কোনে আৰু কিয় হত্যা কৰিলে কলকাতাৰ চিকিৎসকক? এটা ভাইৰেল অডিঅ’ ক্লিপে সৃষ্টি কৰিছে ঘটনাৰ নতুন মোৰ

অডিঅ' ক্লিপটোত উল্লেখ আছে যে, চিকিৎসক হত্যাৰ ঘটনাৰে জড়িত আছে অভিযুক্তসহ এগৰাকী মহিলা। প্ৰথমে ভুক্তভোগীগৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছিল। তাৰ পাছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই আক্ৰমণ ঘটনাত মহাবিদ্যালয়খনৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

কোনে আৰু কিয় হত্যা কৰিলে কলকাতাৰ চিকিৎসকক?  এটা ভাইৰেল অডিঅ ক্লিপে সৃষ্টি কৰিছে ঘটনাৰ নতুন মোৰ

কোনে আৰু কিয় হত্যা কৰিলে কলকাতাৰ চিকিৎসকক?

Published: 

16 Aug 2024 13:02 PM

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ড। দিন যিমানে বাগৰিছে সিমানে সলনি হৈছে ঘটনাৰ প্ৰেক্ষাপট। এইবাৰ এগৰাকী মহিলা চিকিৎসকে আনিছে চিকিৎসা মহাবিদ্যালয়খনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। সামজিক মাধ্যম এক্সক এটা ভাইৰেল অডিঅ’ ক্লিপক লৈ এতিয়া সৰ্বত্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

অডিঅ’ ক্লিপটোত উল্লেখ আছে যে, চিকিৎসক হত্যাৰ ঘটনাৰে জড়িত আছে অভিযুক্তসহ এগৰাকী মহিলা। প্ৰথমে ভুক্তভোগীগৰাকীক নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছিল। তাৰ পাছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই আক্ৰমণ ঘটনাত মহাবিদ্যালয়খনৰ অধ্যক্ষসহ শীৰ্ষ বিষয়াও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। কেৱল ইমানেই নহয় চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে যৌন আৰু ড্ৰাগচৰ ৰেকেট চলাই থকাৰ অভিযোগ উঠিছে।

 

 


অডিঅ’ ক্লিপটোত আন এটা দিশো উন্মোদিত হৈছে, য’ত কোৱা হৈছে পিজি পাঠ্যক্ৰমৰ নামত কলেজখনৰ অধ্যক্ষ আৰু বিভাগীয় মুৰব্বীয়ে ইণ্টাৰ্নসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল। মহিলা কণ্ঠস্বৰটোত কোৱা হৈছে ভুক্তভোগীগৰাকীক আন শিক্ষাৰ্থীৰ দৰে ধন পৰিশোধৰ বাবে হেচা প্ৰয়োগ কৰা হৈছিল। যেতিয়া ছাত্ৰীগৰাকীয়ে দাবী কৰা ধন দিবলৈ অমান্তি হৈছিল তেতিয়াই অধ্যক্ষ আৰু অন্য জ্যেষ্ঠ চিকিৎসকলে ছাত্ৰীগৰাকীৰ ওপৰত চলাইছিল অমানষিক নিৰ্যাতন।
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে যেতিয়া মহাবিদ্যালয়খনৰ কলা দিশ উদঙাই দিয়াৰ ভাবুকি দিছিল তেতিয়াই ছাত্ৰীগৰাকীৰ ওপৰত মানসিক নিৰ্যাতন চলাইছিল জ্যেষ্ঠ চিকিৎসকলে। ৩৬ ঘণ্টা ধৰি নিৰন্তৰ কাম কৰিবলৈ ছাত্ৰীগৰাকীক বাধ্য কৰোৱা হৈছিল।

মৃত্যুৰ ৬ মাহ পূৰ্বৰে পৰাই এইদৰে মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছিল ছাত্ৰীগৰাকী। পশ্চিমবংগৰ প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়তে ধনদাবী প্ৰথা থকা বুলি এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই ভাইৰেল অডিঅ’ ক্লিপটোত। কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব নিৰাপত্তাৰ দাবীৰে চিকিৎসক সমাজ ৰাজপথলৈ ওলাই অহাটো সঁচাকৈ এক চিন্তনীয় বিষয়।

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিবিআইক দোষীক শাস্তি প্ৰদানৰ বাবে আদেশ দিছে। অহা দেওবাৰৰ ভিতৰত তেওঁক ফাঁচী দিব লাগে বুলি কয়। এই দাবীৰে আজি বিয়লি ৰাজপথলৈ ওলাই আহিব তৃণমূলৰ কৰ্মী। মমতা বেনাৰ্জীৰ শোভাযাত্ৰা মৌলালিৰ পৰা ডৰিনা ক্ৰছিংলৈ। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব শোভাযাত্ৰা। এই শোভাযাত্ৰাত ধৰ্ষণ গোচৰৰ অভিযুক্তক শাস্তি আৰু ফাঁচী দিয়াৰ দাবী উত্থাপন কৰা হ’ব।

বুধবাৰে মাজনিশা আৰ জি কাৰত সংঘটিত আক্ৰমণৰ পিছতে বন্ধৰ আহ্বান জনাইছে SUCIয়ে। শুকুৰবাৰে পুৱাৰে পৰা ১২ ঘণ্টীয়া বংগ বন্ধৰ আহ্বান। চিকিৎসালয়ত সংঘটিত হোৱা ভয়াৱহ ঘটনাৰ প্ৰতিবাদত এই বন্ধ আহ্বান কৰা হৈছে। কিন্তু ৰাজ্য সচিবালয়ে জনাইছে যে চৰকাৰে বন্ধক সমৰ্থন নকৰে। বন্ধত অংশগ্ৰহণ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিজন চৰকাৰী কৰ্মচাৰীক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...