5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভয়ংকৰ! প্ৰেমিক ৰবিৰ সৈতে মিলি স্বামী তৈয়বক হত্যা কৰিলে পত্নীয়ে

দেশত প্ৰতিদিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাই নিজ প্ৰেমিকৰ সৈতে মিলি নৃশংসভাৱে হত্যা কৰে স্বামীক।বৰ্তমান সময়ত পলাতক অৱস্থাত আছে মহিলাগৰাকী।

ভয়ংকৰ! প্ৰেমিক ৰবিৰ সৈতে মিলি স্বামী তৈয়বক হত্যা কৰিলে পত্নীয়ে
প্ৰতীকি ফটোImage Credit source: TV9hindi
barasha-sarma
Barasha Sarma | Published: 22 Dec 2024 20:29 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আজি ঘটনাই একাংশৰ নিদ্ৰা কাঢ়িছে। কিছুমান মানুহ ইমানেই নৃশংস যে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক হত্যা কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে, মহিলাগৰাকী এজন পুৰুষৰ সৈতে অবৈধ সম্পৰ্কত আছিল। এই সম্পৰ্কটোত বাধা হিচাপে থিয় দিছিল স্বামী যাৰ বাবে এই কাণ্ড সংঘটিত কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় ৬ বছৰ ধৰি দুই পতি-পত্নী বেলেগকৈ বাস কৰিছিল। কিন্তু ঘটনাৰ দিনা মহিলাগৰাকীয়ে স্বামীক ঘৰলৈ মাতি আনে আৰু অত্যাধিক সুৰাপান কৰোৱায়। তাৰ পাছতেই মহিলাগৰাকীৰ প্ৰেমিকে তেওঁক ডিঙি চেপি হত্যা কৰে আৰু মাংগৰ পাহাৰলৈ লৈ গৈ জ্বলাই দিয়ে। আজিৰ পৰা প্ৰায় ৬ দিন আগত এই ঘটনা সংঘটিত হৈছে।

ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰি ধোজা এছ এছ অ ৰাজবীৰে কয় যে, যোৱা সোমবাৰে ভুক্তভোগী তৈয়বৰ ভাতৃ ছৰীপে ককায়েকৰ অপহৰণৰ এজাহাৰ দাখিল কৰিছিল। এজাহাৰত তেওঁ তৈয়বৰ পত্নীৰ প্ৰেমিক ৰবিৰ নাম উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ প্ৰেমিক ৰবিক। আৰক্ষীৰ জেৰাত ৰবিয়ে সকলো ঘটনা সন্দৰ্ভত বিৱৰি কয় আৰু হত্যাৰ কথা স্বীকাৰ কৰে। কেৱল এয়াই নহয়, অভিযুক্তৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে পাহাৰৰ পৰা ভুক্তভোগী তৈয়বৰ আধা জ্বলা মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান সময় আৰক্ষীয়ে ৰবিৰ আন এজন সহযোদী আৰু মৃতকৰ পত্নীক বিচাৰি অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈ আৰক্ষীয়ে তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই।

ঘটনাটো কি

মৃত তৈয়বৰ ভগ্নীয়ে জনোৱা অনুসৰি তেওঁৰ ককায়েকৰ বিয়া প্ৰায় ১২ বছৰ আগত হৈছিল। তৈয়বৰ পত্নী অনীশা পাখলৰ বাসিন্দা আছিল আৰু বিয়াৰ পাছত মহিলাগৰাকী শহুৰেকৰ ঘৰতে আছিল। কিন্তু কিছুদিন পাছত তেওঁৰ স্বামীক লৈ নিজৰ ঘৰলৈ গুচি যায়। তেওঁলোকৰ দুটাকৈ সন্তানো হয়। মৃতকৰ ভগ্নীয়ে লগতে জনাই যে, মাকৰ ঘৰত থকাৰ সময়ত মহিলাগৰাকীয়ে ৰবি নামৰ এজন যুৱকক লগ পায় আৰু পাছলৈ দুয়োৰে মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠে। আনকি তেওঁৰ ভাতৃয়েও দুয়োকে কেইবাবাৰো আপত্তিজনক অৱস্থাত দেখা পাইছিল।

ইয়াকে লৈ দুই স্বামী- স্ত্ৰীৰ মাজত পুনৰ কাজিয়া আৰম্ভ হৈছিল। স্বামী তৈয়বে বিচাৰিছিল পত্নী তেওঁৰ লগত ঘৰলৈ গুচি আহক। কিন্তু এই কথা মহিলাগৰাকীয়ে মানি লোৱা নাছিল আৰু তেওঁ মাকৰ ঘৰতে আছিল। এনেকৈয়ে যোৱা ৬ বছৰ ধৰি দুয়ো বেলেগে বেলেগে বাস কৰি আছিল।

এই সকলোবোৰৰ মাজতে তৈয়বৰ পত্নীয়ে স্বামীৰ হত্যাৰ পৰিকল্পনা তৈয়াৰ কৰে। পৰিকল্পনা অনুসৰি মহিলাগৰাকীয়ে তৈয়বক তেওঁৰ ঘৰলৈ মাতে আৰু প্ৰেমিকৰ সৈতে মিলি অত্যাধিক সুৰাপান কৰোৱায়। পৰৱৰ্তী সময়ত প্ৰেমিক ৰবিয়ে হত্যা কৰে  আৰু মৃতদেহ জ্বলাই দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News