শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰকাৰী চাকৰিৰ লালসাত স্বামীক হত্যা! ৪ মাহৰ পাছত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে মৃতদেহ…

চৰকাৰী চাকৰি লাভ কৰাৰ লালসাত এগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। চাৰি মাহ আগতে মৃত্যু হৈছিল স্বামীৰ। ৪ মাহৰ অন্তত অনুসন্ধানৰ বাবে কবৰ খান্দি মৃতদেহটো উলিয়াই আনে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ কাৰণ প্ৰকাশ পাব। মৃতব্যক্তিজন মোলকালামুৰু তালুকৰ তহচিলদাৰৰ কাৰ্যালয়ত এছডিএ আছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

চৰকাৰী চাকৰিৰ লালসাত স্বামীক হত্যা! ৪ মাহৰ পাছত আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে মৃতদেহ…
কৰ্ণাটক চৰকাৰী চাকৰিৰ লালসাত স্বামীক হত্যা অভিযোগ
trishna-kalita
Trishna Kalita | Published: 05 Feb 2025 13:27 PM

কেতিয়াবা যদি টকা, কেতিয়াবা আকৌ চৰকাৰী চাকৰিৰ লালসা। কোনোবাই যদি স্বামীৰ কিডনী বিক্ৰী কৰিছে, কোনোবাই আকৌ হত্যা কৰিছে স্বামীক। এইখন দেশত নিতৌ সংঘটিত হ’ব লৈছে এনে ঘটনা। দুদিন পূৰ্বে স্বামীৰ কিডনী বিক্ৰী কৰি ১০ লাখ টকা লৈ প্ৰেমিকৰ সৈতে পত্নী পলাই যোৱা ঘটনাই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল। এতিয়া আকৌ পোহৰলৈ আহিছে এনে আন এক আচৰিত ঘটনা।

এইবাৰৰ ঘটনা কৰ্ণাটকৰ চিত্ৰদুৰ্গাৰ। য’ত চৰকাৰী চাকৰি লাভ কৰাৰ লালসাত এগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। চাৰি মাহ আগতে মৃত্যু হৈছিল স্বামীৰ। ৪ মাহৰ অন্তত অনুসন্ধানৰ বাবে কবৰ খান্দি মৃতদেহটো উলিয়াই আনে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ কাৰণ প্ৰকাশ পাব। মৃতব্যক্তিজন মোলকালামুৰু তালুকৰ তহচিলদাৰৰ কাৰ্যালয়ত এছডিএ আছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

মৃতকৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যে তেওঁৰ পুত্ৰক হত্যা কৰা হৈছে। অভিযোগটো মৃতকৰ পত্নীৰ বিৰুদ্ধে দিয়া হৈছে। এই ঘটনাটো সংঘটিত হৈছিল চিত্ৰদুৰ্গাৰ হোলালকেৰেত । মৃতসকলৰ নাম সুৰেশ আৰু তেওঁ নেহৰু নগৰৰ বাসিন্দা আছিল। তেওঁৰ পিতৃয়ো চৰকাৰী চাকৰিয়াল আছিল। পিতৃ মৃত্যুৰ পিছত, সুৰেশক চাকৰি দিয়া হৈছিল। সুৰেশৰ মাতৃয়ে স্বামীৰ চাকৰিটো এই আশাত পুত্ৰক দিছিল যে যাতে তেওঁৰ ভালদৰে যত্ন লয়।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, সুৰেশ মোলাকালমুৰু তালুকৰ তহচিলদাৰ কাৰ্যালয়ত এছডিএ আছিল। অভিযোগ উত্থাপন কৰা হৈছে যে, পত্নীৰ সৈতে তেওঁৰ বিবাদ হৈছিল, যাৰ ফলত তেওঁ মাতৃ সৰোজামা আৰু তেওঁৰ ভাতৃসকলৰ পৰা পৃথকে থাকিব লৈছিল। ২০২৪ চনৰ ৮ অক্টোবৰত সুৰেশৰ মৃত্যু হয়। কোনো খবৰ নিদিয়াকৈ তেওঁৰ পত্নী নাগৰত্নাই তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল। যেতিয়া এই কথা সুৰেশৰ মাতৃ অৱগত কৰাৰ সময়ত কোৱা হৈছিল যে সুৰেশৰ জণ্ডিচ ৰোগ আক্ৰান্ত হৈছিল, যাৰ ফলত তেওঁৰ মৃত্যু হয়।

সুৰেশৰ মৃত্যুক লৈ মাতৃয়ে তেওঁৰ বোৱাৰী নাগৰত্নাৰ ওপৰত সন্দেহ উপজিছিল। তেওঁৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। সৰোজামাই অভিযোগ দাখিল কৰিছে যে নাগৰত্নাই তেওঁৰ পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছে। তাৰ পিছত জণ্ডিচত মৃত্যু হোৱা বুলি মিছা কথা কৈছে। ভুক্তভোগীৰ মাতৃয়ে আৰক্ষী আৰু লোকায়ুক্তৰ ওচৰত অভিযোগ কৰিছে যে তেওঁ এয়া এইবাবেই কৰিছে কাৰণ তেওঁ ভাবিছিল যে তেওঁৰ স্বামীয়ে তেওঁক এটা চাকৰি দিব। অন্ত্যেষ্টিক্ৰিয়াৰ চাৰি মাহ পিছত এতিয়া হলকেৰে ৰোড কবৰস্থানৰ পৰা সুৰেশৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । ইতিমধ্য়ে সম্পন্ন কৰা হৈছে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা।