প্ৰতিদিনে ৰাতিপুৱা খাওক নৰসিংহৰ পাতৰ চাহ! আছে বহু উপকাৰী গুণ | Health benefits of drinking curry patta tea Assam news - Assam Tv9

প্ৰতিদিনে ৰাতিপুৱা খাওক নৰসিংহৰ পাতৰ চাহ! আছে বহু উপকাৰী গুণ

Published: 

10 Aug 2024 16:42 PM

নৰসিংহৰ পাত কেৱল সুগন্ধি আৰু সোৱাদৰে নহয়, পুষ্টিৰ ৰজা। ইয়াত থকা পুষ্টিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কম নহয়। সেয়েহে জানো আহক আহক নৰসিংহৰ পাতৰ চাহ খোৱাৰ লাভালাভবোৰ কি?

প্ৰতিদিনে ৰাতিপুৱা খাওক নৰসিংহৰ পাতৰ চাহ! আছে বহু উপকাৰী গুণ

প্ৰতিদিনে ৰাতিপুৱা খাওক নৰসিংহৰ পাতৰ চাহ!

Follow Us On

ভাৰতীয় পাকঘৰত খোৱা খাদ্যত প্ৰায়ে নৰসিংহৰ পাতৰ ব্যৱহাৰ কৰা হয়। নৰসিংহৰ পাতৰ গোন্ধে সাধাৰণ পাচলিৰো সোৱাদো বৃদ্ধি কৰে। এইকাৰণেই বেছিভাগে ঘৰত নৰসিংহৰ গছ ৰোপণ কৰে। যদি এই গছবিধ আপোনাৰ ঘৰত আছে, তেন্তে জানক ই কিমান পুষ্টিৰে পৰিপূৰ্ণ? লগতে জানক ৰাতিপুৱা দৈনিক এই পাতৰ চাহে আপোনাৰ স্বাস্থ্যৰ কিমান উপকাৰ কৰিব পাৰে?

নৰসিংহৰ পাত কেৱল সুগন্ধি আৰু সোৱাদৰে নহয়, পুষ্টিৰ ৰজা। ইয়াত আইৰণ কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, জিংক, মেগনেছিয়াম, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ইয়ো পোৱা যায়। যাৰ ফলত নৰসিংহৰ পাত কেৱল এক সোৱাদ বঢ়োৱাই নহয়, স্বাস্থ্যৰ বাবে ঔষধৰ দৰে কাম কৰে। গতিকে ৰাতিপুৱা দৈনিক নৰসিংহ পাতৰ চাহ খোৱাৰ লাভালাভ কি জানো আহক।

 

শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে

নৰসিংহৰ পাতৰ চাহে শৰীৰত আইৰণৰ যোগান ধৰে। সেয়েহে তেজৰ অভাৱ থকা সকলৰ বাবে ই অতি উপকাৰী। আইৰণে শৰীৰত হিমোগ্লোবিন উৎপাদনত সহায় কৰে। যিয়ে লোহিত ৰক্ত কণিকা গঠনত সহায় কৰে।

ছালত প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি

ৰাতিপুৱা দৈনিক নৰসিংহৰ পাতৰ চাহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থ ওলাই যায়। যিয়ে আভ্যন্তৰীণ অংগবোৰ স্বাস্থ্যৱান কৰি ৰাখে। লগতে ছালৰো উপকাৰ কৰে। নৰসিংহৰ পাতৰ চাহ খালে কেৱল ছালৰ প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধিয়ে নহয়, পিম্পল, ৰঞ্জকতাৰ দৰে সমস্যাৰ সম্ভাৱনাও হ্ৰাস হয়।

ওজন হ্ৰাস কৰাত সহায় কৰে

প্ৰত্যেক ৰাতিপুৱা নৰসিংহৰ পাতৰ চাহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ ওলাই যায় আৰু বিপাক বৃদ্ধি হয়। ই ওজন নিয়ন্ত্ৰণত সহায় কৰে, যিয়ে আপোনাক ফিট ৰাখে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়

নৰসিংহৰ পাতত বহুতো খনিজ পদাৰ্থৰ উপৰিও, ভিটামিন চি আৰু অন্যান্য ভিটামিন পোৱা যায় যি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে নৰসিংহৰ পাতৰ চাহ খোৱাটোও ভাইৰেল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম কৰে।

চুলি স্বাস্থ্যৱান আৰু মজবুত কৰে

নৰসিংহ পাতত থকা পুষ্টিবোৰ চুলিৰ বাবেও উপকাৰী। সেয়েহে নৰসিংহৰ পাতৰ চাহ খালে আপোনাৰ চুলি ভিতৰলৈ মজবুত হ’ব আৰু চুলি সৰাৰ পৰাও পৰিত্ৰাণ পাব। বহুতো চুলিৰ যত্নৰ সামগ্ৰীত এই পাতৰ ব্যৱহাৰ কৰা হয়।

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version