Maharashtra Chief Minister : আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম ! কোন দলে কেইজন মন্ত্ৰী পাব…?

মঙলবাৰে একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ গৈছিল বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে। দুয়োৰে মাজত প্ৰায় এঘণ্টা ধৰি আলোচনা হৈছিল । ইয়াৰ পিছতে মহাযুতিয়ে মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Maharashtra Chief Minister : আজি ঘোষণা হব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম ! কোন দলে কেইজন মন্ত্ৰী পাব...?

কোন হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী?

Updated On: 

04 Dec 2024 09:33 AM

এতিয়াও স্পষ্ট হোৱা নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব ? সূত্ৰ খবৰ অনুসৰি, শেহতীয়াকৈ মহাযুতীৰ দুই নেতা দেৱেন্দ্ৰ ফাড়নবিছৰ আৰু একনাথ সিন্দেৰ মাজত সাক্ষাৎ হৈছে। সূত্ৰৰ খবৰ অনুসৰি, দেৱেন্দ্ৰ ফাড়নবিছে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণৰ বাবে আগবঢ়াৰ সম্ভাৱনা আছে । দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত একনাথ সিন্দে উপ-মুখ্যমন্ত্ৰীৰ পদত বহিবলৈ সন্মত হৈছে। মহাযুতিৰ আন এজন মিত্ৰ অজিত পাৱাৰেও একেটা পদ পোৱা সম্ভাৱনা আছে । কিন্তু বাকী মন্ত্ৰী পদক লৈ এতিয়াও যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সূত্ৰ খবৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণা কৰিব পাৰে মহাযুতিয়ে।

মঙলবাৰে একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ গৈছিল বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে। দুয়োৰে মাজত প্ৰায় এঘণ্টা ধৰি আলোচনা হৈছিল । ইয়াৰ পিছতে মহাযুতিয়ে মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। চৰ্চা আৰম্ভ হৈছে যে, মিত্ৰজোঁট চৰকাৰে দপ্ত বিতৰণৰ বাবে নতুন সূত্ৰ গ্ৰহণ কৰিব পাৰে।

ইয়াৰ পূৰ্বে মহাযুতীৰ চৰকাৰত বিজেপি আৰু শিৱসেনাৰ ১০ জনকৈ মন্ত্ৰী আছিল। অজিত পাৱাৰৰ দলৰ মন্ত্ৰীসভাত ৯ জন মন্ত্ৰী আছিল। সকলোৱেই আছিল কেবিনেট মন্ত্ৰী। এইবাৰ নতুন চৰকাৰত বিজেপিৰ পৰা ২০ জন মন্ত্ৰী থাকিব পাৰে। শিৱসেনাৰ ১৩ বিধায়ক আৰু অজিত পাৱাৰ দলৰ ৯ বিধায়কক মন্ত্ৰী পদ দিয়াৰ সম্ভাৱনা আছে ।

চৰ্চা হৈছে যে, বিধানসভাৰ ৫৭খন আসন লাভ কৰা শিৱসেনাই ১৩ৰ পৰা ১৬টা মন্ত্ৰী পদ লাভ কৰিব পাৰে । সূত্ৰ অনুসৰি, ইয়াৰে ৭জন কেবিনেটত আৰু ৬জন ৰাজ্যিক মন্ত্ৰী হ’ব। এন চি পিৰ ৪১ গৰাকী বিধায়ক নিৰ্বাচিত হৈছে। অজিত পাৱাৰে দিয়া সূত্ৰ অনুসৰি, প্ৰতি ৫ জন বিধায়কৰ মাজত এটাকৈ মন্ত্ৰী পদ থাকিব লাগে।

কিন্তু সূত্ৰ অনুসৰি, অজিত পাৱাৰৰ দলৰ পৰা ৫জন বিধায়কক কেবিনেটত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে আৰু ৪ জনক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব পাৰে। উল্লেখ্য যে, মন্ত্ৰীসভাত মুঠ ৪৩ জন মন্ত্ৰী থকাৰ সম্ভাৱনা আছে ।]

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...