৫ বাৰ বন্ধ্যাকৰণ কৰাৰ পাছতো ২.৫ বছৰত ২৫ বাৰকৈ গৰ্ভৱতী মহিলা…
এক আজৱ ঘটনা। ৫ বাৰ বন্ধ্যাকৰণ কৰাৰ পাছতো ২৫ বাৰকৈ গৰ্ভৱতী হয় এগৰাকী মহিলাই। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই বিভিন্নজনক স্তম্ভিত কৰি তুলিছে।

প্ৰতীকি ফটো
এক আজৱ ঘটনা। ৫ বাৰকৈ বন্ধ্যাকৰণ কৰাৰ পাছতো ডেৰ বছৰত ২৫ বাৰ গৰ্ভধাৰণ কৰে এগৰাকী মহিলাই। এই কথা শুনিলে যদিও আচৰিত লাগে, কিন্তু এয়াই যেন সত্য! শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই চকু কপালত তুলিছে বিভিন্নজনৰ। উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, স্বাস্থ্য বিভাগে চি এইচ চি ফাতেহাবাদৰ নিয়মীয়া অডিট চলাই থকাৰ সময়ত এই ঘটনা পোহৰলৈ আহে। নথি-পত্ৰ পৰীক্ষা কৰি থকাৰ সময়ত অডিটৰসকল স্তম্ভিত হৈ পৰে। কিয়নো নথিত প্ৰকাশ পাই যে একে নামৰ এগৰাকী মহিলাৰ ৰেকৰ্ডত ২৫ বাৰ প্ৰসৱ আৰু ৫ বাৰ বন্ধ্যাকৰণৰ তথ্য আছে। এয়াই নহয়,চৰকাৰী আঁচনিৰ অধীনত মহিলাগৰাকীৰ বেংক একাউন্টলৈ প্ৰায় ৪৫,০০০ টকা প্ৰেৰণ কৰা হৈছে।
দোষীৰ বিৰুদ্ধে ব্যৱস্থা
বিষয়টো অডিট টিমৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকে লগে লগে চিএমঅ’ আগ্ৰা ডাঃ অৰুণ শ্ৰীবাস্তৱক এই বিষয়ে অৱগত কৰে। পৰৱৰ্তী সময়ত ডাঃ শ্ৰীবাস্তৱ সেই স্থানত উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ কয় যে, কাৰিকৰী ভুল নে এয়া এক কেলেংকাৰী সেয়া তদন্তৰ অন্তত পোহৰলৈ আহিব। যদি কোনোবা দোষী সাৱ্যস্ত হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ঘটনাটো কি
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্য চৰকাৰে মহিলাসকলৰ বাবে দুখন বিশেষ আঁচনি চলায়। ইয়াৰে এখন আঁচনি জননী সুৰক্ষা যোজনা আৰু আনটো মহিলা বন্ধ্যাকৰণ প্ৰৰোচনা আঁচনি। জননী সুৰক্ষা যোজনাৰ অধীনত প্ৰসৱৰ পিছত মহিলাগৰাকীক ১৪০০ টকা আৰু প্ৰেৰণা যোগোৱা আশা কৰ্মীক ৬০০ টকা দিয়া হয়।
ইয়াৰ বিপৰীতে বন্ধ্যাকৰণৰ পিছত মহিলাগৰাকীয়ে ২০০০ টকা আৰু আশাকৰ্মীয়ে ৩০০ টকা লাভ কৰে। এই ধন ৪৮ ঘণ্টাৰ ভিতৰত পোনপটীয়াকৈ মহিলাগৰাকীৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হয়। গতিকে এই আঁচনি দুখনৰ সুবিধা লৈ কোনোৱে বাৰে বাৰে প্ৰসৱ আৰু পাছত বন্ধ্যাকৰণ দেখুৱাইছিল। তেনেক্ষেত্ৰত প্ৰতিবাৰে তেওঁ চৰকাৰী ধন লাভ কৰিছে। এনেকৈ কোনোৱে প্ৰায় ৪৫,০০০ টকা আত্মসাৎ কৰাৰ সন্দেহ কৰিছে একাংশই।
এই সন্দৰ্ভত চিএমঅ’ই কয় যে, ফতেহাবাদ আৰু শ্বামছাবাদৰ চিএইচচিসমূহত বছৰ বছৰ ধৰি একাংশ কৰ্মচাৰীয়ে অনিয়ম সংঘটিত কৰি আহিছে।। ইয়াৰ বাবেই তেওঁ এবছৰত চাৰিজন অধীক্ষকক বদলি কৰা হৈছে। চিএমঅ’ ড০ অৰুণ শ্ৰীবাস্তৱে বিশেষ তদন্ত সমিতি গঠনৰ কথা ঘোষণা কৰিছে। এই কমিটীয়ে তদন্ত কৰাৰ অন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব।