Good Governance Day 2024: অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত কিয় সুশাসন দিৱস পালন কৰা হয় ?
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে ভাৰতত প্রতিবছৰে ২৫ ডিচেম্বৰত সুশাসন দিৱস পালন কৰা হয় ৷ বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনৰ দায়ৱদ্ধতাৰ সম্পৰ্কে জনসাধাৰণৰ মাজত বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।
আজি ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্ৰীয় চৰকাৰে পালন কৰিছে সুশাসন দিৱস । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে ভাৰতত প্রতিবছৰে ২৫ ডিচেম্বৰত সুশাসন দিৱস পালন কৰা হয় ৷ বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনৰ দায়ৱদ্ধতাৰ সম্পৰ্কে জনসাধাৰণৰ মাজত বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। ই নাগৰিককেন্দ্ৰিক লগতে সেৱা প্ৰদানৰ উন্নতিৰ বাবে দক্ষ আৰু স্বচ্ছ শাসন ব্যৱস্থাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । আজি ভাৰতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ১০০ বছৰীয়া জন্মদিন পালন কৰিছে।
১৯২৪ চনৰ ২৫ ডিচেম্বৰত বৰ্তমানৰ মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰত অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল। ইয়াৰ পিছত তেওঁ তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰথমে ১৯৯৬ চনত ১৩ দিনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ বিপৰীতে ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ১৩ মাহৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে । ইয়াৰ পাছত ১৯৯৯ চনৰ পৰা ২০০৪ চনৰ ভিতৰত সম্পূৰ্ণ পাঁচ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল অটল বিহাৰী বাজপেয়ী । লেখক হিচাপও পৰিচিত অটল বিহাৰী বাজপেয়ী ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন নেতা আছিল ।
বিজেপিৰ এই মহান নেতা গৰাকীক সন্মান জনাই ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বাজপেয়ীৰ জন্মদিন ২৫ ডিচেম্বৰৰ দিনটো ভাৰতত ‘সুশাসন দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে ২০১৫ চনত অটল বিহাৰী বাজপেয়ীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।
আটল বিহাৰী বাজপেয়ী কাৰ্যকালত সুশাসন প্ৰদৰ্শন কৰা কেইবাটাও পদক্ষেপৰ দিশত কাম কৰা হৈছিল আৰু এই পদক্ষেপ সমূহে ভাৰতীয় অৰ্থনীতিৰ পৰিৱৰ্তনশীল যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । নেতা গৰাকীৰ জন্মদিন উদযাপনৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৯-২৫ ডিচেম্বৰৰ পৰা সুশাসন সপ্তাহও পালন কৰে।