World Travel and Tourism Festival 2025 : প্ৰতিটো প্ৰজন্মৰ বাবে ভ্ৰমণক নতুনকৈ সংজ্ঞাকৃত কৰিছে বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱে
টিভি৯ নেটৱৰ্কে ৰেড হেট কমিউনিকেচনৰ সৈতে যৌথভাৱে ‘বিশ্ব ভ্ৰমণ আৰু পৰ্যটন উৎসৱ’ৰ আয়োজন কৰিছে। অহা ১৪-১৬ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মহোৎসৱ। এই মহোৎসৱে সকলো বয়সৰ সকলো পৰ্যটকৰ বাবে কি কি বিশেষ ব্যৱস্থা কৰা হৈছে জানেনে?
ভ্ৰমণৰ ক্ষেত্ৰত প্ৰত্যেকৰে ৰুচি-অভিৰুচি সুকীয়া । বহুতে বিলাসী ভ্ৰমণ কৰি ভাল পায় , বহুতে পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি ভাল পায়, আকৌ বহুতে দুঃ সাহসিক ভ্ৰমণ কৰি ভাল পায় । মিলেনিয়াল আৰু জেন জেডলৈকে সকলো প্ৰজন্মৰে ভ্ৰমণৰ পছন্দবোৰ বেলেগ বেলেগ । কিন্তু ইয়াৰ মাজতে প্ৰজন্ম অনুসৰি সুবিধা অসুবিধা কিছুমানো আছে । বৰ্তমান সময়ত ভ্ৰমণৰ সংজ্ঞা সলনি হৈছে । পৰ্যটনৰ উদ্যোগ বৰ্তমান বহু পৰিমাণে ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল ।
ভ্ৰমণৰ ক্ষেত্ৰত প্ৰত্যেকৰে নিজস্ব ভাল লগা আৰু পছন্দ আৰু অপছন্দ থাকে। ইয়াৰ মাজতে বহু প্ৰশ্নও উত্থাপন হয় । সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আৰু প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ টিভি৯ নেটৱৰ্কে ৰেড হেট কমিউনিকেচনৰ সৈতে যৌথভাৱে ‘বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ ২০২৫’ আয়োজন কৰিছে। অহা ১৪-১৬ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মহোৎসৱ। এই মহোৎসৱে সকলো প্ৰজন্মক সামৰি লৈছে ।
পৰ্যটন মানেই এখন নতুন দেশ, নতুন ঠাই অন্বেষণ কৰা, তাৰ মানুহ আৰু সংস্কৃতিৰ লগত চিনাকি হোৱা। গতিকে এই মহোৎসৱত সকলো বয়সৰ সকলো পৰ্যটকৰ বাবে কি কি বিশেষ ব্যৱস্থা কৰা হৈছে জানেনে?
মিলেনিয়াল আৰু জেন জেডৰ বাবে
১৯৮২ চনৰ পৰা ১৯৯৭ চনলৈকে আৰু ১৯৯৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা শিশুক এই দুটা প্ৰজন্ম বুলি জনা যায়। পৰিসংখ্যাই কয় যে, তেওঁলোকে নতুন ঠাই অন্বেষণ কৰি ভাল পায়, দুঃসাহসিক অভিযানত গৈ ভাল পায়। আৰু এই নতুন প্ৰজন্মই ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি ভ্ৰমণ কৰিবলৈ ঠাই বাছি লোৱা, বুকিং কৰা, ভ্ৰমণসূচী বা ভ্ৰমণ পৰিকল্পনা প্ৰস্তুত কৰাত অধিক সফল । এই প্ৰজন্মৰ বাবে আছে-
১. ট্ৰেভেল টেক জ’ন: ভ্ৰমণ অভিজ্ঞতা সৰল আৰু বৃদ্ধি কৰিবলৈ ডিজাইন কৰা অত্যাধুনিক ভ্ৰমণ গেজেট আৰু এপসমূহ আৱিষ্কাৰ কৰিব পাৰিব।
২.ভাৰ্চুৱেল অভিজ্ঞতা : এই উৎসৱত কি কৰিব আৰু কি পাব তাৰ ভাৰ্চুৱেল অভিজ্ঞতা লাভ কৰিব।
