কি পালোঁ, কি হেৰুৱালোঁ ? ২০২৪ বৰ্ষত কি কি পৰিঘটনাৰ সাক্ষী হ’ল দেশবাসী…?

পোৱা-নোপোৱা অভিজ্ঞতা সামৰি আজি ২০২৪ বৰ্ষক আনন্দ-উল্লাসৰ মাজেৰে বিদায় দিবলৈ ওলাইছে দেশবাসীয়ে । ২০২৪ বৰ্ষত আমি কি পালোঁ, কি হেৰুৱালোঁ তাৰ হিচাপ-নিকাচৰ মাজতে চাওঁ আহক এই বৰ্ষত দেশবাসীয়ে কি কি পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল ।

কি পালোঁ, কি হেৰুৱালোঁ ? ২০২৪ বৰ্ষত কি কি পৰিঘটনাৰ সাক্ষী হল দেশবাসী...?

২০২৪ বৰ্ষত কি পালোঁ, কি হেৰুৱালোঁ ?

Updated On: 

31 Dec 2024 16:47 PM

আজি ৩১ ডিচেম্বৰ, ২০২৪ বৰ্ষৰ আজিৰ শেষৰটো দিন । পোৱা-নোপোৱা অভিজ্ঞতা সামৰি আজি ২০২৪ বৰ্ষক আনন্দ-উল্লাসৰ মাজেৰে বিদায় দিবলৈ ওলাইছে দেশবাসীয়ে । ২০২৪ বৰ্ষত আমি কি পালোঁ, কি হেৰুৱালোঁ তাৰ হিচাপ-নিকাচৰ মাজতে চাওঁ আহক এই বৰ্ষত দেশবাসীয়ে কি কি পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল ।

লোকসভা নিৰ্বাচন

২০২৪ চনত ভাৰতত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন । এই নিৰ্বাচনত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰিক দেশ ভাৰতৰ জনসাধাৰণে পৰৱৰ্তী পাঁচ বছৰলৈ নতুন চৰকাৰ নিৰ্বাচিত কৰিছিল । ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ অনুষ্ঠিত হৈছিল ভাৰতৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনত ৫৪৩ জন সদস্যক লোকসভালৈ নিৰ্বাচিত কৰা হয়।

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৯৭.৯ কোটিৰো অধিক ভোটাৰৰ ভিতৰত এই নিৰ্বাচনত ৬৪.৬৪ কোটি ভোটাৰে ভোটদান কৰে। যোৱা ৪ জুনত এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। বিজেপি নেতৃত্বাধীন এনডিএয়ে ২৯৩খন আসনেৰে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰে । ইয়াৰ বিপৰীতে নিৰ্বাচনত ২৩৪খন আসন লাভ কৰি এক শক্তিশালি বিৰোধী হিচাপে পৰিগণিত হয় ইণ্ডিয়া এলায়েন্স। জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন নেতা হিচাপে পৰিগণিত হয় নৰেন্দ্ৰ মোদী।

ৰাজ্যিক নিৰ্বাচন

সাধাৰণ নিৰ্বাচনৰ উপৰিও কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হয়। হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, ওড়িশা, অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । হাৰিয়ানাত বিজেপিয়ে ৯০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি চৰকাৰ গঠন কৰে ।মহাৰাষ্ট্ৰত বিজেপিয়ে ২৮৮খন আসনৰ বিধানসভাত ১৩২খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল।

অৰুণাচল প্ৰদেশত ৪৬ খন আসন লাভ কৰি চৰকাৰে গঠন কৰে এনডিএয়ে । ছিকিমত শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত ৩১খন আসন কৰি চৰকাৰ গঠন কৰে । ২০২৪ চনত বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভাত ৭৮খন আসন লাভ কৰি বিজেডিৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলায়। ঝাৰখণ্ডত জয়লাভ কৰে INDIA ব্লক।

জম্মু-কাশ্মীৰত ঐতিহাসিক নিৰ্বাচন

২০২৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰই জম্মু-কাশ্মিৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বাতিল কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰিছিল । ইয়াৰ পাছতে অনুষ্ঠিত হোৱা নিৰ্বাচনত এন চিয়ে ৪২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে সমগ্ৰ উপত্যকাটোত মাত্ৰ ছখন আসন লাভ কৰে। ২৯খন আসনেৰে দ্বিতীয় বৃহত্তম দল আছিল বিজেপি।

