আজি পহিলা মাঘ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি, মঠ-মন্দিৰত সেৱা ল’লে ভক্তই…
ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন।সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা।বিভিন্ন মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা ভক্তৰ। অনুষ্ঠিত হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি।
উৰুকা নিশাৰ ভোজৰ পৰা আৰম্ভ কৰি ভেলাঘৰৰ মেজিৰ জুইৰ উত্তাপেৰে প্ৰতিগৰাকী অসমীয়াই আদৰণি জনালে মাঘ মাহক। ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন।সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ। অনুষ্ঠিত হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি। বৰপেটাকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আজিও জ্বলোৱা হৈছে মেজি। পঞ্চতীৰ্থ হাজোত আজি পালন হৈছে মণিকূট উৎসৱ।
সত্রনগৰী বৰপেটা সত্রত আজি পালন কৰা হৈছে মাঘ বিহু। জিলাখনৰ শতাধিক গাঁৱৰ ৰাইজে পালন কৰিছে মাঘ বিহু। বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত জ্বলিল মেজি। সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজেৰে প্ৰসংগৰ পিছত সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজেৰে ডবা বজাই জ্বলোৱা হয় মেজি। বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসৰ উপস্থিতিত প্ৰজ্বলন কৰা হয় মেজি। বিহু উপলক্ষে বৰপেটা সত্ৰত নাম-প্ৰসংগ ভকতসকলৰ। মাঘৰ প্ৰথম দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ সমাগম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ।
পহিলা মাঘত উদুলি-মুদুলি হৈছে শিৱসাগৰ ৰংঘৰৰ বাকৰি। পুৰনি পৰম্পৰাৰে জীপাল হ’ব ঐতিহাসিক ৰংঘৰৰ বাকৰি। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে পঞ্চদশ ৰংপুৰ মেলা আৰু শীতকালীন উৎসৱ ২০২৫। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা ৰংঘৰৰ বাকৰিত । আয়োজন কৰা হৈছে হুঁচৰি। মাঘ বিহু উপলক্ষে ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন। আজি ৰংপুৰ মেলাত অনুষ্ঠিত হ’ব ম’হ যুঁজ। উলেখ্য যে আহোম ৰাজত্বৰ কালৰে পৰা এছিয়াৰ প্ৰথমটো পেভিলিয়ন শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত ৰাজকীয় মৰ্য্যদাৰে উদযাপিত হৈ আহিছে মাঘ বিহু।
ইফালে তীৰ্থ নগৰী হাজোত সমন্বয়ৰ সমাহাৰ। হিন্দু-মুছলমানৰ মহামিলনৰ বাৰ্তাৰে উদুলি-মুদুলি তীৰ্থনগৰী। মণিকূট শোভাযাত্ৰাক লৈ উখল-মাখল হৈ পৰিছে তীৰ্থনগৰী হাজো। পোৱামক্কা দৰগাহ শ্বৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হৈছে সমন্বয় শোভাযাত্ৰা। বাৰেৰহণীয়া এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অসমৰ কেইবাগৰাকী তাৰকাৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাতো অনুষ্ঠিত হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি। শিৱসাগৰৰ লাকুৱা শিলাকুটিত ভোগালীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে খেল-ধেমালি। দোলাকাষৰীয়া নামঘৰৰ খেলপথাৰত পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন। ইফালে মাঘ মাহৰ প্ৰথমটো দিনটোত মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়, বশিষ্টাশ্ৰম,গণেশ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ, হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত শৰাই-নৈবদ্য অৰ্পণ কৰি প্ৰাৰ্থনা জনাই ভক্তই ৷ প্ৰতিবছৰে মৰিগাঁৱৰ আঁহতগুৰিত অনুষ্ঠিত হয় পৰম্পৰাগত ম’হ যুঁজ। কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বৰ্তমানো অনিশ্চয়তাত ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ ম’হযুঁজ।