প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ লোৱা আমেৰিকান প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেন কোন ?
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তিনি ঘণ্টা ধৰি বাৰ্তালাপ কৰে আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনে। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় প’ডকাষ্ট। এই তিনি ঘন্টাত ফ্ৰিডমেনে প্ৰধানমন্ত্ৰী মোদীক বহু প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এআইৰ গৱেষক লেক্স ফ্ৰিডমেন
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তিনি ঘণ্টা ধৰি বাৰ্তালাপ কৰে আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনে। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় প’ডকাষ্ট। এই তিনি ঘন্টাত ফ্ৰিডমেনে প্ৰধানমন্ত্ৰী মোদীক বহু প্ৰশ্ন কৰে। এই প’ডকাষ্ট সন্ধিয়া ৫.৩০ বজাৰ পৰা সম্প্ৰচাৰ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰিডমেনৰ সৈতে হোৱা কথা-বতৰাক অতি আকৰ্ষণীয় বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “এই প’ডকাষ্টত মোৰ শৈশৱ, হিমালয়ত কটোৱা সময় আৰু ৰাজহুৱা জীৱনৰ যাত্ৰাকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছিল।”
আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেন কোন?
লেক্স ফ্ৰিডমেন ৰাছিয়াত জন্মগ্ৰহণ কৰা এজন আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু এজন প্ৰখ্যাত AI গৱেষক। তেওঁ কেম্ব্ৰিজৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ সৈতে জড়িত। ইয়াত তেওঁ বিশেষকৈ মানৱ ৰবটৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গৱেষণা কৰে। ১৯৮৩ চনৰ ১৫ আগষ্টত তাজিকিস্তানত জন্মগ্ৰহণ কৰিছিল ফ্ৰিডমেনে। মস্কোত ডাঙৰ-দীঘল হৈছিল আৰু তাৰ পিছত তেওঁৰ পৰিয়াল আমেৰিকাত বাস কৰিবলৈ লয়।
ফিলাডেলফিয়াৰ ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি কম্পিউটাৰ বিজ্ঞানৰ স্নাতক ফ্ৰিডমেন। এই সময়ছোৱাত তেওঁৰ এআই আৰু মেচিন লাৰ্নিঙৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিল। পিছলৈ একেখন প্ৰতিষ্ঠানৰ পৰাই বৈদ্যুতিক আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। এই সময়ছোৱাত তেওঁ মানৱকেন্দ্ৰিক AI আৰু মেচিন লাৰ্নিং প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পি এইচ ডিৰ পিছত তেওঁ এম আই টিত যোগদান কৰে।
প’ডকাষ্টৰ জগতখনত ফ্ৰিডমেন যথেষ্ট বিখ্যাত
প’ডকাষ্টৰ জগতখনত লেক্স ফ্ৰিডমেন অতি বিখ্যাত। ফ্ৰিডমেনৰ ইউটিউব চেনেলত ৪৫ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। ২০১৮ চনৰ পৰা ফ্ৰিডমেনে প’ডকাষ্টিং কৰি আহিছে। তেওঁ বিভিন্ন ক্ষেত্ৰৰ (বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া আৰু ৰাজনীতি) বহুতো বিখ্যাত ব্যক্তিৰ সৈতে প’ডকাষ্ট কৰিছে। তেওঁ এজন আমেৰিকান কম্পিউটাৰ বিজ্ঞানীও।
ফ্ৰিডমেনে বহু বিখ্যাত ব্যক্তিৰ সাক্ষাৎকাৰ লৈছে
লেক্স ফ্ৰিডমেনে তেওঁৰ প’ডকাষ্টত সাক্ষাৎকাৰ লোৱা বিখ্যাত ব্যক্তিসকলৰ ভিতৰত আছে স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্ক, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি আৰু এতিয়া পিএম মোদীৰ নামো এই তালিকাত যোগ কৰা হৈছে।