শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুম্বাই আক্ৰমণ, লস্কৰ আৰু আই এছ আইৰ সংযোগ… NIA-এ সন্ত্ৰাসবাদী তাহাউৰ ৰাণাক কি কি প্ৰশ্ন কৰিছিল?

২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক জেৰা আৰম্ভ কৰিছে এন আই এয়ে। আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰা ৰাণাক ২৬/১১ আক্ৰমণৰ পৰিকল্পনা, লস্কৰ-ই-টাইবাৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু আই এছ আইৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰাণাৰ পাৰিবাৰিক ইতিহাস আৰু ২৬/১১ৰ আক্ৰমণত তেওঁৰ ভূমিকা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে এন আই এয়ে। ২৯ এপ্ৰিললৈকে ৰাণাক এন আই এৰ জিম্মাত ৰখা হৈছে, আৰু নিজৰ ক্ষতি নকৰিবলৈ তেওঁক উচ্চ নিৰাপত্তাৰ অধীনত ৰখা হৈছে।

মুম্বাই আক্ৰমণ, লস্কৰ আৰু আই এছ আইৰ সংযোগ… NIA-এ সন্ত্ৰাসবাদী তাহাউৰ ৰাণাক কি কি প্ৰশ্ন কৰিছিল?
NIA-এ সন্ত্ৰাসবাদী তাহাউৰ ৰাণাক কি কি প্ৰশ্ন কৰিছিল?
barasha-misra
Barasha Misra | Updated On: 11 Apr 2025 19:35 PM

শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক সোধা-পোছা কৰে। তেওঁক আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰি ভাৰতলৈ অনা হয়। ইয়াৰ পিছতে তেওঁক জিম্মাত লয়। সূত্ৰ অনুসৰি চোৰাংচোৱা সংস্থাটোৱে ২৬/১১ আক্ৰমণৰ পৰিকল্পনাত তেওঁৰ ভূমিকা, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিব।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰথম ৰাউণ্ডৰ জেৰাত তাহাউৰ ৰাণাক তেওঁৰ পাৰিবাৰিক পটভূমিৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰিব NIA-এ। ইয়াৰ পিছত ২৬/১১ আক্ৰমণত তেওঁৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন আৰম্ভ হ’ব।

তদন্ত সন্দৰ্ভত এখন ডায়েৰী প্ৰস্তুত কৰা হ’ব আৰু ইয়াৰ প্ৰকাশৰ বিবৃতি পিছত লিপিবদ্ধ কৰা হ’ব। জেৰাৰ সময়ত যাতে তেওঁ নিজৰ কোনো ধৰণৰ নিজৰ ক্ষতি নকৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা হ’ব।

মুম্বাই আক্ৰমণ, আই এছ আই সংযোগ… লৈ প্ৰশ্ন উত্থাপন কৰিব

বৃহস্পতিবাৰে সন্ধিয়া বিশেষ বিমানেৰে দিল্লীত উপস্থিত হোৱা ৬৪ বছৰীয়া ৰাণাক ততাতৈয়াকৈ NIA-এ গ্ৰেপ্তাৰ কৰে। গভীৰ নিশাৰ শুনানিৰ সময়ত তেওঁক পাটিয়ালা হাউছৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু ২৯ এপ্ৰিললৈকে তেওঁক সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোক জিম্মাত ৰখাৰ অনুমতি প্ৰদান কৰে।

আমেৰিকাৰ পৰা তাহাউৰ ৰাণাক প্ৰত্যাৰ্পণ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা ডি আই জি জয়া ৰয়ৰ নেতৃত্বত এন আই এৰ ১২ জনীয়া বিষয়াৰ এটা দলক জেৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এই জিম্মাত থকা সময়ছোৱাত এন আই এয়ে ৰাণাক ব্যাপকভাৱে জেৰা কৰি ষড়যন্ত্ৰৰ সম্পূৰ্ণ পৰিসৰ উন্মোচন কৰাৰ পৰিকল্পনা কৰিছে।

কোনে ধন দি আছিল? অনুসন্ধানত প্ৰকাশ পাব

তদন্তকাৰীয়ে ৰাণাক কোনে ধন দিছিল, শ্লীপাৰ চেলৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁৰ ব্যৱসায়িক সহযোগীসকলৰ পৰিচয়ৰ বিষয়েও তথ্য বিচাৰিব। তেওঁক আৰ্থিকভাৱে সহায় কৰা লোকসকল কোন আছিল?

এন আই এয়ে ২০ দিনৰ ৰিমাণ্ড বিচাৰি কয় যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত লস্কৰ-ই-টাইবাৰ ১০ জন কৰ্মীয়ে সংঘটিত কৰা সমন্বিত আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰৰ সম্পূৰ্ণ পৰিসৰ উন্মোচন কৰিবলৈ ৰাণাৰ জিম্মাত থকা জেৰা অতি গুৰুত্বপূৰ্ণ।

সংস্থাটোৱে নিজৰ আবেদনত জিম্মাত লোৱাৰ আবেদনক সমৰ্থন কৰিবলৈ ইমেইল ৰেকৰ্ডকে ধৰি শক্তিশালী প্ৰমাণৰ উল্লেখ কৰে। অৱশ্যে আদালতে ১৮ দিনৰ জিম্মাত মঞ্জুৰ কৰে। ইয়াৰ উপৰিও ৰাণাক সোধা হৈছিল যে, তেওঁ অধিবক্তা ল’ব বিচাৰে নে আদালতে নিযুক্তি দিয়া আইনী সাহায্য বিচাৰে।

নিজৰ ক্ষতি নকৰিব, বিশেষ গুৰুত্ব দিয়া হৈছে

চিচিটিভি কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা এনআইএৰ মুখ্য কাৰ্যালয়ত ৰাণাক উচ্চ নিৰাপত্তাযুক্ত লকআপত ৰখা হৈছে। ১৪×১৪ কোঠাটোত খাদ্য আৰু অন্যান্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে। জেৰাৰ পৰা হাত সাৰিবলৈ যাতে তেওঁ নিজৰ ক্ষতি নকৰে তাৰ বাবে ২৪ ঘণ্টীয়া নিৰাপত্তাৰক্ষীৰ দৰে বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে।

জিম্মাত থকা জেৰা শেষ হোৱাৰ পাছত ৰাণাক দিল্লীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব, য’ত তেওঁৰ আগমনৰ আশাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।