লক্ষ্য আছিল হিন্দু! তুৰ্কীৰ পৰা হৈছিল পৰিচালিত, আক্ৰমণকৰ বিনিময়ত পাইছিল টকা, মুৰ্শিদাবাদ কাণ্ডৰ ভয়ংকৰ তথ্য…
তদন্তকাৰী সংস্থাসমূহে তথ্য পাইছে যে আক্ৰমণৰ সময়ত হিংসা আৰু ক্ষতিসাধন কৰিব পাৰিলে নিৰ্দিষ্ট পুৰস্কাৰ লাভ কৰে। এজন ব্যক্তিয়ে যিমান ক্ষতিসাধন কৰিব পাৰে তেওঁক সিমান টকা দিয়া হয়।

মুৰ্শিদাবাদ
ৱাকফ সংশোধনী আইনক লৈ পশ্চিমবংগত চলি থকা প্ৰতিবাদে হিংসাৰ ৰূপ ধাৰণ কৰিছে। ঘটনাস্থলীত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যদিও সোমবাৰে (১৪ এপ্ৰিল) সন্ধিয়া পুনৰ বিভিন্ন ঠাইত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়। পৰিস্থিতি এনে বিষম হৈ পৰিছে যে বহু হিন্দু পৰিয়ালে ঘৰ এৰি পলায়ন কৰিবলগীয়াত পৰিছে। বিজেপিয়ে এই সন্দৰ্ভত পশ্চিমবংগ চৰকাৰক জগৰীয়া কৰি আহিছে যদিও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো ঠিকে আছে বুলি মত পোষণ কৰে। ইয়াৰ মাজতে তদন্তকাৰী সংস্থাসমূহৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।
তদন্তত পোহৰলৈ আহিছে যে হিংসাৰ জৰিয়তে কেৱল হিন্দুসকলক আক্ৰমণ কৰাৰ পৰিকল্পনা আছিল। যাৰ বাবে কিছুমান লোক ঘৰ এৰি পলায়ন কৰিছে। তদন্তত পোহৰলৈ অহা কিছুমান গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ’ল-
- মুৰ্শিদাবাদ কাণ্ডৰ পৰিকল্পনা পূৰ্বতে কৰা হৈছিল।
- মুৰ্শিদাবাদৰ এই আক্ৰমণ প্ৰথমে ৰামনৱমীত কৰা কথা আছিল, কিন্তু নিৰাপত্তাৰ বাবে পৰিকল্পনা মতে কাম কৰিব পৰা নাছিল।
- ৰাম নৱমীত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰাৰ বাবে ৱাকফ আইনৰ আশ্ৰয় লোৱা হৈছিল।
- ৱাকফ আইনৰ অজুহাতত চৰকাৰী সা-সম্পত্তিৰ ক্ষতি, হিন্দুক আক্ৰমণ, তেওঁলোকৰ সা-সম্পত্তি লুটপাত আৰু যিমান পাৰি হিংসা বিয়পোৱাৰ লক্ষ্য আছিল।
- আৰক্ষীৰ পৰা আঁতৰি কেনেকৈ আক্ৰমণ কৰিব পাৰি, তাৰ বাবে হিংসাৰ দুই মাহ আগতে প্ৰশিক্ষণ দিয়া হৈছিল। স্থানীয় মাদ্ৰাছাসমূহে সহায় কৰা বুলি তথ্য পোহৰলৈ আহিছে।
- তদন্তকাৰী সংস্থাসমূহে তথ্য পাইছে যে আক্ৰমণৰ সময়ত হিংসা আৰু ক্ষতিসাধন কৰিব পাৰিলে নিৰ্দিষ্ট পুৰস্কাৰ লাভ কৰে। এজন ব্যক্তিয়ে যিমান ক্ষতিসাধন কৰিব পাৰে, তেওঁক সিমানেই পুৰস্কাৰ দিয়া হয়। শিলগুটি আক্ৰমণৰ বাবে প্ৰতিদিনে ৫০০ টকাকৈ লাভ কৰে।
- এই ঘটনাৰ বাবে তুৰ্কীৰ পৰা টকা লাভ কৰিছিল। ইয়াৰ প্ৰমাণ তদন্তকাৰী সংস্থাসমূহে লাভ কৰিছে। তুৰ্কীৰ পৰা এই হিংসাত্মক ঘটনা চলোৱা হৈছিল।
- মুৰ্শিদাবাদ হিংসাৰ জৰিয়তে সমগ্ৰ পশ্চিমবংগত হিংসা বিয়পোৱাৰ লক্ষ্য আছিল। তুৰ্কীত কৰা এই পৰিকল্পনাৰ উদ্দেশ্য আছিল পশ্চিমবংগৰ পৰিস্থিতি বাংলাদেশৰ দৰে কৰা।
- হিংসাৰ বাবে এখন তালিকা প্ৰস্তুত কৰা হৈছিল। য’ত উল্লেখ আছিল কত কোনে কেনৈক ক্ষতিসাধন কৰিব। ইয়াৰ লগতে পুৰস্কাৰৰ এখন তালিকাও প্ৰস্তুত হৈছিল।
- হিংসাৰ সময়ত বিশেষ গুৰুত্ব দিয়া হৈছিল যাতে ৰে’ল আৰু যান-বাহন চলিব নোৱাৰে। সুবিধা পালে হিন্দুক হত্যা কৰাৰ টাৰ্গেট কৰা হৈছিল।
- মুৰ্শিদাবাদ আৰু মালাদত শিলগুটি নিক্ষেপ আৰু মানুহৰ ওপৰত আক্ৰমণ কৰাৰ বাবে প্ৰথমে প্ৰশিক্ষণ দিয়া হৈছিল। কল গছ ব্যৱহাৰ কৰি কেনেকৈ মানুহক ফান্দত পেলাব পাৰি তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছিল।
- আক্ৰমণৰ বাবে বিশেষকৈ যুৱক-যুৱতীসকলক নিৰ্বাচন কৰা হৈছিল। ফিটনেছৰ ওপৰত ভিত্তি কৰি তেওঁলোকক ৰখা হৈছিল।
- পশ্চিমবংগত হিংসাত্মক ঘটনাৰ সময়ত বাংলাদেশৰ পৰা ভাৰতলৈ ৭১-১৫০ টা ফোন আহিছিল। এই সময়চোৱাত হিংসাৰ প্ৰতিটো তথ্য লোৱা হৈছিল।
- এই ঘটনাক লৈ কিছুমান এনজিঅ সন্দেহৰ তালিকাত আছে।
- মুম্বাই আক্ৰমণৰ দৰে প্ৰতিটো আক্ৰমণৰ খবৰ টিভিৰ লাইভ কভাৰেজৰ পৰা লোৱা হৈছিল। অনুসুৰাল বাংলা টিমে পশ্চিমবংগ আৰু বিহাৰৰ উগ্ৰ সংখ্যালঘু গোটৰ সৈতে যোগাযোগত আছিল।