5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পদত্যাগৰ আঁৰত আছে ডাঙৰ ৰাজনীতি! কেজৰিৱালৰ পৰিকল্পনাত থানবান হ’ব নেকি বিৰোধী

তিহাৰ জেলৰ পৰা ওলাই আহিয়েই পদত্যাগ কৰাৰ কথা ঘোষণা কৰে অৰবিন্দ কেজৰিৱালক। তেওঁ এই ঘোষণাই বিজেপিৰ লগতে কংগ্ৰেছকো আচৰিত কৰি তুলিছে। কেজৰিৱালৰ এই সিদ্ধান্তৰ আঁৰত আছে এক বিশেষ ৰাজনীতি।

পদত্যাগৰ আঁৰত আছে ডাঙৰ ৰাজনীতি! কেজৰিৱালৰ পৰিকল্পনাত থানবান হ’ব নেকি বিৰোধী
কেজৰিৱাল
Follow Us
barasha-sarma
Barasha Sarma | Published: 16 Sep 2024 11:04 AM

তিহাৰ জেলৰ পৰা ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। দলৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি কেজৰিৱালে দেওবাৰে কয় যে, “মই ২ দিন পাছত পদত্যাগ কৰিম। জনতাই যদি মোক সৎ বুলি ভাৱে তেন্তে ভোট দিব আৰু তাৰ পাছত পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিম”। তেওঁ লগতে এয়াও কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱাৰ দুৰ্নীতিৰ গোচৰৰ বাবে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পোৱাৰ পাছত কেজৰিৱাল জনতাৰ আদালতলৈ যাব বুলি উল্লেখ কৰি কয় যে, তেওঁ এতিয়া অগ্নি পৰীক্ষাৰ বাবে সাজু।

কেজৰিৱালৰ এই ঘোষণাই বিভিন্নজনক আচৰিত কৰি তুলিলেও এয়া আপৰ ৰাজনীতিৰে এক অংশ।  কেইবাটাও ৰাজনৈতিক লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰীৰ পদ এৰাৰ কথা ঘোষণা কৰিছে কেজৰিৱালে। অৱশ্যে কেজৰিৱালৰ এই পৰিকল্পনা কিমান দূৰলৈ সফল হয় সেয়া সময়ে ক’ব।

দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিয়া আন্না আন্দোলনৰ পৰাই আম আদমি পাৰ্টিৰ উত্থান ঘটিছিল। অৰবিন্দ কেজৰিৱালে নিজকে এই দলৰ এজন সৎ কৰ্মকৰ্তা বুলি কৈ আহিছে। কিন্তু ইয়াৰ মাজতে দিল্লী সুৰা নীতিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালৰ সততাক লৈ বিজেপিৰ লগতে বিভিন্নজনে প্ৰশ্ন কৰিছিল। এই গোচৰত আপৰ কেইবাজনো নেতা- মন্ত্ৰী গ্ৰেপ্তাৰ হৈছে যদিও এজন এজনকৈ এতিয়া তেওঁলোক জামিন লাভ কৰি আছে। যাৰ বাবে ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে যে এই সুৰ নীতিৰ সৈতে জড়িত বিষয়টোত সুৰুঙা থাকিব পাৰে বা একাংশই নেতাসকলক ইয়াত জড়িত কৰাৰ চেষ্টা কৰিছে।

সৎ  নে নিৰ্দোষী

সুৰা নীতি কেলেংকাৰীৰ গোচৰত অৰবিন্দ কেজৰিৱাল দোষী নে নিৰ্দোষী সেয়া আদলতত প্ৰমাণ হ’ব। কিন্তু কেজৰিৱালে প্ৰায়ে কৈ আহিছে যে তেওঁৰ ওচৰত সততাৰ বাহিৰে একো নাই। তেওঁ কয়, “মোৰ বেংক একাউন্ট খালী হৈ আছে, মই আয়কৰ বিভাগৰ চাকৰি এৰি বস্তিত থাকিব লৈছিলো।পদ আৰু ধনৰ প্ৰতি মোৰ কেতিয়াও লোভ নাছিল কিন্তু দেশৰ সেৱা কৰিব বিচাৰিছিলো। দেশ আৰু সমাজ সেৱাৰ প্ৰতি মোৰ এক আবেগ আছে। গতিকে মই জনতাক সুধিব বিচাৰো আপোনালোকে কেজৰিৱালক সৎ নে দোষী বুলি ভাৱে? যেতিয়ালৈকে জনতাই ৰায় নিদিয়ে তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত নবহো”। ইয়াৰ দ্বাৰা আপে সততাৰ ভাবমূৰ্তি স্থাপন কৰাৰ চেষ্টা কৰিছে।

ৰাজনীতিৰ অংশ

কেইবাটাও চৰ্ত সাপেক্ষে উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। তেওঁ নিজৰ অফিচ বা সচিবালয়লৈ যাব নোৱাৰে। কোনো ফাইলত চকী কৰাৰ আগত তাত প্ৰথমে এলজিয়ে অনুমোদন জনাব লাগিব। এনে ক্ষেত্ৰত কেজৰিৱালে পদত্যাগ আৰু বিধানসভা ভংগ কৰি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে। ২০২৫ চনৰ পৰিৱৰ্তে আপে ২০২৪ চনৰ নৱেম্বৰ মাহত দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে।

শুভ বাৰ্তা

এই সিদ্ধান্তৰ দ্বাৰা আপ লাভান্বিত হোৱাৰ আশা কৰিছে। কেজৰিৱালৰ সমান্তৰালকৈ মনীষ ছিচ’দিয়াইও কোনো পদ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। কেজৰিৱালে বিচাৰিছে যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড সমান্তৰালকৈ দিল্লীতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হওক। যদি এই সময়ত দিল্লীত নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিৰ হাতত বেছি সময় নাথাকিব। কিয়নো বিজেপি এতিয়া অন্য ৰাজ্যৰ নিৰ্বাচনত মনোনিবেশ কৰি আছে। কেজৰিৱালে আশা কৰিছে যে তেওঁৰ এই পদত্যাগ জনসাধাৰণলৈ এক শুভ বাৰ্তা কঢ়িয়াই নিব যাৰ ফলত আপ উপকৃত হ’ব। এই সকলো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এতিয়া নতুন ৰণনীতি তৈয়াৰ কৰাৰ সময় আহিছে। নহ’লে পুনৰ এবাৰ দিল্লী বিধানসভা বিজেপিৰ হাতৰ পৰা যোৱাৰ অৱকাশ আছে।

আপ পৃথক

অৰবিন্দ কেজৰিৱালৰ এই পদত্যাগে বিজেপিৰ লগতে কংগ্ৰেছকো আচৰিত কৰি তুলিছে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়তে জেলৰ পৰা ওলাই আহিছে কেজৰিৱাল। হাৰিয়ানাত আপে ৯০ খন আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে আপে হাৰিয়ানাৰ জনতাক বাৰ্তা দিবলৈ চেষ্টা কৰিব যে আপ আনতকৈ পৃথক আৰু কেজৰিৱাল পদৰ বাবে লোভী নহয়। এতিয়া ৰাজহুৱা আদালতে এই সিদ্ধান্ত ল’ব। এনে বহু ৰাজনৈতিক উদ্দেশ্য আগত লৈ আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অনুমান কৰিব পাৰি।

 

Latest News