শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত কিয় কলমৰ নিব ভাঙি পেলায় ন্যায়াধীশে ?

কোনো ঘটনাৰ দোষীক যেতিয়া মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় তেতিয়া সেই ৰায় দিয়াৰ ন্যায়াধীশ গৰাকীয়ে ৰায় লিখা কমল ভাঙি পেলায় । কিয় এনে কৰা হয় জানেনে ? মৃত্যুদণ্ড ৰায় লিখা কলমৰ নিব কিয় ভাঙি পেলোৱা হয় তাৰ আঁৰত কেইবাটাও প্ৰচলিত তত্ত্ব আছে।

মৃত্যুদণ্ডৰ শাস্তিৰ ৰায় দিয়াৰ পাছত কিয় কলমৰ নিব ভাঙি পেলায় ন্যায়াধীশে ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 20 Jan 2025 18:50 PM

আজি কলকাতাৰ আৰ জি কৰ কৰ কাণ্ড দোষীৰ শাস্তিৰ ঘোষণা কৰা হয় । দেশ জোকাৰি যোৱা এই ঘটনাত দোষী সাব্যস্ত হয় মূল অভিযুক্ত সঞ্জয় ৰয় । ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ মূল অভিযুক্ত এই সঞ্জয় ৰয়ক যোৱা শনিবাৰে দোষী সাব্যস্ত কৰা হৈছিল আৰু আজিৰ সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা কৰা হয় । ছিয়ালদহ আদালতে সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড শাস্তি প্ৰদান কৰিছে । ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্ন পক্ষৰ পৰা সঞ্জয় ৰয়ৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন হৈছিল যদিও আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । মৃত্যুৰ পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব আৰ জি কৰ কাণ্ডৰ মূল দোষী সঞ্জয় ৰয় । আদালতৰ এই সিদ্ধান্ত গ্ৰহণ কৰে ন্যায়াধীশ অনিৰ্বান দাসে ।

উল্লেখ্য যে, কোনো ঘটনাৰ দোষীক যেতিয়া মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় তেতিয়া সেই ৰায় দিয়াৰ ন্যায়াধীশ গৰাকীয়ে ৰায় লিখা কমল ভাঙি পেলায় । কিয় এনে কৰা হয় জানেনে ? দেশৰ ন্যায় প্ৰক্ৰিয়াত এই পৰম্পৰা অতীজৰ পৰা চলি আহিছে । মৃত্যুদণ্ডৰ পিছত কলম ভাঙি পেলোৱাৰ প্ৰথা ব্ৰিটিছ সাম্ৰাজ্যৰ যুগৰ পৰা চলি আহিছে। ব্ৰিটিছৰ বিচাৰ ব্যৱস্থাত এনে নিয়ম আছিল । এই নিয়ম আজিও চলি আছে। মৃত্যুদণ্ড ৰায় লিখা কলমৰ নিব কিয় ভাঙি পেলোৱা হয় তাৰ আঁৰত কেইবাটাও প্ৰচলিত তত্ত্ব আছে।

  • আটাইতকৈ প্ৰচলিত তত্ত্বটো হ’ল ন্যায়িক ব্যৱস্থাত মৃত্যুদণ্ড আটাইতকৈ কঠোৰ শাস্তি। আদালতে অতি জঘন্য অপৰাধৰ বাবেহে দোষীক মৃত্যুদণ্ড শাস্তি প্ৰদান কৰে । সেই ঘটনা বিৰল হ’ব লাগিব। এই ধৰণৰ ঘটনাত যেতিয়া দোষীক মৃত্যুদণ্ড শাস্তি প্ৰদান কৰা হয় তেতিয়া কলমৰ নিবটো ভাঙি দিয়া হয়। ইয়াৰ কাৰণ হৈছে যাতে ভৱিষ্যতে এনে ধৰণৰ অপৰাধ আৰু কেতিয়াও নহয়।
  • আন এটা তত্ত্ব হ’ল যে- যিটো কলমেৰে মৃত্যুদণ্ড দিয়া হয়, সেই কলমৰ নিব ভাঙি পেলোৱা হৈছিল যাতে ইয়াৰ দ্বাৰা আৰু কোনো শাস্তি বা আদেশ লিখিব পৰা নাযায়।
  • আন এটা যুক্তি হ’ল যে যিহেতু মৃত্যুদণ্ড সৰ্বোচ্চ শাস্তি, গতিকে শাস্তি ঘোষণাৰ পিছত কলমৰ নিব ভাঙি দিয়া হয় যাতে ন্যায়াধীশে সিদ্ধান্ত সলনি কৰিব নোৱাৰে।
  • আন এটা প্ৰচলিত যুক্তি হ’ল- মৃত্যুদণ্ডৰ ফলত অপৰাধীৰ জীৱন শেষ হয়। যিটো কলমেৰে দোষীৰ ৰায়দান লিখে,গোচৰৰ প্ৰতীক হিচাপে ন্যায়াধীশে সেই কলমটোৰ নিবটো ভাঙি পেলায় ।

Latest News