শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget 2025: পিএম ৰিচাৰ্ছ ফেল’শ্বিপ কি, কোনে আৰু কিমান ধন লাভ কৰে ইয়াৰ অধীনত ? জানিলওক সবিশেষ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰে যে কাৰিকৰী গৱেষণাক আগুৱাই নিয়াৰ বাবে অহা ৫ বৰ্ষত প্ৰধানমন্ত্ৰী গৱেষণা ফেল'শ্বিপ যোজনাৰ অধীনত ১০০০০ নতুন ফেল'শ্বিপ দিয়া হ'ব । এইখিনিতে জানো আহক প্ৰধানমন্ত্ৰী গৱেষণা ফেল'শ্বিপ (PM Research Fellowship) যোজনাৰ দ্বাৰা কোনে আৰু কিমান ধন পাব ।

Budget 2025: পিএম ৰিচাৰ্ছ ফেল’শ্বিপ কি, কোনে আৰু কিমান ধন লাভ কৰে ইয়াৰ অধীনত ? জানিলওক সবিশেষ
বাজেট ২০২৫Image Credit source: tv9 hindi
raj-saikia
Raj Saikia | Published: 01 Feb 2025 16:04 PM

আজি ঘোষণা কৰা কেন্দ্ৰীয় বাজেটত শিক্ষাখণ্ডৰ বাবে কেতবোৰ ঘোষণা কৰা হৈছে । অহা বৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ১০০০০ আসন বৃদ্ধি কৰা হ’ব । একেদৰে অহা ৫ বৰ্ষত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ৭৫ হাজাৰ আসন বৃদ্ধি কৰা হ’ব । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰে যে কাৰিকৰী গৱেষণাক আগুৱাই নিয়াৰ বাবে অহা ৫ বৰ্ষত প্ৰধানমন্ত্ৰী গৱেষণা ফেল’শ্বিপ যোজনাৰ অধীনত ১০০০০ নতুন ফেল’শ্বিপ দিয়া হ’ব । এইখিনিতে জানো আহক প্ৰধানমন্ত্ৰী গৱেষণা ফেল’শ্বিপ (PM Research Fellowship) যোজনাৰ দ্বাৰা কোনে আৰু কিমান ধন পাব । এই ফেল’শ্বিপ পাবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন জানি লওক ।

কাৰিকৰী গৱেষণাক এক গতি প্ৰদানৰ বাবে ২০১৮-১৯ বৰ্ষৰ বাজেটত প্ৰধানমন্ত্ৰী গৱেষণা ফেল’শ্বিপ যোজনাৰ ঘোষণা কৰা হৈছিল । এই ফেল’শ্বিপ আইআইটি আৰু আইআইএছচিত কাৰিকৰী গৱেষণাৰ বাবে প্ৰদান কৰা হয় । পোনপটীয়া গৱেষণাৰ বাবে প্ৰদান কৰা হয় এই ফেল’শ্বিপ । বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ২০১৪ চনৰ পাছত আৰম্ভ কৰা ৫ খন আইআইটিৰ সম্প্ৰসাৰণ কৰা হ’ব ।

Budget 2025 PM Research Fellowship: প্ৰধানমন্ত্ৰী গৱেষণা ফেল’শ্বিপৰ বাবে যোগ্যতা

এই ফেল’শ্বিপৰ বাবে প্ৰাৰ্থী আইআইটি, এনআইটি আৰু আইআইএছচি প্ৰতিষ্ঠানৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ত বি.টেক আৰু এম.টেক ডিগ্ৰীদাৰী হ’ব লাগিব । এই প্ৰতিষ্ঠানসমূহৰ পৰা দ্বৈত ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলেও ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰে । গেট পৰীক্ষাত উত্তীৰ্ণ হৈ পৰীক্ষাত ৬৫০ নম্বৰ লাভ কৰাটো বাধ্যতামূলক ।

PM Research Fellowship: কি দৰে কৰিব আবেদন

  • পিএম ৰিচাৰ্ছ ফেল’শ্বিপৰ বিভাগীয় ৱেবচাইট primeministerfellowshipscheme.in ত ক্লিক কৰক
  • হোম পেজত গৈ New Applicant টেবত ক্লিক কৰক আৰু পঞ্জীয়ন কৰক ।
  • প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি Submit ত ক্লিক কৰক ।

PM Research Fellowship Duration: কিমান ধন লাভ কৰিব

পিএম ৰিচাৰ্ছ ফেল’শ্বিপৰ অধীনত যোগ্য প্ৰাৰ্থীয়ে ৫ বছৰীয়া গৱেষণাৰ বাবে প্ৰতিমাহে নিৰ্ধাৰিত ধন লাভ কৰে । প্ৰথম আৰু দ্বিতীয় বৰ্ষত প্ৰাৰ্থীয়ে প্ৰতিমাহে ৭০ হাজাৰ টকা লাভ কৰে । তৃতীয় আৰু চতুৰ্থ বৰ্ষত প্ৰতিমাহে ৭৫০০০ টকাকৈ প্ৰদান কৰা হয় প্ৰতিগৰাকী প্ৰাৰ্থীক । পঞ্চম বৰ্ষত তেওঁলোকে প্ৰতিমাহে লাভ কৰে ৮০ হাজাৰকৈ টকা । তাৰোপৰি যোগ্য প্ৰাৰ্থীয়ে প্ৰতি বছৰে দুই লাখকৈ টকা গৱেষণাৰ বাবে লাভ কৰে ।

PM Research Fellowship: বৰ্তমান ফেল’শ্বিপৰ সংখ্যা

পি এম ৰিচাৰ্চ ফেল’শ্বিপ প্ৰদান কৰা প্ৰতিষ্ঠানসমূহে নিজ নিজ বছৰৰ ১ মে’লৈকে বৰ্তমানৰ পি এইচ ডি ছাত্ৰ শক্তিৰ ১.৫% পিএমআৰএফৰ আসন হিচাপে লাভ কৰে । যদি কোনো বিশেষ বছৰৰ বাবে মুঠ পিএমআৰএফৰ আসনৰ প্ৰয়োজনীয়তা ১০০০তকৈ অধিক হয়, তেন্তে ইয়াক শতাংশত সমানুপাতিক কৰা হয় যাতে মুঠ আসনৰ প্ৰয়োজনীয়তা ১০০০তকৈ অধিক নহয় ।

লগতে পঢ়ক: Union Budget 2025-26: মোবাইল ফোনৰ পৰা ঔষধলৈকে, হ্ৰাস পাব এইসমূহ সামগ্ৰীৰ দাম…