ডনত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ওপৰত আক্ৰমণৰ চেষ্টা! অপমান কৰিলে ত্ৰিৰংগাক, দিলে ভাৰত বিৰোধী শ্ল’গান
বৈদেশিক মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা এই ভয়ংকৰ ভুলক তীব্ৰ গৰিহণা দিছে ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, বৈদেশিক মন্ত্ৰীৰ লণ্ডন ভ্ৰমণৰ সময়ত আমি নিৰাপত্তা ভংগৰ ফুটেজ দেখিছোঁ। বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থীৰ এই সৰু গোটটোৰ উচটনিমূলক কাৰ্যকলাপৰ আমি গৰিহণা দিছোঁ।

ব্ৰিটিছ ৰাজধানী লণ্ডনত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাহনত আক্ৰমণৰ চেষ্টা খালিস্তানী সমৰ্থকৰ। কেৱল এয়াই নহয়, গোট খোৱা বৃহৎ সংখ্যক খালিস্তানীয়ে ফালিবলৈ চেষ্টা কৰে ভাৰতীয় পতাকা। লণ্ডনৰ চাথাম হাউছ থিংক টেংকত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈছিল ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। লণ্ডনৰ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতে কয় যে, এয়া এক উচটনিমূলক কাৰ্য আৰু বিচ্ছিন্নতাবাদীসকলে গণতান্ত্ৰিক স্বাধীনতাৰ ভুল ব্যৱহাৰ কৰিছে। বিশেষজ্ঞসকলে কয় যে, ভাৰতৰ পৰা পলায়ন কৰা সন্ত্ৰাসবাদীৰ বাবে ব্ৰিটেইন দীৰ্ঘদিন ধৰি নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে। তেওঁলোকে ভাৰতক ব্ৰিটেইনৰ সৈতে এফটিএ নকৰিবলৈও সকীয়াই দিছে।
লণ্ডনত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাহনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে খালিস্তানী সমৰ্থকে। তেওঁলোকে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকীৰ ৰখাবলৈ চেষ্টা কৰিলে। তেওঁৰ বাহনৰ সন্মুখত শ্ল’গানো দিয়ে। বৈদেশিক মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা এই ভয়ংকৰ ভুলক তীব্ৰ গৰিহণা দিছে ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, বৈদেশিক মন্ত্ৰীৰ লণ্ডন ভ্ৰমণৰ সময়ত আমি নিৰাপত্তা ভংগৰ ফুটেজ দেখিছোঁ। বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থীৰ এই সৰু গোটটোৰ উচটনিমূলক কাৰ্যকলাপৰ আমি গৰিহণা দিছোঁ। তেওঁ পুনৰ কয় যে, এই গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰক আমি গৰিহণা দিছো। আমি আশা কৰোঁ যে এনেবোৰ বিষয়ত ব্ৰিটিছ চৰকাৰে নিজৰ কূটনৈতিক বাধ্যবাধকতা পালন কৰিব।
প্ৰকৃততে এই ঘটনাটো তেতিয়া ঘটিছিল যেতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই গৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে, এজন ব্যক্তিয়ে বৈদেশিক মন্ত্ৰীগৰাকীৰ বাহনৰ কাষলৈ দৌৰি গৈ ভাৰতীয় পতাকা ফালিবলৈ চেষ্টা কৰিছে। অৱশ্যে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক ধৰি তাৰ পৰা আঁতৰাই নিয়ে।
প্ৰকৃততে বিগত কেইবছৰমানৰ পৰা অধিক সক্ৰিয় হৈ পৰিছে কানাডা, ব্ৰিটেইনৰ দৰে দেশত খালিস্তানৰ সমৰ্থকসকল । যাৰ বাবে চিন্তা বাঢ়িছে ভাৰতৰ। খালিস্তানী সমৰ্থকে তাত প্ৰায় প্ৰতিদিনে ভাৰত বিৰোধী কাৰ্যকলাপ কৰা পৰিলক্ষিত হয়। খালিস্তানী সমৰ্থকৰ এই বিক্ষোভ ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে নহয়। ২০২৩ চনত খালিস্তানী সমৰ্থকে ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰি উপদ্ৰৱৰ সৃষ্টি কৰিছিল। তাৰ ওপৰত থকা ভাৰতীয় পতাকাক অপমান কৰা হৈছিল। পতাকাখন নমাই আনিবলৈ চেষ্টা কৰিছিল। দূতাবাসৰ বাহিৰত শুনা গৈছিল ভাৰত বিৰোধী শ্ল’গান। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ভাৰতীয় মূলৰ ঋষি সুনাক। কানাডাত থকা ভাৰতীয় দূতাবাসৰ বাহিৰতো উপদ্ৰৱ চলাইছিল খালিস্তানী সমৰ্থকে।