পিতৃৰ মৃত্যুৰ খবৰ পাই ৰাওনা হৈছিল পিতৃগৃ্হলৈ, বাছতে সন্তান প্ৰসৱ মহিলাৰ

উত্তৰ প্ৰদেশৰ আলিগড়ত এখন বাছতে সন্তান জন্ম দিয়ে এগৰাকী মহিলাই। গৰ্ভৱতী মহিলাগৰাকীয়ে তেওঁৰ পিতৃৰ মৃত্যুৰ খ্বৰ পাই কনৌজৰ পৰা দিল্লীস্থিত পিতৃগৃ্হলৈ গৈ আছিল। যাত্ৰাপথতে প্ৰসৱ বেদনা অনুভৱ কৰাৰ পিছত বাছৰ ভিতৰতে সন্তানটি জন্ম দিয়ে মহিলাগৰাকীয়ে।

পিতৃৰ মৃত্যুৰ খবৰ পাই ৰাওনা হৈছিল পিতৃগৃ্হলৈ, বাছতে সন্তান প্ৰসৱ মহিলাৰ

বাছতে সন্তান জন্ম দিলে মহিলাই

Published: 

06 Sep 2024 13:35 PM

উত্তৰ প্ৰদেশৰ এক বিশেষ ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। ৰাজ্যখনৰ কনৌজৰ পৰা দিল্লী অভিমুখী এখন বাছতে সন্তান প্ৰসৱ কৰিছে এগৰাকী গৰ্ভৱতী মহিলাই। পিতৃৰ মৃত্যুৰ খবৰ পাই দিল্লীলৈ গৈ আছিল মহিলাগৰাকী। এই সময়ছোৱাত মহিলাগৰাকীয়ে বাছখনতে প্ৰসৱ বেদনা অনুভৱ কৰে। ৯১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰাৰত বাছখন আলিগড় পোৱাৰ সময়তে সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। ৰোডৱেজ বাছখনত যিহেতু এগৰাকীও মহিলা যাত্ৰীয়ে সহায় আগবঢ়াব পৰা নাছিল, মহিলাগৰাকীৰ স্বামীয়েই সন্তান প্ৰসৱত তেওঁক সম্পূৰ্ণ সহায় আগবঢ়ায়।

সন্তান প্ৰসৱৰ পিছতে বাছ চালকজনে মাতৃ আৰু সদ্যোজাত সন্তানটিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক জিলা চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰা হয়। প্ৰকাশিত খবৰ অনুসৰি বন্নাদেৱী কোতৱালি অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকী কনৌজৰ ভগৱানপুৰ অঞ্চলৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল।

ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী শিৱশান্তই জানিবলৈ দিয়া মতে পত্নী ছোনীৰ পিতৃৰ মৃত্যুৰ খবৰ শুনি তেওঁলোক দুয়ো বাছ যোগে দিল্লীলৈ গৈ আছিল। কনৌজৰ পৰা আলিগড় হৈ দিল্লী অভিমুখে ৰাওনা হৈছিল তেওঁলোকে যাত্ৰা কৰা বাছখন। এই সময়ছোৱাত পত্নী ছোনীৰ হঠাৎ প্ৰসৱ বেদনা হ’বলৈ ধৰে। ছোনীৰ প্ৰসৱ বেদনা বৃদ্ধি পোৱা দেখি ৰোডৱেজ বাছখনৰ চালকে বাছখন পথৰ দাঁতিত ৰখাই দিয়ে।

ইফালে বাছখনত দুগৰাকী মহিলা যাত্ৰী উপস্থিত আছিল যদিও এই মহিলা দুগৰাকীয়ে ছোনীৰ বিষৰ তীব্ৰতা দেখি ভীতিগ্ৰস্ত হৈ পৰে আৰু সেয়ে ছোনীক এই কষ্টকৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল বুলি শিৱশান্তই লগতে উল্লেখ কৰিছে। এনে পৰিস্থিতিত পত্নীক বিষত ভুগি থকা দেখি তেওঁ নিজেই প্ৰসৱৰ বাবে পত্নীক প্ৰয়োজনীয় সহায় আগবঢ়ায়।  সন্তান প্ৰসৱৰ পিছত ৰোডৱেজ বাছ চালক সমৰ সিঙে খৰখেদাকৈ বাছখন জিলা চিকিৎসালয়লৈ লৈ যায়।

বাছখন চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে এই ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে চিকিৎসালয়খনৰ চিকিৎসককে ধৰি কেইবাগৰাকীও কৰ্মচাৰী সহায়ৰ বাবে ৰোডৱেজ বাছখনৰ ভিতৰলৈ সোমাই যায় আৰু তাৰ পিছতে তাৎক্ষণিকভাৱে মাতৃ আৰু নৱজাত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰাই দিয়ে। জিলা চিকিৎসালয়খনৰ এগৰাকী মহিলা চিকিৎসকে জানিবলৈ দিয়া মতে, সম্প্ৰতি সন্তান আৰু মাতৃ দুয়োজনেই সুস্থ অৱস্থাত আছে।

সদ্যোজাত শিশু আৰু মাতৃ দুয়ো চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে বুলি চিকিৎসকগৰাকীয়ে লগতে জানিবলৈ দিয়ে। ইফালে এনে এক কঠিন সময়ত দম্পতীহালক বিশেষ সহায় আগবঢ়োৱা বাছ চালকজনক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...