5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sanjiv khanna: সঞ্জীৱ খান্না কোন? দেশৰ মুখ্য ন্যায়াধীশৰ বাবে নাম প্ৰস্তাৱ ডি ৱাই চন্দ্ৰচূড়ৰ…

Sanjiv khanna: দেশৰ মুখ্য ন্যায়াধীশ হ'ব পাৰে সঞ্জীৱ খান্না। অৱসৰৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰিছে। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Sanjiv khanna: সঞ্জীৱ খান্না কোন? দেশৰ মুখ্য ন্যায়াধীশৰ বাবে নাম প্ৰস্তাৱ ডি ৱাই চন্দ্ৰচূড়ৰ…
সঞ্জীৱ খান্নাৰ বিষয়ে
barasha-sarma
Barasha Sarma | Published: 17 Oct 2024 11:53 AM

অতি শীঘ্ৰে দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ। ১০ নৱেম্বৰ, ২০২৪ চনত সমাপ্ত হ’ব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। এনে পৰিস্থিতিত প্ৰশ্ন হৈছে যে কোন হ’ব তেওঁৰ উত্তৰসূৰী? কোন হ’ব ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ?  জানিব পৰা মতে ডি ৱাই চন্দ্ৰচূড়ে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখি নতুন মুখ্য ন্যায়ধীশৰ নাম প্ৰস্তাৱ কৰিছে। মোদী চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত পৰামৰ্শ আগবঢ়াই ডি ৱাই চন্দ্ৰচূড়ে উল্লেখ কৰিছে যে ন্যায়াধীশ সঞ্জীয় খান্না হ’ব লাগে দেশৰ নতুন মুখ্য ন্য়ায়াধীশ।

যদি কেন্দ্ৰই এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে সঞ্জীৱ খান্না হ’ব ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ। ন্যায়াধীশ খান্নাৰ কাৰ্যকাল ২০২৫ চনৰ ১৩ মে’লৈ প্ৰায় ৭ মাহ হ’ব। খান্নাক ২০১৯ চনৰ জানুৱাৰী মাহত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ পদোন্নতি দিয়া হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স ৬৫ বছৰ।

১০ নৱেম্বৰত ডি ৱাই চন্দ্ৰচূড়ৰ বয়স ৬৫ বছৰ হ’ব, গতিকে এই দিনটোত তেওঁ অৱসৰ গ্ৰহণ কৰিব। ২০২২ চনৰ ৯ নৱেম্বৰৰ পৰা ডি ৱাই চন্দ্ৰচূড় মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ আছে। কেন্দ্ৰীয় চৰকাৰলৈ লিখা পত্ৰত মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰিছে যে. তেওঁৰ অৱসৰৰ পাছত সঞ্জীৱ খান্নাই মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব।

সঞ্জীৱ খান্না কোন

ন্যায়াধীশ সঞ্জীৱ খান্নাৰ জন্ম হৈছিল ১৯৬০ চনৰ ১৪ মে’ত। দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইন অধ্যয়ন কৰি ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে পঞ্জীয়ন লাভ কৰিছিল। প্ৰথমে তেওঁ তিছ হাজৰী কোৰ্টত প্ৰেকটিছ কৰিছিল আৰু পাছত উচ্চ ন্যায়ালয়ত প্ৰেকটিচ কৰা আৰম্ভ কৰিছিল। ২০১৯ চনৰ ১৮ জানুৱাৰীত তেওঁৰ উচ্চতম ন্যায়ালয়লৈ পদোন্নতি হৈছিল।

১৪ বছৰ ধৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাই কাৰ্যনিৰ্বাহ কৰিছে। ২০০৫ চনত তেওঁ দিল্লীৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল আৰু ২০০৬ চনত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল। ন্যায়াধীশগৰাকীয়ে ২০২৩ চনৰ ১৭ জুনৰ পৰা ২০২৩ চনৰ ২৫ ডিচেম্বৰলৈ উচ্চতম ন্যায়ালয়ৰ লিগেল চাৰ্ভিছ কমিটিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ আৰু ভোপালৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ শাসক পৰিষদৰ সদস্য । খান্নাই কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হোৱাৰ পূৰ্বে উচ্চতম ন্যায়ালয়লৈ পদোন্নতি লাভ কৰিছিল।

Latest News