TV9 নেটৱৰ্কৰ WITT মঞ্চত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী…

TV9 ৰ বাৰ্ষিক অনুষ্ঠান "What India Thinks Today, Global Summit 2025"ৰ তৃতীয়টো সংস্কৰণ অনুষ্ঠিত হ'বলৈ গৈ আছে । TV9 ৰ এই মঞ্চত সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকল সমবেত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ এই মঞ্চৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ।

TV9 নেটৱৰ্কৰ WITT মঞ্চত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী...

টিভি৯ নেটৱৰ্কৰ WITT 2025 অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Updated On: 

26 Mar 2025 11:37 AM

দেশৰ সৰ্ববৃহৎ সংবাদ নেটৱৰ্ক TV9 ৰ বাৰ্ষিক অনুষ্ঠান “What India Thinks Today, Global Summit 2025″ৰ তৃতীয়টো সংস্কৰণ অনুষ্ঠিত হ’বলৈ গৈ আছে । TV9 ৰ এই মঞ্চত সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকল সমবেত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ এই মঞ্চৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । প্ৰধানমন্ত্ৰী মোদীয়ে যোৱাবাৰো TV9 ৰ এই মেগা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু ভাষণত তেওঁ TV9 ৰ সংবাদ সেৱাৰ দলটোক প্ৰশংসা কৰিছিল।

অহা ২৮ আৰু ২৯ মাৰ্চত দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হৈছে ‘What India Thinks Today’ শীৰ্ষক বিশেষ বাৰ্ষিক অনুষ্ঠান । TV9 ৰ এই অনুষ্ঠানৰ জৰিয়তে কেৱল ৰাজনীতিয়ে নহয়, মনোৰঞ্জন, ব্যৱসায়, স্বাস্থ্য, সংস্কৃতি আৰু ক্ৰীড়াকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গভীৰ আলোচনা কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও বহু কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰগতি, ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সপোন আৰু বিশ্বৰ পৰ্যায়ত ভাৰতৰ ভূমিকাকে ধৰি বহু বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ TV9 নেটৱৰ্কৰ দুটা বৃহৎ অনুষ্ঠানত অংশ কৰিছিল ।

TV9 নেটৱৰ্কৰ বাৰ্ষিক কনক্লেভ “What India Thinks Today” ৰ ২০২৪ বৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। যোৱা বছৰৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দ্য অশোক হোটেলত অনুষ্ঠিত হোৱা News9 গ্ল’বেল ছামিট ২০২৪ ৰ অংশ হিচাপে “What India Thinks Today” শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০২৪ চনৰ নৱেম্বৰ মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা News9 গ্ল’বেল ছামিটতো অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে, “টিভি৯ৰ ৰিপ’ৰ্টিং দলে দেশৰ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। বহুভাষিক প্লেটফৰ্মে TV9 ক ভাৰতৰ সজীৱ গণতন্ত্ৰৰ প্ৰতিনিধি কৰি তুলিছে।” যোৱা বছৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ এই বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ভাষণত চৰকাৰৰ কৃতিত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল,”আমাৰ চৰকাৰে দেশ প্ৰথম নীতি আগত ৰাখি প্ৰগতিৰ পথত আগবাঢ়িছে ।” ৩৭০ অনুচ্ছেদ বিলুপ্ত, ৰাম মন্দিৰ নিৰ্মাণ,  তিনি তালাক বিলুপ্ত,নাৰী শক্তি বন্দন আইন আৰু প্ৰতিৰক্ষা মুৰব্বী পদ সৃষ্টিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবট আৰু তেতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে ভাৰত আৰু বিদেশৰ বহু প্ৰভাৱশালী ব্যক্তিয়ে News9 গ্ল’বেল ছামিট ২০২৪ ত অংশগ্ৰহণ কৰে।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?