WITT 2025: ‘হিন্দী ভাষা কাৰো ওপৰত জাপি দিয়া হোৱা নাই’, ভাষা বিতৰ্কৰ সন্দৰ্ভত কি ক’লে জি কিষাণ ৰেড্ডীয়ে ?
ভাষা বিতৰ্ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। টিভি ৯ নেটৱৰ্কৰ উদ্যোগত অনুষ্ঠিত হোৱা "হোৱাট ইণ্ডিয়া থিংকছ টুডে" কনক্লেভৰ দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, "দক্ষিণ ভাৰতত হিন্দী ভাষা কাৰো ওপৰত জাপি দিয়া হোৱা নাই। মই নিজেই দক্ষিণ ভাৰতৰ, কিন্তু মই হিন্দী ক'বলৈ চেষ্টা কৰো।"

হিন্দী ভাষা সকলোৰে ওপৰত জাপি দিয়া হৈছে নেকি ? মাজে মাজে এই সন্দৰ্ভত দেশত বিতৰ্ক সৃষ্টি হয় । বিশেষকৈ দক্ষিণত এই বিষয়টোৱে সৰ্বাধিক চৰ্চা লাভ কৰে । শেহতীয়াকৈ এই বিষয়টোক লৈ পুনৰ দক্ষিণত বিতৰ্ক সৃষ্টি হোৱা দেখা গৈছে । এই ভাষা বিতৰ্ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। টিভি ৯ নেটৱৰ্কৰ উদ্যোগত অনুষ্ঠিত হোৱা “হোৱাট ইণ্ডিয়া থিংকছ টুডে” কনক্লেভৰ দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “দক্ষিণ ভাৰতত হিন্দী ভাষা কাৰো ওপৰত জাপি দিয়া হোৱা নাই। মই নিজেই দক্ষিণ ভাৰতৰ, কিন্তু মই হিন্দী ক’বলৈ চেষ্টা কৰো।”
টিভি৯ নেটৱৰ্কৰ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ কনক্লেভত ভাষণ দি জি কিষাণ ৰেড্ডীয়ে কয় যে, “দক্ষিণ ভাৰতত হিন্দী ভাষা কাৰো ওপৰত জাপি দিয়া হোৱা নাই। মই নিজেই দক্ষিণ ভাৰতৰ পৰা আহিছো, কিন্তু মই হিন্দী ক’বলৈ চেষ্টা কৰো। মই হিন্দী পঢ়া নাই যদিও মই নিশ্চিতভাৱে হিন্দী শিকিছো। স্বাধীনতাৰ পিছৰে পৰা হিন্দী বিৰোধী কথা কোৱাসকলে বুজিব লাগে যে মোদী চৰকাৰৰ বিগত ১০ বছৰত হিন্দী শিকিবলৈ কেতিয়াও কাকো বাধ্য কৰা হোৱা নাই।”
জি কিষাণ ৰেড্ডীয়ে লগতে কয় যে, কংগ্ৰেছৰ দিনতো মানুহে হিন্দীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। কিন্তু ভাৰত চৰকাৰে কাকো হিন্দী ক’বলৈ বাধ্য কৰা নাছিল, বৰঞ্চ মাতৃভাষাক অধিক উৎসাহিত কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “দেশত বিভিন্ন ভাষা আছে। নতুন শিক্ষা নীতিত মাতৃভাষাক বিশেষ গুৰুত্ব দিয়া হৈছে। নিৰ্বাচন আহি আছে, গতিকে ষ্টেলিনয়ে ভাষাৰ নামত ৰাজনীতি কৰিছে। হিন্দী বিৰোধীৰ নামত ৰাজনীতি কৰিছে। এম কে ষ্টেলিনে চাৰি বছৰ ধৰি ক্ষমতাত আছে। এই চাৰি বছৰত তেওঁ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। নিৰ্বাচন আহি আছে, গতিকে নেপোটিজম, দুৰ্নীতি, সুৰা কেলেংকাৰীৰ দৰে বিষয়ৰ পৰা হাত সাৰিবলৈ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী মোদী আৰু হিন্দী ভাষাক ইচ্ছু হিচাপে ল’বলৈ চেষ্টা কৰিছে। হিন্দী বিৰোধিতাৰ নামত ভোট লাভৰ ৰাজনীতি কৰা হৈছে ।”
ৰেড্ডীয়ে কয়, “আমি কোনো ভাষাক আওকাণ নকৰো। সকলোৰে মাতৃভাষাক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে য’তেই যায় তাতেই সেই ঠাইৰ ভাষাৰে ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ মোদীৰ প্ৰতিটো অঞ্চলৰ স্থানীয় মাতৃভাষাৰ প্ৰতি বহুত সন্মান আছে, সেয়া তামিলনাডু হওক, কেৰালা হওক, তেলেংগানা হওক, কৰ্ণাটক হওক, বংগ হওক, মহাৰাষ্ট্ৰ হওক…য’তেই যায় তাতেই প্ৰথমে স্থানীয় ভাষাটোক সন্মান কৰে আৰু তাৰ পিছত নিজৰ ভাষণ দিয়ে।” এইদৰে কয় জি কিষাণ ৰেড্ডীয়ে ।