5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শান্তি বহু দূৰ! মণিপুৰত খেতি চাবলৈ যোৱা মহিলালৈ গুলী উগ্ৰপন্থীৰ, থিতাতে নিহত

গোষ্ঠীসংঘৰ্ষই জুৰুলা কৰা মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাজৰ্জৰ পৰিস্থিতিৰ। শনিবাৰে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ চেটন অঞ্চলত এগৰাকী মহিলাক খেতিপথাৰতে গুলীয়াই হত্যা কৰিছে উগ্ৰপন্থীয়ে। মহিলাগৰাকীয়ে আন কেইজনমান কৃষকৰ সৈতে শস্য চোৱাচিতা কৰিবলৈ পথাৰলৈ যোৱাৰ সময়তে উগ্ৰপন্থীয়ে চলায় এই আক্ৰমণ।

শান্তি বহু দূৰ! মণিপুৰত খেতি চাবলৈ যোৱা মহিলালৈ গুলী উগ্ৰপন্থীৰ, থিতাতে নিহত
অশান্ত মণিপুৰ (প্ৰতিনিধিত্বমূলক ছবি)
monjit-dutta
Monjit Dutta | Published: 10 Nov 2024 12:15 PM

অশান্ত মণিপুৰত শান্তি এতিয়াও সুদূৰপৰাহত। গোষ্ঠীসংঘৰ্ষই জুৰুলা কৰা মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাজৰ্জৰ পৰিস্থিতিৰ। এই হিংসাই ৰাজ্যখনৰ জনসাধাৰণৰ নিৰাপত্তা প্ৰতিনিয়ত সংকটাপন্ন কৰি তুলিছে। কিছুদিনৰ বাবে ৰাজ্যখনৰ এই পৰিস্থিতি সামান্য শাম কাটিছিল যদিও পুনৰ গা কৰিছে এনে উত্তেজনা। শনিবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ চলিল উগ্ৰপন্থীৰ প্ৰাণনাশী আক্ৰমণ। এগৰাকী মহিলাক খেতিপথাৰতে গুলীয়াই হত্যা কৰিছে উগ্ৰপন্থীয়ে। বিষ্ণুপুৰ জিলাৰ চেটন অঞ্চলত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে মহিলাগৰাকীয়ে আন কেইজনমান কৃষকৰ সৈতে শস্য চোৱাচিতা কৰিবলৈ পথাৰলৈ গৈছিল। সেই সময়তে উগ্ৰপন্থীয়ে পাহাৰৰ পৰা গুলীচালনা আৰম্ভ কৰে আৰু উগ্ৰপন্থীৰ এই আক্ৰমণত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত স্থানীয় কেইগৰাকীমান বিষয়াই জানিবলৈ দিয়া মতে, উগ্ৰপন্থীৰ এই আক্ৰমণৰ সময়ত মহিলাগৰাকীয়ে ধাননি পথাৰত কাম কৰি আছিল।

হঠাতে উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণত গুলীৰ আঘাতত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয় বুলি বিষয়াসকলে প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছতে গাঁওখনত উত্তেজনা বিয়পি পৰে। মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। তেওঁলোকে লগতে অঞ্চলটোত নিয়োজিত কেন্দ্ৰীয় বাহিনীয়ে এনেধৰণৰ আক্ৰমণ বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে এই ঘটনাৰ পিছত বিষ্ণুপুৰ জিলাৰ চেটন অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰিছে স্থানীয় প্ৰশাসনিক বিষয়াসকলে। লক্ষণীয়ভাৱে এই সপ্তাহত মণিপুৰত হিংসাত্মক কাণ্ডৰ এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা জিৰিবাম জিলাৰ জয়ৰন হামাৰ গাঁৱতো এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। অজ্ঞাত ব্যক্তিৰ আক্ৰমণত প্ৰাণ গৈছিল ৩১ বছৰীয়া মহিলাগৰাকীৰ।

এনে ধৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বুলিব পাৰি। অশান্ত পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে নিষিদ্ধ সংগঠন কে ৱাই কে এলৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। নিষিদ্ধ সংগঠনটোৱে ২৩ বছৰীয়া এগৰাকী ৰে’ল চালকক অপহৰণ কৰি আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। উৰুপ মায়াই লিকাইত অভিযান চলাই আৰক্ষীয়ে চাৰিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে ধৃত উগ্ৰপন্থী সদস্যকেইজনৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে। উল্লেখ্য যে বিগত বৰ্ষৰ মে’ মাহৰ এই অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মণিপুৰত। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বিয়পি পৰিছে এই হিংসাত্মক পৰিস্থিতিৰ। এই হিংসাত এতিয়ালৈকে দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

Latest News