৩. কৰ্মশালা: ভ্ৰমণ ফটোগ্ৰাফী আৰু অন্যান্য বিষয়ৰ ওপৰতো কৰ্মশালা অনুষ্ঠিত হ’ব।
৪. অভিজ্ঞতা শ্বেয়াৰ কৰিব : ভ্ৰমণকাৰীসকলে এই উৎসৱত নিজৰ ভ্ৰমণ অভিজ্ঞতা শ্বেয়াৰ কৰিব। নতুন অফবিট ঠাই বিচাৰি পাব।
বিলাসী ভ্ৰমণকাৰী –
বিলাসী ভ্ৰমণৰ চাহিদা বৃদ্ধি পাইছে Covid-19ৰ পিছত। পৰিসংখ্যা অনুসৰি ভ্ৰমণৰ বাবে ব্যক্তিগত জেট বিমান ১৫% বৃদ্ধি পাইছে। ঘৰুৱা বিলাসী ভ্ৰমণৰ চাহিদা ১২% বৃদ্ধি পাইছে। এনে পৰ্যটকৰ বাবে আছে –
১. বিলাসী ভ্ৰমণ সেৱা: ব্যক্তিগত জেট আৰু অন্যান্য সুবিধাসমূহকে ধৰি শ্ৰেষ্ঠ বিলাসী ভ্ৰমণ পেকেজৰ বিষয়ে জানি জানিব পাৰিব।
২. ৱেলনেছ ৰিট্ৰিট: মাইণ্ডফুলনেছ, ৱেলনেছ আৰু ৰিলাক্সেচন অভিজ্ঞতা প্ৰদান কৰা প্ৰিমিয়াম ৰিজৰ্ট আৱিষ্কাৰ কৰিব পাৰিব।
৩. একচেটিয়া বি টু বি সভা: বিলাসী ভ্ৰমণ অপাৰেটৰ আৰু পৰিকল্পনাকাৰীৰ সৈতে ব্যক্তিগত সভাৰ জৰিয়তে আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰাৰ সুযোগ লাভ কৰিব ।
৪. বঁটা প্ৰদান অনুষ্ঠানঃ বিলাসী পৰ্যটনৰ উৎকৃষ্টতাৰ উদযাপনৰ বাবে বিশেষ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।
পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আগ্ৰহীসকলৰ বাবে আকৰ্ষণ –
পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি ভাল পোৱাসকলৰ বাবে মূল আকৰ্ষণ হ’ল আৰাম আৰু নিৰাপত্তা। ভাৰতীয় ভ্ৰমণকাৰীৰ ৬০ শতাংশতকৈ অধিক লোকে পৰিয়াল কেন্দ্ৰীক ভ্ৰমণ পছন্দ কৰে। তেওঁলোকে সাংস্কৃতিক অভিজ্ঞতা আৰু শিশুৰ অনুকূল পৰিৱেশ বিচাৰে। তেনে পৰ্যটকৰ বাবে আছে –
১. সাংস্কৃতিক অনুষ্ঠানঃ এই উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ বহু শিল্পীয়ে নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিব।
২. খাদ্য আৰু ৰান্ধনীশালঃ এই উৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো বিখ্যাত খাদ্যৰ ষ্টল থাকিব।
৩.প্ৰয়োজনীয় তথ্য লাভঃ আপোনাৰ পৰৱৰ্তী পৰিয়াল ভ্ৰমণৰ পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব ।
৪.পৰামৰ্শঃ আপুনি আপোনাৰ ব্যক্তিগত পছন্দ অনুসৰি আপোনাৰ পৰৱৰ্তী ভ্ৰমণ পৰিকল্পনা তৈয়াৰ কৰিব পাৰে। এই পৰামৰ্শ ভাগ বতৰা কৰিব পাৰে ।
ভাৰতীয়সকলৰ ভ্ৰমণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ আয়োজন কৰা হৈছে । লগতে এই মহোৎসৱৰ জৰিয়তে সকলো প্ৰজন্মৰ ভ্ৰমণকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে। ৩০,০০০ৰো অধিক উপস্থিত থকাৰ আশা কৰা হৈছে । গতিকে আপুনিও অংশ হওক এই বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ ।