বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈ জলপ্ৰপাতত উটি গ’ল যুৱকঃ অব্যাহত অনুসন্ধান অভিযান
জবলপুৰ জিলাৰ নিদান জলপ্ৰপাতৰ সমীপত একাংশ বন্ধুৰ সৈতে পিকনিকৰ বাবে গৈছিল যুৱকজন। জলপ্ৰপাতটোত গা ধুই থকাৰ সময়তে হঠাতে জলস্তৰ বৃদ্ধি পায় আৰু পানীৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়ে। সম্প্ৰতি সন্ধানহীন যুৱকজনৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বন্ধুৰ সৈতে পিকনিক খাবলৈ যোৱা এজন যুৱকে পিকনিকৰ আনন্দ উপভোগ কৰাৰ সময়তে উটি গ’ল জলপ্ৰপাতৰ কোবাল সোঁতত। এই ঘটনা সংঘটিত হৈছে জবলপুৰ জিলাৰ কাটাংগী থানা এলেকাৰ নিদান জলপ্ৰপাতত। জানিব পৰা মতে একাংশ বন্ধুৰ সৈতে পিকনিকৰ বাবে যোৱা যুৱকজনে পিকনিকস্থলীত থকা জলপ্ৰপাতটোত গা ধুই থকাৰ সময়তে হঠাতে জলস্তৰ বৃদ্ধি পায় আৰু পানীৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়ে। সম্প্ৰতি সন্ধানহীন যুৱকজনৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সূৰ্যকান্ত শৰ্মাই জানিবলৈ দিয়া মতে ডায়েল ১০০ৰ জৰিয়তে যুৱকজনৰ সৈতে পিকনিকলৈ যোৱা বন্ধুগণে আৰক্ষীক এই বিষয়ে অৱগত কৰে। এই বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল এছডিআৰএফ বাহিনীৰ সৈতে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে সন্ধানহীন যুৱকজন কাষৰীয়া কাটনি জিলাৰ পৰা জবলপুৰৰ নিদান জলপ্ৰাতৰ কাষত পিকনিকৰ বাবে বন্ধুবৰ্গৰ সৈতে উপস্থিত হৈছিল। সন্ধানহীন যুৱকজনৰ পৰিচয় গোপী ঠাকুৰ বুলি জানিব পৰা গৈছে। ১৮ বৰ্ষীয় যুৱকজনে জলপ্ৰপাতটোৰ তলত গা ধুই থকাৰ সময়তে হঠাতে জলপ্ৰপাতটোৰ পানী বৃদ্ধি পায় আৰু এই দ পানীত সোমাই পৰে গোপী।
পানীৰ সোঁতে মুহূৰ্ততে তেওঁক উটুৱাই নিয়ে। ইফালে লগতে থকা বন্ধুগণ এই আকস্মিক ঘটনাত আতংকিত হৈ পৰে যদিও গোপীৰ সন্ধানত তেওঁলোক পানীত নামি পৰে। বহু সময় ধৰি চেষ্টা চলোৱাৰ পিছতো কোনো শুংসূত্ৰ লাভ নকৰাত তেওঁলোকে ডায়েল ১০০ৰ জৰিয়তে আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লক্ষণীয়ভাৱে ২৪ ঘন্টাৰ ভিতৰত অঞ্চলটোত এয়া আছিল দ্বিতীয়টো এনে ঘটনা। ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া কাটাংগী থানা এলেকাত এটা নলাত ডুব গৈছিল এটি ৮ বছৰীয়া শিশু। এই নলাটো কিছু দূৰত হিৰণ নদীৰ লগত মিলি যায় বাবে আৰক্ষী তথা এছডিআৰএফে নদীতো অভিযান চলাইছে যদিও লাভ কৰা নাই শিশুটিৰ সন্ধান।
উল্লেখ্য যে বিগত কিছুদিন ধৰি জবলপুৰ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত অবিৰতভাৱে বৰষুণ দি আহিছে। বৰষুণৰ বাবে সকলো নদী, জান-জুৰিৰ পানী উপচি পৰিছে। এনে পৰিস্থিতিত জলাশয় আৰু জলপ্ৰপাতৰ কাষলৈ নাযাবলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে।