ৰাজনীতিৰ পৰা অৰ্থনীতি, সাংস্কৃতিক ক্ষেত্ৰখনলৈকে, ২০২৪ চনত দেশে হেৰুৱালে এইসকল প্ৰসিদ্ধ ব্যক্তিক…

এই বছৰটোত পোৱা-নোপোৱাৰ মাজতে ৰাজনীতি, শিল্প, সাংস্কৃতিক, ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো প্ৰসিদ্ধ ব্যক্তিক হেৰুৱালে দেশবাসীয়ে । বছৰটোক বিদায় দিয়াৰ পূৰ্বে এবাৰ ঘূৰি চাওঁ আহক কোনসকল প্ৰসিদ্ধ ব্যক্তিয়ে আমাৰ পৰা চিৰ দিনৰ বাবে আঁতৰি গ'ল ।

ৰাজনীতিৰ পৰা অৰ্থনীতি, সাংস্কৃতিক ক্ষেত্ৰখনলৈকে, ২০২৪ চনত দেশে হেৰুৱালে এইসকল প্ৰসিদ্ধ ব্যক্তিক...

২০২৪ ত দেশে হেৰুৱালে এইসকল প্ৰসিদ্ধ ব্যক্তিক

Published: 

28 Dec 2024 21:23 PM

চাওঁতে চাওঁতে ২০২৪ চনটোক বিদায় দিবৰ হ’ল । এই বছৰটোত পোৱা-নোপোৱাৰ মাজতে ৰাজনীতি, শিল্প, সাংস্কৃতিক, ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো প্ৰসিদ্ধ ব্যক্তিক হেৰুৱালে দেশবাসীয়ে । শেহতীয়া এই তালিকাত নাম অন্তৰ্ভুক্ত হ’ল দেশৰ অৰ্থনৈতিক সংস্কাৰ মেগাষ্টাৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। বছৰটোক বিদায় দিয়াৰ পূৰ্বে এবাৰ ঘূৰি চাওঁ আহক কোনসকল প্ৰসিদ্ধ ব্যক্তিয়ে আমাৰ পৰা চিৰ দিনৰ বাবে আঁতৰি গ’ল ।

সীতাৰাম য়েচুৰী (১২ আগষ্ট ১৯৫২-১২ ছেপ্টেম্বৰ ২০২৪)

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰবীণ নেতা সীতাৰাম য়েচুৰীৰ ৭২ বছৰ বয়সত মৃত্যু হয়। পশ্চিম বংগৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা চিপিআই(এম)ৰ পলিটব্যুৰোৰ সদস্য য়েচুৰীয়ে মাৰ্ক্সবাদী নীতিৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে পৰিচিত আছিল । তেওঁ গোটেই ৰাজনৈতিক জীৱনত শ্ৰমিকৰ অধিকাৰ আৰু অৰ্থনৈতিক সমতাৰ পোষকতা কৰিছিল।

ৰতন টাটা (২৮ ডিচেম্বৰ, ১৯৩৭ – ৯ অক্টোবৰ, ২০২৪)

এই বছৰৰ দেশবাসীৰ বাবে আটাইতকৈ দুখজনক খবৰটো হ’ল ৰতন টাটাৰ মৃত্যু। টাটা কোম্পানীটোৰ নেতা তথা টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই যোৱা ৯ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। পুঁজিপতিসকলৰ লগত যদি ৰতন টাটাক ধৰা হয় তেন্তে তেওঁ এক সুকীয়া স্থান দখল কৰাৰ লগতে সমাজতো এক সুকীয়া পৰিচয় দি গৈছে ।

ওস্তাদ ৰছিদ খান (১ জুলাই, ১৯৬৮-৯ জানুৱাৰী, ২০২৪)

৫৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সংগীতৰ শিল্পী ওস্তাদ ৰছিদ খানে। যুগলবন্দী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ধাৰাক আগুৱাই লৈ যোৱা ক্ষেত্ৰত বিশেষ অৱদান আছিল হিন্দুস্তানী শাস্ত্ৰীয় গায়কগৰাকীৰ। পদ্মশ্ৰী, পদ্মভূষণ, সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল ৰছিদ খানে।

পংকজ উধাছ (১৭ মে,১৯৫১-২৬ ফেব্ৰুৱাৰী, ২০২৪)

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত প্ৰখ্যাত গজল গায়ক পংকজ উধাছৰ মৃত্যু হয়। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। ২০০৬ চনত সংগীতৰ প্ৰতি আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়। এই বছৰতে দেশীবাসীয়ে হেৰুৱালে এইগৰাকী প্ৰসিদ্ধ শিল্পীক ।

