World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস, জানক ইয়াৰ ইতিহাস, তাৎপৰ্য আদি সকলো | World Bamboo Day 2024: Know the History, Significance and Importance in assamese Assam news - Assam Tv9

World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস, জানক ইয়াৰ ইতিহাস, তাৎপৰ্য আদি সকলো

Updated On: 

18 Sep 2024 14:54 PM

World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। আমাৰ জীৱনত বা অসমীয়া সংস্কৃতিত বাঁহৰ গুৰুত্ব অধিক। এই দিৱস পালন কৰাৰো আছে বিশেষ মহত্ব। ২০০৯ চনৰ পৰা পালন কৰি অহা এই দিৱস আৰু বাঁহৰ বিষয়ে কিছু আভাস দিয়া হ'ল।

World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস, জানক ইয়াৰ ইতিহাস, তাৎপৰ্য আদি সকলো

বিশ্ব বাঁহ দিৱস

Follow Us On

আজি ১৮ ছেপ্টেম্বৰ। এই দিনটোতেই পালন কৰা হয় বিশ্ব বাঁহ দিৱস। ভাৰতত অতীজৰে পৰা বাঁহৰ ব্যৱহাৰ হৈ আছিল। ভাৰতীয় ধৰ্ম আৰু বাস্তু শাস্ত্ৰত বাঁহক শুভ বুলি গণ্য কৰা হয়। আমাৰ সমাজ জীৱনত বাঁহৰ গুৰুত্ব অধিক। অসমতো বহু এনে ঠাই আছে য’ত বাঁহক পূজা কৰে।অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বাঁহৰ গজ খোৱা খাদ্যত ব্যৱহাৰ কৰে। বাঁহৰ উপকাৰিতা আৰু দৈনন্দিত জীৱনত ইয়াৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে দেশত প্ৰতি বছৰে বিশ্ব বাঁহ দিৱস পালন কৰা হয়।

বাঁহ অতি সোনকালে ডাঙৰ- দীঘল হয়। এদিনত এডাল বাঁহ ১ মিটাৰ পৰ্যন্ত বাঢ়ে। ভাৰতৰ সকলো প্ৰান্ততে বাঁহ গছ পোৱা যায়। সেয়া লাগিলে পাহাৰীয়া ঠাই হওক বা ভৈয়াম।  বাঁহ বহু কামত ব্যৱহাৰ কৰা হয়। যাৰ ভিতৰত আছে আচবাব, বাদ্য যন্ত্ৰ, শিল্প কৰ্ম, নিৰ্মাণ সামগ্ৰী, খাদ্য, জৈৱ ইন্ধন, কাপোৰ আৰু বহুতো দিশত। ভাৰতত ইয়াৰ খেতি বৃহৎ পৰিমাণে কৰা হয় আৰু প্ৰতি বছৰে দেশৰ পৰা লাখ টন বাঁহ ৰপ্তানি কৰা হয়।

কেতিয়াৰ পৰা এই দিৱস পালন কৰা হয়

২০১৯ চনৰ পৰা বিশ্ব বাঁহ দিৱস পালন কৰি অহা হৈছে। ৱাৰ্ল্ড বেম্বু অৰ্গেনাজেশ্যনে ইয়াৰ আৰম্ভণী কৰিছিল। বাঁহ খেতি আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে জনতাৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়।

দ্ৰুতগতিত বৃদ্ধি

বাঁহ এনে এবিধ গছ যি অতি সোনকালে ডাঙৰ দীঘল হয়। বাঁহৰ কিছুমান প্ৰজাতি এটা দিনত ১ মিটাৰ পৰ্যন্ত দীঘল হয়। বিশ্ব অভিলেখৰ সৃষ্টি কৰা দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্ভিদৰ ভিতৰত এনে ৪৫ প্ৰজাতিৰ নাম আছে যি প্ৰতিদিনে ৯১ ছে.মি বৃদ্ধি হয়।

