শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সংকটৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি থাকে ভাৰতৰ ওপৰতঃ প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব প্ৰদানেৰে মন্তব্য মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাওৰ

কাৰ্যসূচীৰ আৰম্ভণিতে মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাৱে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, “What India Thinks Today তৃতীয় সংস্কৰণত প্ৰধানমন্ত্ৰী মহোদয়ক আদৰণি জনাই ধন্য হৈছো। যুদ্ধ কোনো বিকল্প নহয়, আপোনাৰ এই দৃষ্টিভংগী আজি সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা হৈছে। এই সংকটৰ সময়ত সমগ্ৰ বিশ্বই আশাৰে ভাৰতৰ ফালে চাই আছে।”

সংকটৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি থাকে ভাৰতৰ ওপৰতঃ প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব প্ৰদানেৰে মন্তব্য মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাওৰ
ভাষণৰত অৱস্থাত মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাও
monjit-dutta
Monjit Dutta | Published: 28 Mar 2025 19:42 PM

টিভি ৯ নেটৱৰ্কৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে ‘What India Thinks Today’ শীৰ্ষক কনক্লেভ। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীক এই অনুষ্ঠানলৈ আদৰণি জনায় টিভি৯ নেটৱৰ্কৰ পৰিচালনা সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাস, মাই হোম গ্ৰুপৰ অধ্যক্ষ ৰামেশ্বৰ ৰাও আৰু উপাধক্ষ্য জুপল্লী ৰামু ৰাৱে। মাই হোম গ্ৰুপৰ উপাধক্ষ্য ৰামু ৰাৱে ‘What India Thinks Today’ৰ মঞ্চত দেশৰ অৰ্থনীতি কেনেদৰে পৰিৱৰ্তিত হৈছে সেই বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে বিশ্ব ৰাজনীতিত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰে।

কাৰ্যসূচীৰ আৰম্ভণিতে মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাৱে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, “What India Thinks Today তৃতীয় সংস্কৰণত প্ৰধানমন্ত্ৰী মহোদয়ক আদৰণি জনাই ধন্য হৈছো। যুদ্ধ কোনো বিকল্প নহয়, আপোনাৰ এই দৃষ্টিভংগী আজি সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা হৈছে। এই সংকটৰ সময়ত সমগ্ৰ বিশ্বই আশাৰে ভাৰতৰ ফালে চাই আছে। আপোনাৰ নেতৃত্বত ভাৰতে বৰ্তমান পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰি আছে।”

“ভাৰত আজি বিশ্বৰ অৰ্থনীতিৰ চালক হৈ পৰিছে। অহা দুটা বিত্তীয় বৰ্ষত ভাৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হ’ব বুলিও বিশ্ব বেংকে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়েই এই কথাকে উল্লেখ কৰিছে।”- উপাধ্যক্ষ ৰামু ৰাৱে লগতে কয়। দেশৰ অৰ্থনীতিৰ উন্নয়নৰ বিষয়ে বৰ্ণনা কৰি তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰূপায়ণ কৰা নীতিৰ ভিত্তিত ভাৰত এতিয়া এক শক্তিশালী অৰ্থনীতিলৈ পৰিণত হৈছে।

গতিশক্তি আঁচনিৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে পদক্ষেপে ডিজিটেল অৰ্থনীতিক ৰূপান্তৰিত কৰিছে বুলি মন্তব্য কৰি তেওঁ লগতে ‘মোৰ দৰে লাখ লাখ লোকে দক্ষতা বিকাশ আৰু প্ৰগতিৰ মন্ত্ৰ লৈ আগবাঢ়িছে’ বুলিও উল্লেখ কৰে। নিজ ভাষণত তেওঁ লগতে মাই হোম গ্ৰুপৰ লক্ষ্যৰ বিষয়েও প্ৰকাশ কৰে।

ভাষণত ৰামু ৰাৱে কয়, “মাই হোম গ্ৰুপৰ মন্ত্ৰ হৈছে আমাৰ লগতে দেশ সংগঠিত কৰা আৰু বিকাশ কৰা। মই মোৰ পিতৃৰ পৰা অনুপ্ৰাণিত। প্ৰধানমন্ত্ৰী মহোদয়, দেশৰ প্ৰতি আৰু আমাৰ দৰে উদ্যোগীসকলৰ প্ৰতি আপোনাৰ বিশ্বাসৰ বাবেই আজি এই সফলতা আহিছে। আপোনাৰ বাবেই ভাৰত আজি স্থিতিশীলতা, উন্নয়ন আৰু সমতাত বিশ্বাসী।”