5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আমেৰিকাৰ সহযোগত ভাৰতত স্থাপন কৰা হ’ব প্ৰথমটো ৰাষ্ট্ৰীয় নিৰাপত্তা ছেমিকণ্ডাক্টৰ উদ্যোগ

ভাৰতে প্ৰথমটো ৰাষ্ট্ৰীয় নিৰাপত্তা ছেমিকণ্ডাক্টৰ উদ্যোগ লাভ কৰিব । ইয়াৰ দ্বাৰা সামৰিক হাৰ্ডৱেৰৰ লগতে দুয়োখন দেশৰ জটিল টেলিকমিউনিকেচন নেটৱৰ্ক আৰু ইলেক্ট্ৰনিকছত ব্যৱহাৰৰ বাবে চিপ উৎপাদন কৰিব।

আমেৰিকাৰ সহযোগত ভাৰতত স্থাপন কৰা হ’ব প্ৰথমটো ৰাষ্ট্ৰীয় নিৰাপত্তা ছেমিকণ্ডাক্টৰ উদ্যোগ
প্ৰধানমন্ত্ৰী মোদী আৰু বাইডেন
Follow Us
manas-borah
Manas Borah | Published: 23 Sep 2024 07:00 AM

আমেৰিকাৰ সহযোগত ভাৰতে প্ৰথমটো ৰাষ্ট্ৰীয় নিৰাপত্তা ছেমিকণ্ডাক্টৰ উদ্যোগ লাভ কৰিব । ইয়াৰ দ্বাৰা সামৰিক হাৰ্ডৱেৰৰ লগতে দুয়োখন দেশৰ জটিল টেলিকমিউনিকেচন নেটৱৰ্ক আৰু ইলেক্ট্ৰনিকছত ব্যৱহাৰৰ বাবে চিপ উৎপাদন কৰিব। শনিবাৰে উইলমিংটনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হোৱা আলোচনাৰ অন্তত এই অভিলাষী ভাৰত-আমেৰিকা যৌথ প্ৰকল্পৰ কথা ঘোষণা কৰা হয়।

মোদী-বাইডেনৰ আলোচনা সন্দৰ্ভত এক যৌথ বিবৃতি অনুসৰি, দুয়োগৰাকী নেতাই ভাৰত-আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অংশীদাৰিত্বক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰে। এই প্ৰকল্পই ভাৰতৰ ছেমিকণ্ডাক্টৰ মিছনক সহায় কৰিব আৰু ভাৰত ছেমি, থাৰ্ডটেক আৰু আমেৰিকাৰ মহাকাশ বাহিনীৰ মাজত কৌশলগত আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ অংশ হ’ব।

এই প্ৰকল্পৰ সন্দৰ্ভত একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া কেৱল ভাৰতৰ প্ৰথমটো প্ৰকল্প নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বহু সামগ্ৰী উৎপাদনকাৰী বিশ্বৰ প্ৰথমটো উদ্যোগ হ’ব। তেওঁলোকে কয় যে, এই উচ্চ প্ৰযুক্তিৰ বাবে আমেৰিকাৰ সেনাই ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ প্ৰথমবাৰৰ বাবে সন্মত হৈছে আৰু ই এক ঐতিহাসিক মুহূৰ্ত।

যৌথ বিবৃতি অনুসৰি, ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা, পৰৱৰ্তী প্ৰজন্মৰ টেলিকমিউনিকেচন আৰু সেউজ শক্তি প্ৰয়োগৰ বাবে উন্নত চেন্সিং, যোগাযোগ আৰু ইলেক্ট্ৰনিকছৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন ছেমিকণ্ডাক্টৰ উৎপাদন কেন্দ্ৰ স্থাপনৰ ঐতিহাসিক চুক্তিক প্ৰশংসা কৰে।

Latest News