পানী টেংকীৰ ওপৰত উঠিল ‘স্বঘোষিত অৱতাৰী’ মহিলাঃ সেৱা জনাবলৈ ৰাইজক কৰিলে দাবী, তাৰ পিছত….

এগৰাকী মহিলাই দেৱী লম্ভাৰ দোহাই দি কৰা আচৰিত কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এই মহিলাগৰাকীয়ে জিলা বিকাশ ভৱনৰ চৌহদত নিৰ্মাণ কৰা পানীৰ টেংকীত উঠি দিন দূপৰতে সৃষ্টি কৰে চাঞ্চল্যৰ। টেংকীৰ ওপৰত উঠি মহিলাগৰাকীয়ে যদি কোনো ক্ষণত নাচিছে, পিছ মুহূৰ্ততে আকৌ হাত যোৰ কৰি প্ৰাৰ্থনা কৰিছে। তাৰ পিছতে আকৌ সেই স্থানত সমবেত লোকক আশীৰ্বাদো দিছে।

পানী টেংকীৰ ওপৰত উঠিল ‘স্বঘোষিত অৱতাৰী’ মহিলাঃ সেৱা জনাবলৈ ৰাইজক কৰিলে দাবী, তাৰ পিছত....

টেংকীৰ ওপৰত উঠিল মহিলা

Published: 

18 Apr 2025 16:50 PM

সময়ে সময়ে সংবাদ মাধ্যম বা সামাজিক মাধ্যম যোগে দেৱতা অথবা ভূত লম্ভাৰ নামত কিছুমান লোকৰ নানা অদ্ভুত কাৰ্য পোহৰলৈ আহে। কোনো লোকে যদি আত্মপ্ৰচাৰৰ বাবে এনে কৰে, আন কোনো লোকে মানসিক বিকাৰৰ বাবে এনে ধৰণৰ কাৰ্য কৰা বুলি ধাৰণা কৰা হয়। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে এনে এক ঘটনা। এইবাৰ ঘটনাৰ স্থলী হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলা। এগৰাকী মহিলাই দেৱী লম্ভাৰ দোহাই দি কৰা আচৰিত কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এই মহিলাগৰাকীয়ে জিলা বিকাশ ভৱনৰ চৌহদত নিৰ্মাণ কৰা পানীৰ টেংকীত উঠি দিন দূপৰতে সৃষ্টি কৰে চাঞ্চল্যৰ।

টেংকীৰ ওপৰত উঠি মহিলাগৰাকীয়ে যদি কোনো ক্ষণত নাচিছে, পিছ মুহূৰ্ততে আকৌ হাত যোৰ কৰি প্ৰাৰ্থনা কৰিছে। তাৰ পিছতে আকৌ সেই স্থানত সমবেত লোকক আশীৰ্বাদো দিছে। পানীৰ টেংকিত উঠি মহিলাগৰাকীয়ে এনে পৰিস্থিতিৰ সৃষ্টি কৰাৰ তথ্য পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত আৰক্ষীসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু বহু চেষ্টাৰ অন্তত মহিলাগৰাকীক তললৈ নমাই আনে।

এই কাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ নাম ফুলৱতী বুলি প্ৰকাশ পাইছে। মহিলাগৰাকীয়ে জিলা বিকাশ ভৱনৰ চৌহদত উপস্থিত হৈ সেই স্থানত থকা লোকসকলৰ আগত নিজকে এগৰাকী দেৱীৰ অৱতাৰ বুলি ঘোষণা কৰে আৰু সকলো লোকে তেওঁৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিব লাগে বুলি দাবী জনায়। কিন্তু সেই স্থানত থকা কোনো লোকেই তেওঁৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াত তেওঁ হঠাৎ চৌহদত নিৰ্মাণ কৰা পানীৰ টেংকীটোৰ ওপৰলৈ উঠি যায়।

ইয়াৰ পিছত তেওঁ পানীৰ টেংকীৰ ওপৰতে নাচি নাচি ভজন গাবলৈ আৰম্ভ কৰে। প্ৰায় তিনিঘণ্টা সময় ধৰি এনে কাণ্ড চলায় মহিলাগৰাকীয়ে। ইফালে মহিলাগৰাকীয়ে সৃষ্টি কৰা পৰিস্থিত দেখি বিভাগীয় কৰ্মচাৰীসকলে আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু বহু সময়ৰ চেষ্টাৰ অন্তত মহিলাগৰাকীক প্ৰায় ১০০ ফুট ওখ টেংকীটোৰ পৰা নিৰাপদে নমাই আনিবলৈ সক্ষম হয়।

মহিলাগৰাকীক তললৈ অনাৰ পিছত আৰক্ষীয়ে তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মহিলাগৰাকী মানসিকভাৱে অসুস্থ আৰু সেইবাবেহে তেওঁ এনে ধৰণৰ আচৰণ দেখুৱাইছিল।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়