টিভি৯ৰ উদ্যোগত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱঃ পৰ্যটন উদ্যোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা
অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনে আয়োজন কৰিব বিশ্ব ভ্ৰমণ আৰু পৰ্যটন উৎসৱ ২০২৫। এই অনুষ্ঠানটোৱে ভ্ৰমণ অনুৰাগী আৰু এই উদ্যোগটোৰ সৈতে জড়িত পেছাদাৰী লোকসকলৰ বাবে এক অতুলনীয় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।
সাম্প্ৰতিক বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে পৰ্যটন উদ্যোগৰ প্ৰাসঙ্গিকতা। ভাৰততো দেখা গৈছে পৰ্যটন খণ্ডৰ ব্যাপক প্ৰসাৰ। কেৱল দেশৰ ভিতৰতে নহয়, বিশ্বৰ বিভিন্ন স্থানলৈ ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ হাবিয়াসো বৃদ্ধি পাইছে। এক কথাত ভ্ৰমণপিয়াসী ভাৰতীয় লোকসকলে বিশ্ব পৰ্যটনক এক নতুন ৰূপ দিছে। ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ হাবিয়াসে এতিয়া পৰ্যটন উদ্যোগটোলৈ নৱ-বৈচিত্ৰ্য, সজীৱতাৰ লগতে অৰ্থনৈতিক দিশতো যথেষ্ট অৰিহণা যোগাইছে। পৰ্যটন উদ্যোগৰ এনে প্ৰসাৰতাৰ সময়তে টিভি৯ নেটৱৰ্কে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনে আয়োজন কৰিব বিশ্ব ভ্ৰমণ আৰু পৰ্যটন উৎসৱ ২০২৫। এই অনুষ্ঠানটোৱে ভ্ৰমণ অনুৰাগী আৰু এই উদ্যোগটোৰ সৈতে জড়িত পেছাদাৰী লোকসকলৰ বাবে এক অতুলনীয় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। মূলতঃ তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত এই অনুষ্ঠানত আলোকপাত কৰা হ’ব।
১/ মহামাৰীৰ পিছৰ উত্থান
বিশ্ব পৰ্যটনত ভাৰতীয়ৰ নাগৰিকৰ অংশগ্ৰহণ যথেষ্ট উত্থান ঘটিছে। বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি পাইছে। বিশ্ব ভ্ৰমণ আৰু পৰ্যটন উৎসৱ ২০২৫ত এই সন্দৰ্ভত আলোকপাত কৰাৰ লগতে ভাৰতীয় ভ্ৰমণকাৰীসকলৰ পছন্দ অনুসৰি বিশ্বজুৰি বিভিন্ন পৰ্যটনস্থলীসমূহ কিদৰে খাপ খাই পৰিছে সেয়া প্ৰদৰ্শন কৰিব।
২/ অধিক ব্যয় আৰু পৰিয়ালকেন্দ্ৰিক ভ্ৰমণ
ভাৰতীয় ভ্ৰমণকাৰীসকলে প্ৰতি ভ্ৰমণত গড়ে ১২০০ মাৰ্কিন ডলাৰ ব্যয় কৰিছে। ভাৰতীয়ৰ মাজত একক ভ্ৰমণ, বন্ধু-বান্ধৱীৰ সৈতে বিদেশ ভ্ৰমণ সাধাৰণ কথা যদিও বহু লোকে পৰিয়ালৰ সৈতেও বিদেশ ভ্ৰমণ কৰিব বিচাৰে। পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰামদায়ক ঠাই বিচাৰে। ৬০ শতাংশতকৈ অধিক লোকে পৰিয়ালৰ সৈতে ভ্ৰমণত অগ্ৰাধিকাৰ দিয়ে।
৩/ মিলেনিয়াম আৰু জেন জেড: টেক-চেভি এক্সপ্ল’ৰাৰ
বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ৰ ভিতৰত ৫০ শতাংশই নৱপ্ৰজন্মৰ। ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ তেওঁলোকে প্ৰযুক্তিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। বহুক্ষেত্ৰত এই দিশত বহু সমস্যাৰ সৃষ্টি হয় বা সম্পূৰ্ণ তথ্য নাথাকে। কিন্তু এই উৎসৱৰ পৰা তেওঁলোকে এই সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্তৰ পাব পাৰে। কেৱল সেয়াই নহয়, এআইৰ জৰিয়তে স্মাৰ্ট ট্ৰেভেল প্লেনৰ বিষয়ে জানিব পাৰিব।
৪/ বিলাসীতা আৰু মানসিক শান্তি
বহুতৰ বাবে নতুন দেশ ভ্ৰমণ কৰাটোৱেই কেৱল একমাত্ৰ উদ্দেশ্য নহয়। বৰং বহুলোকে বিদেশলৈ গৈ কিছুদিনৰ বাবে বিলাসী জীৱন, মনৰ শান্তিৰ সন্ধান কৰে। ভাৰতত বিলাসী ভ্ৰমণৰ ব্যয় ১২ শতাংশ বৃদ্ধি পাইছে। ব্যস্ত জীৱনৰ মানসিক চাপ আৰু অস্বস্তিৰ পৰা আঁতৰি আহিবলৈ বহু লোকেই ভ্ৰমণৰ প্ৰতি আগ্ৰহী। এই উৎসৱে এই সকলো ভ্ৰমণকাৰীক নিজৰ আগ্ৰহ অনুযায়ী ভ্ৰমণৰ পৰিকল্পনা কৰাত সহায় কৰিব। এই ধৰণৰ ভ্ৰমণ কেনেকৈ অতি সহজে বুকিং কৰিব পাৰি তাৰো সহায় হ’ব।
টিভি৯ৰ মুখ্য ৰাজহ বিষয়া অমিত ত্ৰিপাঠীয়ে এই অনুষ্ঠানটোক ভাৰতীয় লোকৰ ভ্ৰমণ আকাংক্ষা বিশ্বজনীন সম্ভাৱনাৰ সৈতে মিলিত হোৱাৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণি কৰিব বুলি মন্তব্য কৰে। ভ্ৰমণ অনুৰাগী আৰু উদ্যোগৰ সৈতে জড়িত পেছাদাৰী লোকসকলৰ বাবে এই উৎসৱে এক সঠিক সমাধান আগবঢ়াব। সাংস্কৃতিক প্ৰদৰ্শনী, প্ৰযুক্তিগত উদ্ভাৱন, আৰু বিশেষজ্ঞৰ নিৰ্দেশনাৰ সৈতে এই অনুষ্ঠানটোৱে আধুনিক ভাৰতীয় ভ্ৰমণকাৰীৰ আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।