Mamata Banerjee : মমতা বেনাৰ্জীৰ উত্তৰাধিকাৰী কোন ? ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব দিবলৈ সাজু মমতা…

মমতাৰ পাছত তৃণমূল কংগ্ৰেছক কোনে নেতৃত্ব দিব ? অৰ্থাৎ তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেইলৈ প্ৰশ্নৰ সন্মুখীন হৈছিল বংগৰ মমতা বেনাৰ্জীয়ে । ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰখনতো এইলৈ চৰ্চা আৰম্ভ হৈছে । অৱশ্যে মমতা বেনাৰ্জীয়ে এই প্ৰশ্নৰ উত্তৰো দিছে ।

Mamata Banerjee : মমতা বেনাৰ্জীৰ উত্তৰাধিকাৰী কোন ? ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব দিবলৈ সাজু মমতা...

মমতা বেনাৰ্জীৰ উত্তৰাধিকাৰী কোন?

Updated On: 

07 Dec 2024 13:43 PM

মমতাৰ বেনাৰ্জীৰ পাছত বংগৰ তৃণমূল কংগ্ৰেছক কোনে নেতৃত্ব দিব ? অৰ্থাৎ তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেইলৈ প্ৰশ্নৰ সন্মুখীন হৈছিল বংগৰ মমতা বেনাৰ্জীয়ে । ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰখনতো এইলৈ চৰ্চা আৰম্ভ হৈছে । অৱশ্যে মমতা বেনাৰ্জীয়ে এই প্ৰশ্নৰ উত্তৰো প্ৰদান কৰিছে । তেওঁ এই সন্দৰ্ভত কয় যে, পৰৱৰ্তী সময়ত তেওঁৰ দলক কোনে নেতৃত্ব দিব সেই সিদ্ধান্ত তেওঁৰ হাতত নাই । এই সিদ্ধান্ত দলে গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে মমতা বেনাৰ্জীয়ে ।

এটা ব্যক্তিগত চেনেলৰ সৈতে হোৱাৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে, টিএমচি এটা অনুশাসিত দল । এই দলটোত কোনো ব্যক্তিয়ে চৰ্ত নিৰ্ধাৰণ নকৰে। ৰাইজৰ বাবে কি ভাল সেয়া দলেই সিদ্ধান্ত ল’ব। ইফালে, দলটোৰ নেতৃত্বৰ ক্ষেত্ৰত দলৰ জ্যেষ্ঠ নেতাই অগ্ৰাধিকাৰ পাব নে নৱপ্ৰজন্মৰ নেতাই অগ্ৰাধিকাৰ পাব, তাক লৈয়ো আন এক চৰ্চা চলি আছে । এই সন্দৰ্ভতো মমতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে, দলটোৰ ভিতৰত সকলোৱেই বিশেষ । আজি যুৱনেতা কাইলৈ জ্যেষ্ঠ নেতা হ’ব।

উল্লেখ্য যে, দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছে অভিষেক বেনাৰ্জী । অভিষেক বেনাৰ্জী হৈছে মমতা বেনাৰ্জীৰ ভতিজা। গতিকে মমতা বেনাৰ্জীৰ পৰৱৰ্তী উত্তৰাধিকাৰী অভিষেক বেনাৰ্জী হ’ব নেকি সেই লৈয়ো ৰাজনৈতিক ক্ষেত্ৰখনত চৰ্চা হয় । পিছে আনুষ্ঠানিকভাৱে কোনো উত্তৰাধিকাৰী ঘোষণা কৰা নাই টিএমচিয়ে।

একে সময়তে তেওঁক ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বৰ বিষয়ে এটা প্ৰশ্ন সোধাত তেওঁ কয়,’যদি সুযোগ দিয়া হয় তেন্তে মই ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব দিবলৈ সাজু। মই বংগৰ বাহিৰলৈ যাব নিবিচাৰো, কিন্তু ইয়াৰ পৰাই চলাব পাৰিম। ভাৰতৰ মিত্ৰজোঁটত বহু বিৰোধী দল অন্তৰ্ভুক্ত হৈ আছে । গতিকে মই মাত্ৰ ক’ব বিচাৰিছো যে,সকলোকে লগত লৈ যোৱাৰ প্ৰয়োজন আছে।’

মনকৰিবলগীয়া যে, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে অলপতে মন্তব্য প্ৰকাশ কৰিছিল যে, কংগ্ৰেছে নিজৰ অহংকাৰ ত্যাগ কৰি ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্ব মমতাৰ হাতত তুলি দিব লাগে। মহাৰাষ্ট্ৰৰ নির্বাচন আৰু বংগৰ উপ-নির্বাচনত শোচনীয় পৰাজয়ৰ পাছত টিএমচি সাংসদ গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰিছিল ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰত কংগ্ৰেছৰ প্ৰদৰ্শন বেয়া হোৱাৰ বিপৰীতে ঝাৰখণ্ডত কংগ্ৰেছে জেএমএমতকৈ কম আসন পাইছিল। ইফালে, বংগৰ ৬ খন বিধানসভাৰ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হয়। বিধানসভাৰ ছয়খন আসনতে জয়লাভ কৰিছে টিএমচিয়ে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?