শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যৌন লিপ্সাৰ আতিশয্যত অতিষ্ঠ! সংগমৰত অৱস্থাতে পৰকীয়া প্ৰেমিকৰ প্ৰাণ ল’লে মহিলাই

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। সংগমৰত অৱস্থাতে প্ৰেমিকক ডিঙি চেঁপি হত্যা কৰিছে এগৰাকী মহিলাই। জানিব পৰা মতে বিবাহিত মহিলাগৰাকীয়ে স্বামীৰ অজ্ঞাতে এই ব্যক্তিজনৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু সাক্ষাতৰ সময়ত প্ৰতিবাৰেই যৌন কাৰ্যত লিপ্ত হৈছিল। এনে অৱস্থাতে মহিলাগৰাকীয়ে হত্যা কৰে প্ৰেমিকক।

যৌন লিপ্সাৰ আতিশয্যত অতিষ্ঠ! সংগমৰত অৱস্থাতে পৰকীয়া প্ৰেমিকৰ প্ৰাণ ল’লে মহিলাই
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 03 Feb 2025 18:32 PM

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। সংগমৰত অৱস্থাতে প্ৰেমিকক ডিঙি চেঁপি হত্যা কৰিছে এগৰাকী মহিলাই। জানিব পৰা মতে বিবাহিত মহিলাগৰাকীয়ে স্বামীৰ অজ্ঞাতে এই ব্যক্তিজনৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। দুয়ো প্ৰায় নিয়মীয়াকৈ সাক্ষাৎ কৰিছিল আৰু প্ৰতিবাৰ সাক্ষাতৰ সময়ত যৌন কাৰ্যত লিপ্ত হৈছিল। এইদৰে শেহতীয়াকৈ দুয়ো যৌন কাৰ্যত লিপ্ত হোৱাৰ সময়তে মহিলাগৰাকীয়ে হঠাতে যুৱকজনৰ ডিঙিত চেঁপি ধৰে আৰু ইয়াত ফলস্বৰূপে সংগমৰত অৱস্থাতে দুয়ো প্ৰাণ হেৰুৱায়।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। নিহত যুৱকজনক ইকবাল বুলি চিনাক্ত কৰা হৈছে। ইকবালৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁৰ ঘৰৰ ষ্ট’ৰৰুমৰ পৰা। এই ঘটনাৰ তদন্তত আৰক্ষীয়ে ব্যৱসায়ী ইকবালৰ সৈতে এগৰাকী বিবাহিত মহিলাই অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল বুলি জানিব পাৰে আৰু তাৰ পিছতে তীব্ৰ অনুসন্ধান অভিযান চলাই আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে।

জেৰাৰ সময়ত মহিলাগৰাকীয়ে এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত নিজৰ অপৰাধ স্বীকাৰ কৰে। মহিলাগৰাকীৰ বক্তব্য অনুসৰি ইকবালে শাৰী বিক্ৰী কৰিবলৈ এদিন তেওঁৰ ঘৰলৈ আহিছিল আৰু তেতিয়াই প্ৰথম দুয়োৰে মাজত সাক্ষাৎ হৈছিল। দুয়োৰে ফোন নম্বৰৰ আদান-প্ৰদান কৰাৰ পিছত প্ৰায়ে ফোনত কথা পাতিছিল। এইদৰে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত মহিলাগৰাকীয়ে প্ৰায়ে ইকবালক সাক্ষাৎ কৰিছিল।

এনেদৰে সাক্ষাতৰ সময়ত ইকবালে প্ৰায়েই মহিলাগৰাকীৰ সৈতে দৈহিক সম্পৰ্ক স্থাপনৰ চেষ্টা চলায়। মহিলাগৰাকীয়ে প্ৰথমে এনে চেষ্টাত বাধা দিয়ে যদিও পিৰ্ছত ইকবালে দুয়োৰে মাজৰ ফোনকলৰ ৰেকৰ্ডিং মহিলাগৰাকীৰ স্বামীক দিয়াৰ ভাবুকি প্ৰদান কৰি ব্লেকমেইলিং কৰিবলৈ লয়। তেনে পৰিস্থিতিত মহিলাগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছত প্ৰতিবাৰ সাক্ষাতৰ সময়ত দুয়ো যৌন সংগম লিপ্ত হৈ আহিছে। মহিলাগৰাকীৰ ভাষ্য মতে ইকবালে তেওঁক জোৰ-জবৰদস্তি কৰি বিভিন্ন ধৰণেৰে যৌন সম্পৰ্ক স্থাপন কৰিছিল। এই কথাই তেওঁক লাহে লাহে বিৰক্ত কৰি তুলিছিল। সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিলেও ইকবালে তেওঁক ব্লেকমেইল কৰি ভাবুকি প্ৰদান কৰি আহিছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে ইকবালক হত্যাৰ পৰিকল্পনা কৰে।

শেহতীয়াকৈ ইকবালে নিজৰ পত্নীক মাতৃগৃ্হলৈ পঠিয়াই মহিলাগৰাকীক সাক্ষাতৰ পৰিকল্পনা কৰে। দুয়ো যৌন কাৰ্যত লিপ্ত হৈ থকাৰ সময়তে হঠাতে মহিলাগৰাকীয়ে ইকবালৰ ডিঙিত হেঁচি ধৰে আৰু আনখন হাতেৰে মুখত হেঁচা মাৰি ধৰে। হত্যা কৰাৰ পিছত মৃতদেহটো ষ্ট’ৰ ৰুমত লুকুৱাই ৰাখি পলায়ন কৰে মহিলাগৰাকীয়ে। অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।