৯০টা সমষ্টিৰ বাবে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন ক্ৰমে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত এইটোৱেই আছিল প্ৰথমটো নিৰ্বাচন, সেয়েহে এই নিৰ্বাচনটো ঐতিহাসিক আছিল।

ভাৰত আৰু চীনৰ দীৰ্ঘদিনীয়া সীমা সমস্যা

২০২৪ চনত ৩৪৪০ কিলোমিটাৰ সীমান্তক লৈ ভাৰত-চীনৰ দীৰ্ঘদিনীয়া বিবাদে চাৰি বছৰৰ পাছত কিছু অগ্ৰগতি লাভ কৰে । ২১ অক্টোবৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত টহল দিয়াৰ ব্যৱস্থাৰ সৈতে জড়িত এক চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশে ।

টি-২০ বিশ্বকাপ চেম্পিয়ন

২০২৪ চনত ভাৰতীয় ক্ৰিকেট দলে ১২ বছৰৰ পাছত টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । প্ৰতিযোগিতাখনৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰে। সমগ্ৰ প্ৰতিযোগিতাখনতে অপৰাজিত হৈ থাকে টীম ইণ্ডিয়া । ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল ।

গুকেশ হৈছে কনিষ্ঠতম দবা বিশ্ব চেম্পিয়ন

ভাৰতীয় কিশোৰ ডোমৰাজু গুকেশে যোৱা ১২ ডিচেম্বৰত বিশ্ব চেম্পিয়নশ্বিপৰ নাটকীয় চূড়ান্ত খেলত চীনৰ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰি আটাইতকৈ কম বয়সীয়া দবা বিশ্ব চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰে। মাত্ৰ ১৮ বছৰীয়া গুকেশ ১৮ সংখ্যক বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিগণিত হয়।

অলিম্পিক

২০২৪ চনত অনুষ্ঠিত হৈছিল পেৰিছ অলিম্পিক। এই অলিম্পিকত ভাৰতে ছটা পদক – পাঁচটা ব্ৰঞ্জ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল। জেভেলিন থ্ৰ’ত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শ্বুটাৰ মনু ভাকেৰে দুটা পদক (দুয়োটা ব্ৰঞ্জৰ পদক) লাভ কৰি ইতিহাস সৃষ্টি কৰে। আনহাতে আন দুগৰাকী শ্বুটাৰ স্বপ্নিল কুছাল আৰু সৰবজোৎ সিঙে ব্ৰঞ্জৰ পদক দখল কৰে। সপোনৰ দৌৰত থকা পুৰুষৰ হকী দলটোৱে ব্ৰঞ্জৰ পদকৰ মেচত যুঁজ দিবলগীয়া হৈছিল । মল্লযুঁজাৰু অমন শ্বেহৰাৱাটেও পুৰুষৰ ৫৭ কেজি ফ্ৰীষ্টাইল শাখাত তৃতীয় স্থান দখল কৰে।

আৰ জি কৰ কাণ্ড

এই বৰ্ষত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত এগৰাকী আৱাসী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ভয়াবহ ঘটনাই দেশ কঁপাই তুলিলে। যোৱা ৯ আগষ্টত এই গোচৰটো পোহৰলৈ আহিছিল। ভুক্তভোগীৰ ন্যায়ৰ দাবীত সমগ্ৰ দেশৰ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই গোচৰটোৱে দেশৰ মহিলা আৰু চিকিৎসকৰ সুৰক্ষাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰে।

ভাৰতে হেৰুৱালে কেইবাজনো বিশিষ্ট ব্যক্তিত্বক

বছৰটোত ভাৰতে হেৰুৱালে কেইবাজনো বিশিষ্ট ব্যক্তিক। ইয়াৰ ভিতৰত আছিল উদ্যোগপতি ৰতন টাটা,সংগীতজ্ঞ উস্তাদ জাকিৰ হুছেইন আৰু উস্তাদ ৰছিদ খান, গায়ক পংকজ উধাছ, বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগাল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং।

ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?