Winter Parliament Session : আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, তালিকাভুক্ত ১৬ খন বিধেয়ক, কেনেদৰে সাজু হৈছে বিৰোধী…?

আজিৰে পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । জানিব পৰা মতে,  এই শীতকালীন অধিৱশেনৰ বাবে ৱাকফকে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে ।

Winter Parliament Session : আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, তালিকাভুক্ত ১৬ খন বিধেয়ক, কেনেদৰে সাজু হৈছে বিৰোধী...?

আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন

Published: 

25 Nov 2024 06:55 AM

আজি ২৫ নৱেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । জানিব পৰা মতে,  এই শীতকালীন অধিৱশেনৰ বাবে ৱাকফকে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে ।

ইফালে সূত্ৰ খবৰ অনুসৰি,সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিন সোমবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহৰ বৈঠক আহ্বান কৰা হৈছে। এই বৈঠক পুৱা ১০ বজাত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সদস্য মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। এই বৈঠকত সংসদৰ শীতকালীন অধিৱেশনত কি কি বিষয় বিৰোধীয়ে উত্থাপন কৰিব তাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিৰোধী দলসমূহে মণিপুৰ, ৱাকফ বিল আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ দৰে বিষয়সমূহ উত্থাপন কৰিব পাৰে । উল্লেখ্য যে, কেৰালা ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে চাৰি লাখৰো অধিক ভোটত জয়লাভ কৰে। প্ৰিয়ংকা গান্ধীয়ে প্ৰথমবাৰৰ বাবে শীতকালীন অধিৱেশনৰ পৰা আৰম্ভ কৰিব সংসদীয় জীৱনৰ যাত্ৰা।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে দেওবাৰে সংসদৰ উচ্চ আৰু নিম্ন দুয়োটা সদনৰ ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। ৰিজিজুৰ সৈতে হোৱা বৈঠকৰ সময়ত বিৰোধী দলসমূহে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত উৎকোচ অভিযোগৰ সন্দৰ্ভত সংসদত আলোচনাৰ অনুমতি দিবলৈ কেন্দ্ৰক আহ্বান জনায়। ইয়াৰ বিপৰীতে দুয়োটা সদনত উত্থাপন হ’বলগীয়া বিষয়সমূহ অধ্যক্ষৰ সন্মতি সাপেক্ষে অনুমোদিত সমিতিসমূহে সিদ্ধান্ত ল’ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰিজিজুৱে কয় যে, লোকসভা আৰু ৰাজ্যসভাৰ সুচাৰুৰূপে কাম-কাজ পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ চৰকাৰে সকলো পক্ষক আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ২০ ডিচেম্বৰলৈকে চলিবলগীয়া অধিৱেশনৰ বাবে ৱাকফ আইন সংশোধনী বিধেয়ককে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰিছে।

ৱাকফ (সংশোধনী) বিধেয়কখন যুটীয়া সংসদীয় সমিতিৰ বিবেচনাধীন হৈ আছে। এই অধিৱেশনত পেনেলে প্ৰতিবেদন দাখিল কৰাৰ কথা । একে সময়তে বিৰোধী সদস্যসকলে পেনেলৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধিৰ দাবী জনাইছে। সূত্ৰ তথ্য অনুসৰি অধিৱেশনৰ সময়ত উত্থাপন, বিবেচনা আৰু গৃহীত কৰাৰ বাবে ৫খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে, আনহাতে ১০খন বিধেয়ক বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?