শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৬/১১ আক্ৰমণৰ পূৰ্বে তাহাউৰ ৰাণাই ডুবাইত লগ পোৱা ৰহস্যময় ব্য়ক্তিজন কোন ?

ভাৰতত ভৰি দিয়াৰ লগে লগে NIA য়ে গ্ৰেপ্তাৰ কৰে তাহাউৰক। জেৰা অব্যাহত ৰাখিছে NIA য়ে । ইতিমধ্যে এই জেৰাৰ মাজতে এজন ৰহস্যময় ব্যক্তিৰ উন্মেষ ঘটিছে। মুম্বাই আক্ৰমণৰ পূৰ্বে ডুবাইত এই ৰহস্যময় ব্যক্তিজনক লগ পাইছিল তাহাউৰে। তেওঁ মুম্বাই আক্ৰমণৰ সকলো কথা জানিছিল।

২৬/১১ আক্ৰমণৰ পূৰ্বে তাহাউৰ ৰাণাই ডুবাইত লগ পোৱা ৰহস্যময় ব্য়ক্তিজন কোন ?
তাহাউৰ ৰাণাক জেৰা অব্যাহত
manas-borah
Manas Borah | Published: 12 Apr 2025 15:54 PM

২০০৮ চনৰ ২৬ নৱেম্বৰত লস্কৰ সন্ত্ৰাসবাদীয়ে কঁপাইছিল সমগ্ৰ মুম্বাই চহৰ। ইখনৰ পিছত সিখন ঠাইত বিস্ফোৰণ আৰু নিৰ্বিচাৰ গুলীচালনাত বহু সাধাৰণ লোকৰ মৃত্যু হৈছিল। মুম্বাই আক্ৰমণৰ ১৭ বছৰৰ পাছত ভাৰত চৰকাৰে এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক গ্ৰেপ্তাৰ কৰিছে। ভাৰতত ভৰি দিয়াৰ লগে লগে NIA য়ে গ্ৰেপ্তাৰ কৰে তাহাউৰক। জেৰা অব্যাহত ৰাখিছে NIA য়ে । ইতিমধ্যে এই জেৰাৰ মাজতে এজন ৰহস্যময় ব্যক্তিৰ উন্মেষ ঘটিছে। মুম্বাই আক্ৰমণৰ পূৰ্বে ডুবাইত এই ৰহস্যময় ব্যক্তিজনক লগ পাইছিল তাহাউৰে। তেওঁ মুম্বাই আক্ৰমণৰ সকলো কথা জানিছিল। সম্প্ৰতি ডুবাইত থকা সেই ব্যক্তিজনৰ পৰিচয় জানিবলৈ চেষ্টা চলাইছে NIA য়ে ।

আমেৰিকাৰ তদন্তকাৰী সংস্থাই ভাৰত চৰকাৰক দিয়া প্ৰতিবেদনত ডুবাইত তাহাউৰে এজন বিশেষ ব্যক্তিক লগ পোৱাৰ কথা পোহৰলৈ আহিছে। মুম্বাইত ক’ত কেতিয়া আক্ৰমণ হ’ব জানিছিল সেই ব্যক্তিজনে। এন আই এৰ সূত্ৰ অনুসৰি, মুম্বাই আক্ৰমণৰ আন এজন মাষ্টাৰমাইণ্ড ডেভিদ হেডলীয়ে ২০০৮ চনত তাহাউৰ ৰাণাক ভাৰত ভ্ৰমণ নকৰিবলৈ বাৰে বাৰে সকীয়াই দিছিল। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাক কেন্দ্ৰ কৰি ৰাণাক সৈতে এজন ব্যক্তিক সাক্ষাৎ কৰাৰ ব্যৱস্থাও কৰিছিল হেডলীয়ে। এই বৈঠক ডুবাইত হৈছিল।

সম্প্ৰতি ডুবাইৰ এই বিশেষ ব্যক্তিজন পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে জড়িত নে পাকিস্তান সেনাৰ শীৰ্ষ বিষয়া আছিল সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে NIA য়ে। অথবা পাকিস্তানৰ পৰা কাম কৰা লস্কৰ-ই-তৈবা সংগঠনৰ শীৰ্ষ নেতা হ’ব পাৰে বুলি সন্দেহ সৃষ্টি হৈছে ।

NIAৰ বাবে আটাইতকৈ আমোদজনক কথাটো হ’ল, ইমান বছৰে সেই ব্যক্তিজনৰ পৰিচয় গোপন কৰি ৰখা হৈছিল। তদন্তকাৰী সংস্থাটোৱে অনুমান কৰিছে যে. আমেৰিকাৰ চোৰাংচোৱাই জেৰা কৰাৰ সময়ত ৰাণাই ব্যক্তিজনৰ পৰিচয় হয়তো প্ৰকাশ কৰিছিল । সেই জেৰাৰ প্ৰতিবেদন এতিয়া ভাৰতত হাতত পৰিছে । সেই ব্যক্তিজনৰ পৰিচয় গম পোৱাৰ পিছত তদন্তৰ এটা ডাঙৰ টাৰ্নিং পইণ্ট হ’ব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে ।

ইয়াৰ পূৰ্বে এন আই এৰ তদন্তত পোহৰলৈ আহিছিল যে, মুম্বাই আক্ৰমণৰ পৰিকল্পনা বহু বছৰ আগতেই হৈছিল । ২০০৫ চনত ডেভিদ হেডলীয়ে তাহাউৰ ৰাণাক জনাইছিল যে, লস্কৰ-ই-তৈবাই তেওঁক (হেডলী) ভাৰতলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে। হেডলীৰ বিদেশী চেহেৰা আৰু আমেৰিকাৰ পাছপ’ৰ্টৰ বাবে তেওঁ মুম্বাইৰ গুৰুত্বপূৰ্ণ স্থানত মুক্তভাৱে ঘূৰি ফুৰিছিল আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল, যিবোৰ ফটেজ পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল।

এন আই এৰ অনুমান অনুসৰি, লস্কৰ-ই-তৈবাই কেৱল মুম্বাইতে নহয়, দেশৰ আন কেইবাখনো ডাঙৰ চহৰতো এনেধৰণৰ আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।