কি ইউনিফৰ্ম চিভিল কোড ? ইয়াৰ দ্বাৰা কেনেকুৱা ধৰণৰ আইনী ব্যৱস্থাৰ কথা কোৱা হৈছে ?
ইউনিফৰ্ম চিভিল কোডে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে একে আইন প্ৰযোজ্য কৰাৰ কথা কৈছে । আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহত ইউনিফৰ্ম চিভিল কোড কি ?
আজিৰে পৰা উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) । উল্লেখ্য যে, ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ এক দেশ এক আইন প্ৰণয়ন কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতি আছিল । সেই অনুসৰিয়েই দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডই ২৭ জানুৱাৰী, ২০২৫ চনৰ পৰা এই আইন কাৰ্যকৰী কৰাৰ বাবে আগবাঢ়িছে । ইউনিফৰ্ম চিভিল কোডে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে একে আইন প্ৰযোজ্য কৰাৰ কথা কৈছে । আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহত ইউনিফৰ্ম চিভিল কোড কি ?
ইউনিফৰ্ম চিভিল কোড কি ?
ইউনিফৰ্ম চিভিল কোডত দেশৰ বাবে এক আইনী ব্যৱস্থা প্ৰণয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে । ইয়াত বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ বা ভাগ-বতৰা কৰা, সন্তান তুলি লোৱা আদি বিষয়ত সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে একে সমান আইন প্ৰযোজ্য হোৱাৰ কথা কোৱা হৈছে । দেশৰ সংবিধানৰ ৪৪ নং অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোড বিষয়ে উল্লেখ আছে । য’ত কোৱা হৈছে যে সমগ্ৰ ভাৰতৰ ভূখণ্ডৰ নাগৰিকসকলৰ বাবে একেধৰণৰ নাগৰিক সংহিতা নিশ্চিত কৰাৰ বাবে চেষ্টা কৰিব লাগিব।
ইউনিফৰ্ম চিভিল কোড ভাৰতৰ সংবিধানৰ নীতিৰ নিৰ্দেশক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ নিৰ্দেশনামূলক নীতিৰ ৪৪ নং অনুচ্ছেদৰ উদ্দেশ্য আছিল বৈষম্যৰ আঁতৰাই সমগ্ৰ দেশতে বৈচিত্ৰতাৰ মাজত সমন্বয় সাধন কৰা।
মনকৰিবলগীয়া যে, ইউনিফৰ্ম চিভিল কোডৰ কাৰ্যকৰী কৰাৰ জৰিয়তে ভাৰতৰ প্ৰতিটো ধৰ্মৰে নিজৰ আইন, যেনে- হিন্দু পাৰ্ছনেল ল’,মুছলিম পাৰ্ছনেল ল’ আদি আইনবোৰ আঁতৰাই দেশৰ সকলো জাতি-ধৰ্ম লোকৰ বাবে এক আইন প্ৰণয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এই বিষয়টো অধিক সময় ধৰি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে । এই ইউনিফৰ্ম চিভিল কোডৰ কাৰ্যকৰী কৰাটো ভাৰতীয় জনতা পাৰ্টিৰ মূল প্ৰতিশ্ৰুতি আছিল । কিয়নো দলটোৱে প্ৰথম ক্ষমতালৈ আহিয়ে ইউচিচি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই বিষয়টো ২০১৯ চনৰ লোকসভা নিৰ্বাচনী ইস্তাহাৰৰ অংশ আছিল।
ইউনিফৰ্ম চিভিল কোডৰ প্ৰভাৱ কি হ’ব?
ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে দুৰ্বল শ্ৰেণীক সুৰক্ষা প্ৰদান কৰাৰ লগতে ঐক্যৰ জৰিয়তে জাতীয়তাবাদী চিন্তা-চেতনাক প্ৰসাৰিত কৰা। এই সংহিতা কাৰ্যকৰীয়ে হিন্দু সংহিতা বিধেয়ক, শ্বৰীয়ত আইন আদিৰ দৰে ধৰ্মীয় বিশ্বাসৰ ভিত্তিত বৰ্তমান পৃথকীকৰণ কৰা আইনসমূহ সৰলীকৰণ কৰিব। লগতে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ বা ভাগ-বতৰা কৰা, সন্তান তুলি লোৱা আদি বিষয়ত চাৰিওফালে থকা জটিল আইনসমূহ সৰল কৰি সকলোৰে বাবে এক আইন প্ৰযোজ্য কৰিব। ইয়াৰ দ্বাৰা সকলো নাগৰিকৰ ক্ষেত্ৰত একেখন দেৱানী আইন প্ৰযোজ্য হ’ব ।