5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

স্বাধীনতা দিৱসৰ অনুষ্ঠানত সংৰক্ষিত আসন এৰি কিয় পিছত বহিল ৰাহুল গান্ধী!

দেশৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে পৰম্পৰাগতভাৱে আজি লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত বিৰোধীৰ নেতা হিচাপে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বাবে আসন সংৰক্ষিত আছিল যদিও তেওঁ পিছৰ সাধাৰণ আসনহে গ্ৰহণ কৰিছিল। এই কাৰণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে প্ৰকৃত তথ্য।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত সংৰক্ষিত আসন এৰি কিয় পিছত বহিল ৰাহুল গান্ধী!
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাহুল গান্ধী
Follow Us
monjit-dutta
Monjit Dutta | Published: 15 Aug 2024 13:54 PM

দেশে আজি পালন কৰিছে ৭৮তম স্বাধীনতা দিৱস। ব্ৰিটিছ ঔপনিৱেশৰ পৰা স্বাধীনতাৰ এই ঐতিহাসিক আৰু গৌৰৱৰ ক্ষণটি পৰম আনন্দৰে আজি উদযাপন কৰিছে দেশবাসীয়ে। পৰম্পৰা অনুসৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উত্তোলন কৰে ভাৰতীয় পতাকা। লালকিল্লাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তেওঁৰ বাবে সংৰক্ষিত আসনৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ’ল পিছৰ সাধাৰণ আসনত। এই লৈ সামাজিক মাধ্যমত কিছু আলোচনা হোৱাও পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে কিয় এইদৰে সংৰক্ষিত আসন এৰি পিছৰ সাধাৰণ আসনত বহিল, সেই সন্দৰ্ভত   সদৰী কৰিছে তথ্য। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, স্বাধীনতা দিৱসৰ অনুষ্ঠানত সন্মুখৰ আসন ৰাহুল গান্ধীৰ বাবে সংৰক্ষিত আছিল যদিও তেওঁ নিজ ইচ্ছামতে সংৰক্ষিত আসনৰ পৰিৱৰ্তে পিছফালে বহিবলৈ সিদ্ধান্ত লয়।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, স্বাধীনতা দিৱস উপলক্ষে বিৰোধী দলৰ নেতা হিচাপে সন্মুখৰ আসন ৰাহুল গান্ধীৰ বাবে সংৰক্ষিত আছিল যদিও তেওঁ নিজৰ ইচ্ছামতে পিছফালে বহিবলৈ সিদ্ধান্ত লয়। তথ্য মতে, ৰাহুল গান্ধীয়ে আসনৰ ব্যৱস্থা কৰা কৰ্মচাৰীসকলৰ আগত অনুষ্ঠানত উপস্থিত থকা নেতাসকলৰ সৈতে সদনত সদায় বহে বুলি উল্লেখ কৰে আৰু সেয়ে এই অনুষ্ঠানত সাধাৰণ মানুহৰ মাজত বহিব বিচাৰে।

ৰাহুল গান্ধী বহা আসনৰ সন্মুখৰ শাৰীত সদ্য সমাপ্ত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা তথা পদকজয়ী ভাৰতীয় খেলুৱৈসকলকো বহি থকা দেখিবলৈ পোৱা গৈছিল। পেৰিছত দুটাকৈ ব্ৰঞ্জ বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু ভাৰতীয় হকী দলৰ গ’লৰক্ষক পি আৰ শ্ৰীজেশ, অধিনায়ক হৰমনপ্ৰীত সিঙৰ লগতে কেইবাগৰাকী সদস্যক ৰাহুল গান্ধীৰ আসনৰ সমুখৰ শাৰীত দেখিবলৈ পোৱা যায়।

লালকিল্লাৰ অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে ৰাহুল গান্ধীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। এক টুইট যোগে তেওঁ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই কয়, “আমাৰ বাবে স্বাধীনতা কেৱল এটা শব্দ নহয় – ই সাংবিধানিক আৰু গণতান্ত্ৰিক মূল্যবোধৰ মাজত নিহিত হৈ থকা আমাৰ আটাইতকৈ ডাঙৰ সুৰক্ষা কৱচ। এয়াই হৈছে প্ৰকাশৰ শক্তি, সত্য কোৱাৰ ক্ষমতা আৰু সপোন পূৰণৰ আশা। জয় হিন্দ।”

লক্ষণীয়ভাৱে সুদীৰ্ঘ ১০ বৰ্ষৰ মূৰত লালকিল্লাত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লোকসভাত বিৰোধীৰ নেতা হিচাপে সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী নেতাই অংশগ্ৰহণ কৰিছে। গত ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ বিপৰীতে বিৰোধী দলৰ নেতাৰ পদ খালী হৈ ৰৈছিল।

এই নিৰ্বাচন দুটাত কোনো বিৰোধী দলে সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ বাবে প্ৰয়োজন হোৱা নিৰ্ধাৰিত সংখ্যক আসন লাভ কৰিব পৰা নাছিল। পিছে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে এককভাৱে ৯৯ খন আসন লাভ কৰি বিৰোধীৰ নেতা নিযুক্তি দিয়াৰ সুযোগ লাভ কৰে আৰু ইয়াৰ পিছতে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়ে।

Latest News