‘যাওক, মোদীক কওক…’, পহলগাম আক্ৰমণত স্বামীক হেৰুওৱা মহিলাই বাখ্যা কৰিলে এই মৰ্মান্তিক দৃশ্য…
পহলগামৰ ভয়ংকৰ আক্ৰমণক কেন্দ্ৰ কৰি দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এই আক্ৰমণৰ এগৰাকী ভুক্তভোগীৰ শিহৰণকাৰী অভিজ্ঞতাৰ তথ্য। আক্ৰমণৰ পিছতে এই ভয়াৱহতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বাখ্যা কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
আজি কাশ্মীৰৰ পহলগাম অঞ্চলত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে কঁপনিৰ। এই ভয়ংকৰ আক্ৰমণৰ ফলত এতিয়ালৈকে ২৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। আক্ৰমণৰ ফলত নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়া হৈছে। অঞ্চলটোত সন্ত্ৰাসবাদীয়ে চলোৱা এই ভয়ানক কূটাঘাতৰ পিছতে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহ অধিক ৰূপে তৎপৰ হৈ পৰিছে। আক্ৰমণৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰত উপস্থিত হৈছে। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পহলগাম ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব।
ইফালে এই ভয়ংকৰ আক্ৰমণক কেন্দ্ৰ কৰি দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এই আক্ৰমণৰ এগৰাকী ভুক্তভোগীৰ শিহৰণকাৰী অভিজ্ঞতাৰ তথ্য। আক্ৰমণৰ পিছতে এই ভয়াৱহতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বাখ্যা কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। প্ৰকাশিত খবৰ অনুসৰি, স্বামী আৰু সন্তানৰ সৈতে এই মহিলাগৰাকী অৱসৰ বিনোদনৰ বাবে কৰ্ণাটকৰ পৰা কাশ্মীৰলৈ গৈছিল।
ভ্ৰমণৰ প্ৰথম কেইদিনমান আনন্দেৰেই পাৰ হৈছিল তেওঁলোকৰ। এই আনন্দ যে ইমান ভয়াৱহতালৈ পৰিণত হ’ব, সেই কথা তেওঁ কল্পনাও কৰিব পৰা নাছিল। কিন্তু আজিৰ নৃশংস কাণ্ডই মুহূৰ্তৰ ভিতৰলৈ তেওঁৰ জীৱনলৈ কঢ়িয়াই আনিলে কাল অমানিশা। আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীয়ে তেওঁৰ চকুৰ সন্মুখতে স্বামীক চকুৰ গুলীয়াই হত্যা কৰে। চকুৰ সন্মুখতে স্বামীৰ মৃত্যুত শোকত ভাগি পৰে মহিলাগৰাকী।
বেদনাদগ্ধ মহিলাগৰাকীয়ে তেতিয়া সন্ত্ৰাসবাদী সদস্যজনক তেওঁকো হত্যা কৰিবলৈ চিঞৰি উঠে। মহিলাগৰাকীৰ এই আহ্বানৰ বিপৰীতে সন্ত্ৰাসবাদীগৰাকীয়ে কয়, “মই তোমাক হত্যা নকৰো, যাওক এই কথা মোদীক কওক।” এই মৰ্মান্তিক সময়ৰ সন্মুখীন হোৱা মহিলাগৰাকীৰ নাম পল্লৱী। কৰ্ণাটকৰ বাসিন্দা পল্লৱীয়ে স্বামী মঞ্জুনাথ আৰু তেওঁলোকৰ কণমানি সন্তানৰ সৈতে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ গৈছিল।
পল্লৱীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে দিনৰ প্ৰায় ১:৩০ বজাত পহলগামত এই ঘটনা সংঘটিত হয়। তেওঁ কয়, “আজি মই মোৰ স্বামী আৰু সন্তানৰ সৈতে পহলগামলৈ গৈছিলো। প্ৰায় ১:৩০ বজাত হঠাতে গুলীচালনা আৰম্ভ কৰিলে। চকুৰ সন্মুখতে মোৰ স্বামীৰ থিতাতে মৃত্যু হ’ল। আমাক তিনি-চাৰিজন লোকে আক্ৰমণ কৰিলে। মই তেওঁলোকক মোকো হত্যা কৰিবলৈ কৈছিলো।” কিন্তু দলটোৰ এজন সদস্যই তেতিয়া ‘মই তোমাক হত্যা নকৰোঁ, এই কথা মোদীক কওক’ বুলি উত্তৰ দিয়াৰ কথা ব্যক্ত কৰে পল্লৱীয়ে।