5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Lawrence Bishnoi: জীৱন্তে জ্বলাই দিছিল যুৱতীক!কিয় আৰু কেনেকৈ লৰেন্স বিষ্ণোই প্ৰৱেশ কৰিছিল অপৰাধ জগতত

Lawrence Bishnoi: বৰ্তমান চৰ্চাত থকা এটা নাম লৰেন্স বিষ্ণোই। এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত বিশেষ চৰ্চাত আছে এই গেঙটো। ৩১ বছৰীয়া লৰেন্স কেনেকৈ অপৰাধ জগতত প্ৰৱেশ কৰিছিল তাৰ আছে এক কাহিনী।

Lawrence Bishnoi: জীৱন্তে জ্বলাই দিছিল যুৱতীক!কিয় আৰু কেনেকৈ লৰেন্স বিষ্ণোই প্ৰৱেশ কৰিছিল অপৰাধ জগতত
লৰেন্স বিষ্ণোই
barasha-sarma
Barasha Sarma | Published: 16 Oct 2024 15:58 PM

এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত বিশেষ চৰ্চাত আছে লৰেন্স বিষ্ণোই। লৰেন্সৰ লগতে এগৰাকী যুৱতীও এতিয়া চৰ্চাত আছে যাক ২০১০ চনত চণ্ডীগড়ৰ ডি এ ভি কলেজত জীৱন্তে জ্বলাই দিয়া হৈছিল। দাবী অনুসৰি, এই যুৱতীগৰাকী লৰেন্সৰ প্ৰেমিকা আছিল। এই ঘটনাৰ পাছতেই লৰেন্সে পঢ়া- শুনা বাদ দি চসংপত নেহৰা আৰু গোল্ডি ব্ৰাৰৰ লগত এটা গেং গঠন কৰে। এই গেঙটোৱে এজন ছাত্ৰ নেতাক হত্যা কৰি অপৰাধৰ জগতখনত প্ৰৱেশ কৰিছিল। এই ঘটনাত লৰেন্স বিষ্ণোই নিজেই গুলীচালনা কৰিছিল।

ঘটনা প্ৰসংগত আমি সেই যুৱতীগৰাকীৰ কথা উল্লেখ কৰিম যাৰ বাবে লৰেন্সৰ জীৱন সলনি হৈ গ’ল বুলি কোৱা হয়। পঞ্জাৱৰ ফিৰোজপুৰৰ এটা অভিজাত কৃষক পৰিয়ালত লৰেন্স বিষ্ণোইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ হাৰিয়ানা আৰক্ষীৰ কনিষ্টবল আছিল। কিন্তু চাকৰি এৰি তেওঁৰ পিতৃ খেতিত মনোনিবেশ কৰিছিল। লৰেন্সৰ ৪-৫ বছৰ মান বয়সত তেওঁক পিতৃয়ে আবোহাৰৰ কনভেণ্ট স্কুলত নাম ভৰ্তি কৰাই দিছিল। লৰেন্স স্কুলত পঢ়ি থকাৰ সময়তে এগৰাকী ছোৱালীৰ লগত ঘনিষ্ঠতা বাঢ়িছিল।

দ্বাদশ শ্ৰেণীলৈ একেলগে পঢ়াৰ পাছত দুয়োৰে পিতৃয়ে দুয়োকে চণ্ডীগড়ৰ ডি এ ভি কলেজত নামভৰ্তি কৰাই দিছিল। এই কলেজত অধ্যয়ন কৰি থাকোতে লৰেন্স ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল আৰু ছাত্ৰ সংঘৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এই নিৰ্বাচনত সেই যুৱতীগৰাকীয়ে লৰেন্সৰ হৈ যথেষ্ঠ প্ৰচাৰ কৰিছিল কিন্তু লৰেন্স নিৰ্বাচনত পৰাস্ত হৈছিল। পৰৱৰ্তী সময়ত জয়ী হোৱা দলটোৰ লগত লৰেন্সৰ দলটোৰ কাজিয়া হোৱা আৰম্ভ হৈছিল।  সেই কাজিয়াৰ পৰিণতিতে এদিন সেই দলটোৱে যুৱতীগৰাকীক কলেজ কেম্পাচৰ ভিতৰত জীৱন্তে জ্বলাই দিয়ে। এই ঘটনাই লৰেন্সৰ জীৱনত বহু প্ৰভাৱ পেলাইছিল।

সেই সময়ত কলেজত লৰেন্সে চম্পত নেহৰা আৰু গোল্ডি ব্ৰাৰ সহযোগ লাভ কৰিছিল। এই তিনিওজনে সকলোৰে সন্মুখত কলেজ কেম্পাচৰ ভিতৰত অন্য দলৰ নেতাক দৌৰাই দৌৰাই মাৰপিট কৰি গুলীয়াই হত্যা কৰিছিল। সেয়াই আছিল আৰম্ভণি।  এই ঘটনাৰ পাছত লৰেন্স, চম্পত আৰু গোল্ডিয়ে পঢ়া এৰি অপৰাধ জগতত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত এই দলটোৱে ধন দাবী, অপহৰণ আদিৰ দৰে ঘটনা সংঘটিত কৰিবলৈ ল’লে।

অতি কম সময়ৰ ভিতৰতে এই তিনিওজনে হাৰিয়ানা-পাঞ্জাৱলৈ আৰু তাৰ পিছত দিল্লীলৈ নিজৰ গেং সম্প্ৰসাৰণ কৰিছিল। মাত্ৰ ৪ বছৰৰ ভিতৰত দিল্লীৰ বহু গেংষ্টাৰ এওলোক চত্ৰছায়াত আহিছিল। এই দলটোৱে ৰাজস্থান, মধ্যপ্ৰদেশ,গুজৰাট আৰু মহাৰাষ্ট্ৰত এশৰো অধিক অপৰাধমূলক কাণ্ড সংঘটিত কৰিছে। লৰেন্স বিষ্ণোইৰ বয়স মাত্ৰ ৩১ বছৰ আৰু যোৱা ৮-৯ বছৰ ধৰি তেওঁ জেলত আছে। বৰ্তমান তেওঁ গুজৰাটৰ সবৰমতী কাৰাগাৰত আছে। শেহতীয়াকৈ নিয়াই দাবী কৰিছিল যে লৰেন্স বিষ্ণোইৰ  গেঙত ৭০০ ৰো অধিক শ্বুটাৰ আছে।

কিন্তু লৰেন্সৰ ঘনিষ্ঠ লোকৰ মতে এই গেঙত মাত্ৰ ৮-৯ জন শ্বুটাৰ আছে। ইয়াৰে একাংশ কাৰাগাৰত আছে আৰু তাৰ পৰাই তেওঁলোকে গেং চলাই আছে। এই গেঙটোৱে ৫ বছৰ পূৰ্বে অপৰাধ সংঘটিত কৰাৰ ধৰণ সলনি কৰিছিল। তেতিয়াৰ পৰা এই গেঙৰ লোকে বেলেগ বেলেগ স্থানত ঘটনা সংঘটিত কৰিবলৈ শ্বুটাৰ নিয়োগ কৰে।

 

 

Latest News