তামিলনাডুৰ বিধানসভাত ‘ৰাষ্ট্ৰীয় সংগীত’ক অপমান ! আধাতে সদন ত্যাগ কৰিলে ৰাজ্যপালে…

আজিৰে পৰা তামিলনাডুৰ শীতকালীন অধিবেশনৰ প্ৰথম দিন । অভিযোগ উত্থাপন হৈছে যে, সদনত ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা হৈছিল । গতিকে ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ভাষণ নিদিয়াকৈয়ে সদনৰ পৰা ওলাই আহিল।

তামিলনাডুৰ বিধানসভাত ৰাষ্ট্ৰীয় সংগীতক অপমান ! আধাতে সদন ত্যাগ কৰিলে ৰাজ্যপালে...

তামিলনাডু ৰাজ্যপাল আৰ এন ৰবি

Updated On: 

06 Jan 2025 14:36 PM

আজি তামিলনাডুৰ শীতকালীন অধিবেশনৰ প্ৰথম দিন । প্ৰথম দিনাই ৰাজ্যপাল আৰ এন ৰবিয়ে ভাষণ নিদিয়াকৈয়ে সদনৰ পৰা ওলাই আহিল। কিয় ভাষণ নিদিয়াকৈ ৰাজ্যখনৰ ৰাজ্যপাল গৰাকীয়ে সদনৰ পৰা ওলাই আহিল সেই লৈ চৰ্চা আৰম্ভ হৈছে । অভিযোগ উত্থাপন হৈছে যে, সদনত ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা হৈছিল । ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যপাল গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সদনৰ পৰা ওলাই আহে।

ৰাজ্যপালৰ চৰকাৰী বাসগৃহ তামিলনাডু ৰাজভৱনে কয় যে, সদনত ৰাষ্ট্ৰীয় সংগীত বজাবলৈ “অস্বীকাৰ” কৰাৰ বাবেই ৰাজ্যপালগৰাকীয়ে বিধানসভাৰ এৰি যায় । এক প্ৰকাৰে ‘তামিল থাই বাজ্থু’ গোৱাৰ পিছত মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু বিধানসভাৰ অধ্যক্ষই ৰাষ্ট্ৰীয় সংগীত বজাবলৈ অস্বীকাৰ কৰা বুলি ৰাজ্যপালৰ কাৰ্যালয়ে অভিযোগ উত্থাপন কৰে। আনহাতে ৰাজ্যপালে তেওঁলোকক ৰাষ্ট্ৰীয় সংগীত গাবলৈ অনুৰোধ কৰিছিল।

তামিলনাডুৰ ৰাজ ভৱনে ছ’চিয়েল মিডিয়া হেণ্ডেলত এইদৰে কয়, ‘আজি তামিলনাডু বিধানসভাত পুনৰবাৰ ভাৰতৰ সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা হয়। ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰাটো আমাৰ সংবিধানত উল্লেখ কৰা প্ৰথম মৌলিক কৰ্তব্যৰ ভিতৰত অন্যতম। ৰাজ্যপালৰ ভাষণৰ আৰম্ভণি আৰু শেষত সকলো ৰাজ্যৰ বিধানসভাত ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। আজি ৰাজ্যপালৰ সদনত উপস্থিত হোৱাৰ লগে লগে কেৱল তামিল থাই বাজ্থু গোৱা হয়।’

‘ৰাজ্যপালে সদনৰ সাংবিধানিক কৰ্তব্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাই দিয়ে আৰু সদনৰ নেতা আৰু মাননীয় অধ্যক্ষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাষ্ট্ৰীয় সংগীত গোৱাৰ বাবে অনুৰোধ জনায়।’ তেওঁলোকে ৰাজ্যপাল গৰাকীৰ এই অনুৰোধ নাকচ কৰাৰো অভিযোগ উত্থাপন কৰিছে তামিলনাডুৰ ৰাজভৱনে । লগতে তামিলনাডুৰ ৰাজ ভৱনে কয় যে, ই এক গুৰুতৰ চিন্তাৰ বিষয়। সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি এনে অসন্মানৰ পক্ষ নোলোৱাৰ বাবে ৰাজ্যপালে সদন এৰিলে বুলি স্পষ্ট কৰি দিছে তামিলনাডুৰ ৰাজ ভৱনে।

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...