5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাকফা ব’ৰ্ড কি? এই আইনত কি সংশোধন হ’ব আৰু কিয় উত্তপ্ত হৈ পৰিছে মুছলিম সমাজ…

এই বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰা দেখা হৈছে। কেইবাটাও মুছলিম দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি হুংকাৰ দিছে যে যদিও এই আইন  সংশোধন হয় তেন্তে দেশৰ ছবি সলনি হৈ যাব। ই

বাকফা ব’ৰ্ড কি? এই আইনত কি সংশোধন হ’ব আৰু কিয় উত্তপ্ত হৈ পৰিছে মুছলিম সমাজ…
বাকফা ব’ৰ্ড
barasha-sarma
Barasha Sarma | Published: 05 Aug 2024 12:32 PM

সোমবাৰে সংসদত উত্থাপন হ’ব কেন্দ্ৰ চৰকাৰৰ বাকফা ব’ৰ্ডৰ সংশোধন বিধেয়ক (waqf board amendment bill) । এই আইনৰ সংশোধৰ প্ৰস্তাৱ দাখিল হোৱাৰ পূৰ্বে দেশত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বিভিন্ন মুছলিম সংগঠন, বাকফা বৰ্ডৰ সদস্য আদিয়ে কৈছে যে যদিহে এই বিধেয়ক গৃহীত কৰি চৰকাৰে নতুন নিয়ম আনে তেন্তে কোনো পধ্যেই ইয়াক মানি লোৱা নহয়। উল্লেখ কৰা প্ৰয়োজন যে  বাকফা ব’ৰ্ডৰ সম্পত্তি সন্দৰ্ভত আইনত সংশোধন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেবিনেট বৈঠকত ৱাকফ সম্পৰ্কীয় আইনত ৪০ টা সালসলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

১৯৫৪ চনত দেশত প্ৰথমবাৰৰ বাবে বাকফা আইন গৃহীত হৈছিল। তাৰ পাছত ১৯৯৫ আৰু ২০১৩ চনত ইয়াৰ সংশোধন হৈছিল। সূত্ৰ অনুসৰি সাধাৰণ মুছলমান, দৰিদ্ৰ মুছলমান মহিলা, বিবাহ বিচ্ছেদ হোৱা মহিলাৰ সন্তানে প্ৰশ্ন কৰিছিল যে চৰকাৰে কিয় ৱাকফ ব’ৰ্ড আইন সংশোধন কৰা নাই?  আজি সাধাৰণ মুছলমানৰ ৱাকফত কোনো স্থান নাই, কেৱল শক্তিশালী মানুহহে ৱাকফত আছে।

বাকফাৰ অৰ্থ

ৱাকফৰ অৰ্থ হৈছে ‘আল্লাহৰ নামত’, অৰ্থাৎ যিবোৰ মাটি কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ নামত নহয়, কিন্তু মুছলমান সমাজৰ অন্তৰ্গত, সেইবোৰ ৱাকফ ভূমি বুলি ধৰা হয়। ইয়াৰ ভিতৰত মছজিদ, মাদ্ৰাছা, শ্মশান, ইদগাহ, সমাধি আৰু প্ৰদৰ্শনী স্থান আদি অন্তৰ্ভুক্ত কৰা হয়।

কিন্তু কিছু সময়ৰ পৰা দেখা গৈছে যে এনে মাটিৰ অপব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰা হৈছে। মুছলমান সম্প্ৰদায়ৰ মাটি নিয়ন্ত্ৰণৰ বাবে ৱাকফ বৰ্ড গঠন কৰা হৈছিল। ৱাকফ ভূমিৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে আৰু মাটিৰ অবৈধ বিক্ৰী ৰোধ কৰিবলৈ ৱাকফ ব’ৰ্ড গঠন কৰা হৈছিল।

প্ৰকাৰ

বাকফা বৰ্ড দুই প্ৰকাৰৰ-

  • ছিয়া বাকফা বৰ্ড
  • চুন্নী বাকফা বৰ্ড

মাটিৰ প্ৰকাৰ

ৱাকফ আলল আউলাদঃ  যিবোৰ মাটি এজন ব্যক্তিয়ে মুছলমান সমাজৰ কল্যাণৰ বাবে দান কৰিছে সেইখিন বাকফা আলল আউলাদৰ অন্তৰ্গত। দানৰ পিছত এই মাটি মুছলমান সমাজে ব্যৱহাৰ কৰে যদিও ইয়াৰ পৰিচালনা দাতাৰ পৰিয়ালৰ সৈতে হয়। পৰিয়ালৰ সদস্যই এনে মাটি বিক্ৰী কৰিব নোৱাৰে, কিন্তু ইয়াৰ ব্যৱহাৰৰ সিদ্ধান্ত ল’ব পাৰে।

ৱাকফ অলল খাইৰঃ এই মাটিবোৰৰ কোনো মালিক নাই। ৱাকফ ব’ৰ্ডৰ অধীনলৈ অহা এই মাটিসমূহত ব’ৰ্ডে এজন ব্যক্তিক নিজৰ পৰিচালক হিচাপে নিযুক্তি দিয়ে। ৱাকফ ব’ৰ্ডৰ ভাষাত এই পৰিচালকজনক মুতাৱাল্লী বুলি কোৱা হয়। এই মাটি সমাজৰ বাবে ব্যৱহাৰ কৰা হয়, কোনো ব্যক্তিয়ে ইয়াৰ ব্যৱহাৰ কৰিব নোৱাৰে।

কি সাল- সলনি হোৱাৰ সম্ভাৱণা

বাকফা বৰ্ডত বহু সাল- সলনি কৰিব পাৰে চৰকাৰে। জানিব পৰা মতে, ৱাকফ ব’ৰ্ড আৰু ৱাকফ কাউন্সিল দুয়োটাতে ২ গৰাকীকৈ মহিলাক নিযুক্তি দিয়া হ’ব। ইয়াৰোপৰি বাকফা বৰ্ডৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ন্যায়ালয়লৈ যাব পাৰিব। ইয়াৰ আগতে এই ধৰণৰ কোনো ব্যৱস্থা নাছিল।

উল্লেখ্য যে, এই বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰা দেখা হৈছে। কেইবাটাও মুছলিম দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি হুংকাৰ দিছে যে যদিও এই আইন  সংশোধন হয় তেন্তে দেশৰ ছবি সলনি হৈ যাব। ইতিমধ্যে এই আইন সংশোধন কৰাৰ বাবে সকলো প্ৰক্ৰিয়া প্ৰায় সমাপ্ত কৰিছে মোদী চৰকাৰে।

Latest News