Manipur : মণিপুৰত পুনৰ আফছপা বাতিলৰ দাবীত ৰাজপথত মহিলাৰ সমদল…
সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল মণিপুৰৰ মহিলা । সোমবাৰৰ দিনটোত মণিপুৰৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত সহস্ৰাধিক মহিলাই সমদল উলিয়ায়।
পুনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল মণিপুৰৰ মহিলা । মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন ভংগ কৰি সোমবাৰে ইম্ফল পূৱ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই। সোমবাৰৰ দিনটোত মণিপুৰৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত সহস্ৰাধিক মহিলাই সমদল উলিয়ায়।
উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ চমুকৈ AFSPA বাতিল কৰাৰ লগতে কঠোৰ আইন জাপি দিয়াৰ কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে মহিলাসকলে । মহিলাসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মহিলা আৰু শিশুৰ হত্যা বন্ধ কৰাৰ আহ্বান জনাই শ্লোগান দিয়াৰ লগতে প্লেকাৰ্ড প্ৰদৰ্শন কৰে । জিলাখনৰ স্থানীয় ক্লাব আৰু মেইৰা পাইবীৰ আহ্বানত গ্ৰহণ কৰা হৈছিল এই প্ৰতিবাদী কাৰ্যসূচী ।
কংবা বজাৰৰ পৰা আৰম্ভ হৈছিল মহিলাসকলৰ এই সমদল । এই সমদলে ৩ কিলোমিটাৰ দূৰত্বৰ অতিক্ৰম কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত অৱস্থিত কনুং মামাঙত নিৰাপত্তাৰক্ষীৰ এক বৃহৎ দলে বাধা প্ৰদান কৰে । ইয়াৰ পাছত পুনৰ প্ৰতিবাদকাৰীসকল কংবাত আয়োজিত ৰাজহুৱা সভালৈ ঘূৰি আহে।
VIDEO | Manipur: A huge protest rally was seen in Imphal amid the curfew. Here’s what a protesting local said demanding repealing of AFSPA.
“We are protesting against the incidents happening in Manipur. We demand the repealing of AFSPA, as all these incidents are happening… pic.twitter.com/7KRfJ2LnpX
— Press Trust of India (@PTI_News) November 25, 2024
এগৰাকী মেইৰা পাইবীয়ে সাংবাদিকৰ আগত কয়, ‘আমি খিলঞ্জীয়াৰ ওপৰত দমন অব্যাহত ৰখাৰ বিৰুদ্ধে বিক্ষোভ কৰি আছো । আমি অতীতৰ সেই অন্যায় আৰু নৃশংসতালৈ উভতি যাব নোৱাৰো। উচ্চতম ন্যায়ালয়ত ভুৱা এনকাউণ্টাৰ গোচৰ বিচাৰাধীন হৈ আছে। শেহতীয়াকৈ পুনৰ জাপি দিয়া হৈছে ছখন আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত AFSPA।’
উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰই মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত জিৰিবামকে ধৰি ৬ খন থানা এলেকাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন পুনৰ বলবৎ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে, চলি থকা জাতিগত হিংসাৰ লগতে সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
AFSPA পুনৰ বলবৎ কৰা আৰক্ষী থানাৰ এলেকাসমূহ হ’ল ইম্ফল পশ্চিমৰ ছেকমাই আৰু লামছাং, ইম্ফল পূবৰ লামলাই, জিৰিবাম জিলাৰ জিৰিবাম, কাংপকপিৰ লেইমাখং আৰু বিষ্ণুপুৰ জিলাৰ মইৰাং।