সুশীল কুমাৰ মোদী (৫ জানুৱাৰী,১৯৫২-১৩ মে’, ২০২৪)

কৰ্কট ৰোগৰ সৈতে যুঁজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ ৭২ বছৰ বয়সত মৃত্যু হয়। ২০০৫ চনৰ পৰা ২০১৩ চনলৈ আৰু তাৰ পিছত ২০১৭ চনৰ পৰা ২০২০ চনলৈ বিহাৰৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সুশীল কুমাৰ মোদীয়ে। বিহাৰৰ ৰাজনৈতিক পৰিৱেশ গঢ় দিয়া আৰু ৰাজ্যখনত বিজেপিক সাংগঠিকভাৱে শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সুশীল কুমাৰ মোদীয়ে ।

ৰামোজী ৰাও (১৬ নৱেম্বৰ, ১৯৩৬-৮জুন, ২০২৪)

প্ৰখ্যাত ব্যৱসায়ী তথা ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ ৮৭ বছৰ বয়সত মৃত্যু হয়। ৰামোজী ফিল্ম চিটি আৰু ইটিভি ভাৰত ডিজিটেল সংবাদ প্ৰতিষ্ঠানক প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ জগতলৈ তেওঁৰ বিশেষ অৱদান আছে । তেওঁৰ উদ্যোগসমূহে কৃষি,খাদ্য, পৰ্যটন আৰু খুচুৰা খণ্ডসমূহ সামৰি লৈছিল। ২০১৬ চনত তেওঁ সাংবাদিকতা, সাহিত্য, শিক্ষাৰ ক্ষেত্ৰত অৱদানৰ বাবে পদ্মভূষণ বঁটা লাভ কৰে।

নাটৱাৰ সিং (১৬ মে’,১৯৩১-১০ আগষ্ট,২০২৪)

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নটৱাৰ সিঙৰ ৯৩ বছৰ বয়সত মৃত্যু হয়। ১৯৫৩ চনত ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ত কৰ্মজীৱন আৰম্ভ কৰা সিঙে ১৯৮০ চনৰ আৰম্ভণিতে ৰাজনীতিত যোগদান কৰে । ১৯৮৪ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল নটৱাৰ সিঙক ।

জাকিৰ হুছেইন (৯ মাৰ্চ, ১৯৫১-১৫ ডিচেম্বৰ, ২০২৪)

৭৩ বছৰ বয়সত তবলা বাদক আৰু গ্ল’বেল মিউজিক আইকন জাকিৰ হুছেইনৰ মৃত্যু হয়। ভাৰতীয় শাস্ত্ৰীয় সংগীতক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে পৰিচিত হুছেইনে অনায়াসে পৰম্পৰাগত তবলা ছন্দক বিশ্বব্যাপী ধাৰাসমূহৰ সৈতে একত্ৰিত কৰিছিল । চাৰিবাৰৰ গ্ৰেমী বিজয়ী জাকিৰ হুছেইনে সুৰকাৰ, সংগীত প্ৰযোজক, অভিনেতা আৰু শিক্ষাবিদ হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং (২৬ ছেপ্টেম্বৰ, ১৯৩২-২৬ ডিচেম্বৰ, ২০২৪)

২৬ ডিচেম্বৰৰ নিশা দিল্লীৰ এইমছ হাস্পতালত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ। মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেখেতে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে । প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে মনমোহন সিঙে। বিত্তমন্ত্ৰী হিচাপে তেওঁ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ ভেটি স্থাপন কৰিছিল । তেওঁ দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল । সেয়েহে ড° মনমোহন সিঙক অৰ্থনৈতিক সংস্কাৰৰ মেগাষ্টাৰ বুলি কোৱা হয়।

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ 'অসম প্ৰকাশন পৰিষদ সাহিত্য বঁ‌টা'
গুৰ দিয়া চাহৰ স্বাস্থ্যৰ উপকাৰিতা কি ? শীতকালত কিয় খাব লাগে ? জানক
নতুন বছৰৰ প্ৰথম দিনটোত কৰক এই মন্ত্ৰৰ জপ, ধনেৰে ভৰিব আপোনাৰ ঘৰ!
মেলবৰ্ণ টেষ্টৰ পিছতে অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে যশপ্ৰীত বুমৰাহে, স্থান নহ’ল ৰোহিতৰ