আৰ এইচ এছ ডিকচনেৰী অৱ গাৰ্ডেনিঙৰ তথ্য অনুসৰি প্ৰায় বিশ্বত প্ৰায় ১০০০ প্ৰজাতিৰ বাঁহ আছে। ক্ৰান্তীয় অঞ্চলৰ বাঁহৰ সৰ্বাধিক উচ্চতা ৪০ মিটাৰ (১৩০ ফুট) বুলি কোৱা হয়। ইয়াৰোপৰি ইউৰোপ আৰু আমেৰিকাত বাঁহৰ সৰ্বাধিত উচ্চতা ২০-৩০ মিটাৰ (৬৫-৯৮ ফুট)।

তাৎপৰ্য

দক্ষিণ-পূব এছিয়া, পূব এছিয়া আৰু দক্ষিণ এছিয়াত বাঁহৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক মূল্য অপৰিসীম। এই দিৱসে ইয়াৰ উপকাৰিতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰে। মানুহৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি বাঁহে আন গছতকৈ অধিক অক্সিজেন উৎপাদন কৰে। বাঁহৰ পৰা ইহঁততকৈ ৩৫ শতাংশ বেছি অক্সিজেন উৎপন্ন হয়।

প্ৰজাতি

অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত আছে- জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰ বাঁহ, বজাল বাঁহ আদি। অসমৰ প্ৰায় প্ৰত্যোকৰে ঘৰত বাঁহ গছ দেখা যায়। বিশ্বত প্ৰায় ১০০০ প্ৰজাতিৰ বাঁহ আছে।

অসমীয়া লোক সংস্কৃতি

ইয়াৰোপৰি অসমৰ লোক- সংস্কৃতিতো বাঁহৰ প্ৰচলনৰ ইতিহাস দীঘলীয়া। বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বহুত উন্নত আছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা, বাঁহৰ সাঁজত চৰাই আদি উপহাৰ হিচাপে দিছিল। পৰৱৰ্তী সময়ত ই অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি তুলিছিল। অসমীয়া কবিতা, ডাকৰ বচন. প্ৰবচন, যোজনা, লোক বিশ্বাস, লোক উতসৱ লোক গীত, আদি বিভিন্ন ক্ষেত্ৰতে বাঁহৰ প্ৰচলন দেখা যায়।

বাঁহকেন্দ্ৰিক উৎসৱ

অসমত বাঁহকেন্দ্ৰিক উৎসৱ হিচাপে ভঠেলি পালন কৰা হয়। নামনি অসমত ভঠেলীৰ গুৰুত্ব অধিক। ইয়াৰোপৰি মাঘ বিহুৰ মেজি, ভেলাঘৰ নিৰ্মাণ, চুঙাঘৰ পোৰা, বিবাহ অনুষ্ঠান, মাংগলিক কৰ্ম আদি বিভিন্ন ক্ষেত্ৰত বাঁহৰ প্ৰচলন চলে। নামনি অসমত ম-হোহো উৎসল, বাম্বোল পিটা উৎসৱ আদিত বাঁহেই মূল ভূমিকা পালন কৰে। বৰপেটাৰ হোলীত বাঁহ ভঙা উৎসৱ পালন কৰা হয়। কাতি বিহুত চাকি দিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়। ৰঙালী বিহুত ঢোলৰ মাৰি, বাঁহী আদি সকলো বাঁহেৰে নিৰ্মাণ কৰা হয়। মুঠতে অসমৰ সকলো ক্ষেত্ৰতে বাঁহৰ গুৰুত্ব অধিক।

বাঁহ গছ অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। বাঁহৰ দ্বাৰা অসমীয়াই ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিচনি, টুকুৰি, ডলা, নঙলা দিয়া, জেওৰা দিয়া আদি সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰে । সেয়ে হয়তো কোৱা হয়- “পূবে হাঁহ, পশ্চিমে বাঁহ,/ উত্তৰে গুৱা, দক্ষিণে ধুৱা,/ একেদৰে /যাৰ নাই বাঁহ তাৰ নাই সাহ”।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version